৯ আগষ্টৰ পৰা দেশজুৰি হৰ ঘৰ তিৰংগা অভিযান ৰূপায়ণ

যোৱা ৯ আগষ্টৰ পৰা দেশজুৰি হৰ ঘৰ তিৰংগা অভিযান ৰূপায়ণ কৰা হৈছে। ৰাজ্যৰ প্ৰতিখন জিলাতে এই অভিযানৰ অধীনত বিভিন্ন কাৰ্যসূচী লোৱা হৈছে। ২০২২ চনত স্বাধীনতাৰ অমৃত মহোৎসৱ উদযাপনৰ অংশ হিচাপে আৰম্ভ কৰা এই অভিযান সম্প্ৰতি দেশৰ সৰ্ববৃহৎ ৰাজহুৱা অংশগ্রহণমূলক অভিযানলৈ পৰিণত হৈছে। এই অভিযানে সকলো নাগৰিকক ত্ৰিৰংগ পতাকাক ভাৰতৰ একতা, সন্মান আৰু সামূহিক ৰাষ্ট্ৰীয় পৰিচয়ৰ চিহ্ন হিচাপে উদযাপনৰ বাবে অনুপ্ৰাণিত কৰি আহিছে। এই বছৰ ৰাষ্ট্ৰীয় গীত বন্দে মাতৰমৰ ডেৰশ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে হৰ ঘৰ ত্ৰিৰংগা অভিযানে বিশেষ গুৰুত্ব বহন কৰিছে।

ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্যই এই অভিযানৰ অংশ হিচাপে অসমবাসীক নিজৰ বাসগৃহত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিবলৈ আহ্বান জনাইছে। তেওঁ কয়, যে ত্ৰিৰংগ পতাকা দেশবাসীৰ বাবে সন্মান, গৌৰৱ আৰু স্বাভিমানৰ প্ৰতীক। এই পতাকাই জনসাধাৰণক দেশৰ প্ৰতি দায়বদ্ধ হ’বলৈ উৎসাহিত কৰা বুলি তেঁও কয়।

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি নিজৰ বাসগৃহত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি এই অভিযানত অংশগ্ৰহণ কৰে।

কোকৰাঝাৰ জিলাত হৰ ঘৰ তিৰংগা অভিযানৰ সৈতে সংগতি ৰাখি মটৰ চাইকেল সমদল উলিওৱা হৈছে। ইয়াৰ লগতে সজাগতা সৃষ্টিৰ বাবে বাটৰ নাট প্ৰদৰ্শন কৰা হৈছে। আজি কোকৰাঝাৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে।

নগাঁও জিলাতো প্রশাসনে হৰ ঘৰ তিৰংগা অভিযানৰ অংশ হিচাপে আজি মটৰ চাইকেল সমদল উলিয়ায়। জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰা উলিওৱা এই সমদল জিলাখনৰ আয়ুক্ত দেৱাশীষ শৰ্মাই মুকলি কৰে।

শ্রীভূমি জিলাত এই অভিযান অধিক জনমুখী কৰি তোলাৰ বাবে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত আত্ম-সহায়ক গোটৰ সদস্যসকলে ত্ৰিৰংগ পতাকা বিক্ৰী কেন্দ্ৰ মুকলি কৰিছে। জিলা প্রশাসনে জনসাধাৰণক এই কেন্দ্ৰসমূহৰ পৰা পতাকা ক্ৰয় কৰিবলৈ আহ্বান জনাইছে।

গোলাঘাট জিলাৰ মেৰাপানী সীমান্তত নিয়োজিত চি আৰ পি এফৰ উদ্যোগত আজি মেৰাপানীত সজাগতা চাইকেল সমদল উলিওৱা হয়। এই সমদলত স্থানীয় কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়েও অংশগ্ৰহণ কৰে। ইপিনে, কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত আজি জিলাখনত বন্দে মাতৰম গীতটি সমূহীয়াভাৱে পৰিৱেশন কৰা হয় ৷