হৰ ঘৰ তিৰংগা অভিযানে দেশৰ সমূহীয়া শক্তি, নাগৰিকৰ একতা আৰু বিকশিত ভাৰত গঢ়াৰ প্ৰচেষ্টাক প্ৰতিফলিত কৰে বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কালি প্ৰকাশ কৰিছে।
সামাজিক মাধ্যমত এটা পোষ্টযোগে শ্রীশ্বাহে কয়, যে এইবছৰ বন্দে মাতৰমৰ ১৫০ বছৰীয়া জয়ন্তীৰ লগত সংগতি ৰাখি আয়োজন কৰা এই অভিযানে প্ৰতিগৰাকী দেশপ্ৰেমিকৰ হৃদয়ক স্পৰ্শ কৰিছে।
ত্ৰিৰংগ যাত্ৰা আৰু বন্দে মাতৰম পৰিবেশনৰে এই অভিযানত সকলোকে অংশগ্রহণ কৰিবলৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আহ্বান জনাইছে। তেওঁ লগতে ত্ৰিৰংগ পতাকা উত্তোলন কৰি হৰ ঘৰ তিৰংগা ডট কমত ছেলফি আপলোড কৰিবলৈ ও জনসাধাৰণক আহ্বান জনায়।