October 21, 2026 8:28 PM

views 1

চৰকাৰে ২০২৯ চনৰ ৩১ ডিচেম্বৰৰ ভিতৰত ভাৰতৰ পৰা মাদক দ্ৰব্যৰ ভয়াৱহতা নির্মূল কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছেঃ গৃহমন্ত্রী

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কয় যে চৰকাৰে ২০২৯ চনৰ ৩১ ডিচেম্বৰৰ ভিতৰত ভাৰতৰ পৰা মাদক দ্ৰব্যৰ ভয়াৱহতা নির্মূল কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। আৰক্ষী স্মৃতি দিৱস উপলক্ষে নতুন দিল্লীৰ ৰাষ্ট্ৰীয় আৰক্ষী স্মাৰকত আয়োজিত অনুষ্ঠানত ভাষণ দি শ্ৰীশ্বাহে দেশৰ সকলো আৰক্ষী বাহিনীক ২০২৯ চনৰ শেষলৈ মাদক দ্ৰব্যৰ ভয়াৱহতাৰ পৰা মুক্ত হোৱাৰ দিশত কাম কৰিবলৈ আহ্বান জনায়। তেওঁ এই বিষয়টোক এটা গুৰুত্বপূৰ্ণ প্ৰত্যাহ্বান বুলি উল্লেখ কৰি কয় যে মাদক দ্রব্যই ভৱিষ্যৎ প্ৰজন্মক নষ্ট কৰাৰ লগতে অৰ্থনীতিত অনাৱশ্যক বোজাৰ সৃষ্...

October 20, 2026 5:25 PM

views 2

মানচাৰ মাদকদ্রব্য বিৰোধী কর্মী পৰবিন্দৰ সিং ঝুটাৰ হত্যাকাণ্ডৰ গোচৰ চিবিআইক অৰ্পনৰ কথা প্ৰকাশ পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ

পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে আজি চৰকাৰে মানচাৰ মাদকদ্রব্য বিৰোধী কর্মী পৰবিন্দৰ সিং ঝুটাৰ হত্যাকাণ্ডৰ গোচৰ কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা - চি বি আইক অৰ্পন কৰা বুলি ঘোষণা কৰে। সামাজিক মাধ্যমৰ এটা বিবৃতিত মুখ্যমন্ত্রী শ্রী মানে কয়, যে চৰকাৰ পৰবিন্দ সিঙৰ পৰিয়ালৰ সৈতে আছে আৰু পৰিয়ালৰ দাবী চৰকাৰে মানি লৈ তেওঁৰ মৃত্যুৰ তদন্তভাৰ চি বি আইক অর্পণ কৰিছে। তেওঁ কয়, যে পাঞ্জাৱক মাদকদ্রব্য বিৰোধী মুক্ত ৰাজ্য হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত ল'বলগীয়া প্রয়োজনীয় পদক্ষেপ সন্দৰ্ভত চৰকাৰে সকলো ব্যৱস্থাই গ্রহ...

October 19, 2026 12:18 PM

views 6

পাঞ্জাবৰ আপ চৰকাৰে ৰাজ্যখনক ড্ৰাগছৰ অটল গহ্বৰলৈ ঠেলি দিছে : গৃহমন্ত্রী অমিত শ্বাহ

পাঞ্জাবৰ আপ চৰকাৰখনে ৰাজ্যখনক ড্ৰাগছৰ অটল গহ্বৰলৈ ঠেলি দিয়া বুলি গৃহমন্ত্রী অমিত শ্বাহে অভিযোগ উত্থাপন কৰিছে। তেওঁ কৈছে যে, ইয়াৰ ফলস্বৰূপে, বহুতো পৰিয়ালে নিজৰ সন্তানসকলক হেৰুৱাবলগীয়া হৈছে। সামাজিক মাধ্যমৰ এটা বার্তাত শ্রীশ্বাহে কয় যে, শেহতীয়াকৈ মানচা, সংগ্ৰুৰ আৰু গুৰদাসপুৰত ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰাৰ সময়ত প্রাণ হেৰুওৱা লোকসকলৰ পৰিয়ালৰ সদস্যসকলক তেওঁ কাইলৈ সাক্ষাৎ কৰিব। ড্ৰাগছৰ ভয়াবহতাৰ বিৰুদ্ধে উত্থাপিত কণ্ঠ ৰোধ কৰাৰ প্ৰয়াস কেতিয়াও সফল নহ'ব বুলি উল্লেখ কৰি তেওঁ কয়যে, ৰাজ্...

October 3, 2026 6:15 PM

views 8

কুখ্যাত মাদক দ্রব্য সৰবৰাহকাৰী নৱপ্ৰীত সিঙক তুৰস্কৰ পৰা ভাৰতলৈ সফলতাৰে ঘূৰাই আনিবলৈ সমৰ্থঃ গৃহমন্ত্রী

চৰকাৰে কুখ্যাত মাদক দ্রব্য সৰবৰাহকাৰী নৱপ্ৰীত সিঙক তুৰস্কৰ পৰা ভাৰতলৈ সফলতাৰে ঘূৰাই আনিবলৈ সমৰ্থ হৈছে। দেশৰ বিধি বলৱৎকাৰী সংস্থাসমূহৰ এই সাফল্যৰ বিষয়ে সামাজিক মাধ্যমযোগে অৱগত কৰি কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে কয়, যে নৱপ্ৰীত সিঙেনৱাব ৱিৰ্কৰ ভুৱা পৰিচয়ৰে তুৰস্কৰ নাগৰিকত্ব লাভ কৰি আফগানিস্তানৰ পৰা ভাৰতলৈ হেৰ’ইন আৰু মেথমেটামাইন সৰবৰাহ কৰি আহিছিল। তেওঁ কয়, যে বিধি বলৱৎকাৰী সংস্থাসমূহে সকলোধৰণে প্ৰয়াস চলাই অপৰাধীজনৰ প্ৰকৃত পৰিচয় উদঙাই তেওঁৰ প্ৰত্যপূৰ্ণ সম্ভৱ কৰি তুলিছে। মাদকদ্রব্য সৰবৰাহ আৰু...

October 3, 2026 9:13 PM

views 6

গোপালক আৰু নতুন ফৌজদাৰী আইন সংক্রান্তীয় কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা গৃহমন্ত্ৰী অমিত শ্বাহৰ

ভূপালত আজি কেন্দ্রীয় গৃহমন্ত্ৰী অমিত শ্বাহে গোপালক আৰু নতুন ফৌজদাৰী আইন সংক্রান্তীয় কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে। ভূপালৰ ভেল দশেৰা খেলপথাৰত ৰাজ্যিক পৰ্যায়ৰ গোপালক সন্মিলনত ভাষণ দিয়ে। ৰাজ্যখনৰ ১১খন জিলাৰ ৩৫ হাজাৰ গোপালকে অংশগ্ৰহণ কৰা এই সন্মিলনত মন্ত্ৰীগৰাকীয়ে গোশালাসমূহৰ বাবে ১০১ কোটি টকা প্ৰদান কৰিব বুলি ঘোষণা কৰে। শ্ৰীশ্বাহে লগতে ভার্চুৱেল ব্যৱস্থাৰে ২৫৫ কোটি টকা ব্যয় সাপেক্ষে উজ্জয়িনীত নিৰ্মাণ কৰিবলগীয়া এটা দুগ্ধ প্ৰকল্পৰো আধাৰশিলা স্থাপন কৰে। তেওঁ কয়, যে ভূপালত ১২ কোটি টকা ব্যয়ে...

September 22, 2026 3:59 PM

views 8

মাদক দ্রব্য নিবাৰণী কৰ্মবাহিনীৰ বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুৰব্বীসকলৰ তৃতীয় ৰাষ্ট্ৰীয় সমাৰোহ উদ্বোধন গৃহমন্ত্রী অমিত শ্বাহৰ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি নতুন দিল্লীত মাদক দ্রব্য নিবাৰণী কৰ্মবাহিনী, এ এন টি এফৰ বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুৰব্বীসকলৰ তৃতীয় ৰাষ্ট্ৰীয় সমাৰোহ উদ্বোধন কৰে। এই দুদিনীয়া সমাৰোহত ড্ৰাগছৰ কবলৰ পৰা ভৱিষ্যত প্ৰজন্মক সুৰক্ষা দিয়াৰ বাবে শক্তিশালী মঞ্চ তৈয়াৰত গুৰুত্ব দিয়া হ'ব। মাদক দ্রব্য নিয়ন্ত্রণ ব্যুৰোই আয়োজন কৰা এই সমাৰোহত এ এন টি এফৰ ৩৬ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুৰব্বীসকল উপস্থিত আছে। সংহত সমাধান, দায়িত্ববোধৰ ভাগ বাটোৱাৰাক মূল বিষয় হিচাপে লৈ আয়োজিত...

September 13, 2026 8:18 PM

views 8

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কাইলৈ মুম্বাইত ষষ্ঠ সৰ্বভাৰতীয় চৰকাৰী ভাষা সন্মিলন আৰু হিন্দী দিৱস ২০২৬ৰ আৰম্ভণি সত্ৰত ভাষণ দিব

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কাইলৈ মুম্বাইত ষষ্ঠ সৰ্বভাৰতীয় চৰকাৰী ভাষা সন্মিলন আৰু হিন্দী দিৱস ২০২৬ৰ আৰম্ভণি সত্ৰত ভাষণ দিব। গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনত চৰকাৰী ভাষা বিভাগে দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা এই সন্মিলনৰ জৰিয়তে হিন্দী ভাষাৰ সংবর্ধনৰ লগতে অন্যান্য ভাৰতীয় ভাষাসমূহৰ লগতে হিন্দীৰ সমন্বয় সন্দৰ্ভত আলোচনা কৰিবলৈ বিশেষজ্ঞ, ভাষাবিদ, শিক্ষাবিদ তথা চৰকাৰী জ্যেষ্ঠ বিষয়াসকলে সুযোগ পাব। আৰম্ভণিৰ অধিবেশনত শ্রীশ্বাহে হিন্দী ভাষাৰ ব্যৱহাৰ আৰু সংবর্ধনৰ ক্ষেত্ৰত আগবঢ়োৱা বৰঙণিৰ বাবে কেইবাগৰাকীও ব...

September 12, 2026 4:53 PM

views 9

শ্ৰী গুৰু গ্ৰন্থ চাহিবৰ প্ৰকাশ পর্ব উপলক্ষে দেশবাসীলৈ গৃহমন্ত্রী অমিত শ্বাহৰ শুভেচ্ছা

শ্ৰী গুৰু গ্ৰন্থ চাহিবৰ প্ৰকাশ পর্ব উপলক্ষে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টযোগে শ্ৰী শ্বাহে কয়, যে শ্ৰী গুৰুগোবিন্দ সিঙে শ্ৰীগুৰু গ্ৰন্থ চাহিবক গুৰুৰ মৰ্যাদা প্ৰদান কৰি জীৱনৰ পথ প্ৰদৰ্শন – জ্ঞান, সত্য আৰু নীতিৰ পৰাই আহে বুলি প্ৰকাশ কৰিছে। এই শাস্ত্ৰখনে সেৱা, ত্যাগ, সমতা, মানৱতা আদি অমূল্য শিক্ষা আগবঢ়াইছে, যিয়ে সমাজখনক সদায়েই মানৱ কল্যাণৰ বাবে কাম কৰিবলৈ অনুপ্ৰাণিত কৰি আহিছে বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। প্ৰতিৰক্ষা ...

August 19, 2026 8:24 PM

views 22

গৃহমন্ত্রী অমিত শ্বাহে কাইলৈ তামিলনাডুৰ মহাৱলীপূৰমত দক্ষিণ খণ্ড পৰিষদৰ বৈঠকত সভাপতিত্ব কৰিব

গৃহমন্ত্রী অমিত শ্বাহে কাইলৈ তামিলনাডুৰ মহাৱলীপূৰমত দক্ষিণ খণ্ড পৰিষদৰ বৈঠকত সভাপতিত্ব কৰিব। এই পৰিষদত অন্ধ্ৰপ্ৰদেশ, কৰ্ণাটক, কেৰালা, তামিলনাডু আৰু তেলেংগানাৰ লগতে কেন্দ্ৰীয় শাসিত অঞ্চল পুডুচেৰী, আন্দামান নিকোবৰ আৰু লক্ষদ্বীপ সন্নিবিষ্ট আছে। দক্ষিণ অঞ্চলৰ সদস্য ৰাষ্ট্ৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ উপৰাজ্যপাল, মুখ্যমন্ত্ৰী, প্ৰশাসকসকলৰ লগতে প্ৰতিখন ৰাজ্যৰ দুজন জ্যেষ্ঠ মন্ত্ৰীয়ে অংশগ্ৰহণ কৰিব। গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে এই বৈঠকৰ বাবে মুখ্য সচিব পৰ্যায়ৰ এখন স্থায়ী সমিতি গঠন কৰা হৈছে। প্ৰধান...

August 19, 2026 6:46 PM

views 22

গৃহমন্ত্রী অমিত শ্বাহে ত্ৰিপুৰাৰ মহাৰাজ বীৰ বিক্ৰম কিশোৰ মাণিক্য বাহাদুৰৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি জনাইছে

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি ত্ৰিপুৰাৰ মহাৰাজ বীৰ বিক্ৰম কিশোৰ মাণিক্য বাহাদুৰৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীশ্বাহে কয়, যে মহাৰাজ মাণিক্য বাহাদুৰ এগৰাকী দূৰদৰ্শী নেতা হোৱাৰ লগতে প্ৰশাসনক জনসাধাৰণৰ কাষলৈ লৈ যোৱাৰ পোষকতা কৰিছিল। মহাৰাজ মাণিক্য বাহাদুৰক আধুনিক ত্ৰিপুৰাৰ খনিকৰ বুলি অভিহিত কৰাৰ লগতে তেওঁ শিক্ষা, আন্তঃগাঁথনি আৰু প্ৰশাসন ব্যৱস্থালৈ যথেষ্ট বৰঙণি আগবঢ়োৱাৰ কথা উল্লেখ কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয়, যে মহাৰাজ মাণিক্য বাহাদুৰৰ এই বৰঙণিয়ে ...