শ্বেত বিপ্লৱৰ বাটকটীয়া তথা সমবায় আন্দোলনৰ গুৰি ধৰোতা ত্রিভূবনদাস পেটেলৰ জয়ন্তীত গৃহমন্ত্রী অমিত শ্বাহৰ শ্ৰদ্ধা জ্ঞাপন

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি দেশত শ্বেত বিপ্লৱৰ বাটকটীয়া তথা সমবায় আন্দোলনৰ গুৰি ধৰোতা ত্রিভূবনদাস পেটেলৰ জয়ন্তীত শ্ৰদ্ধা জ্ঞাপন কৰিছে।

সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীশ্বাহে কয় যে চৰ্দাৰ বল্লভভাই পেটেলৰ নেতৃত্বত ত্রিভূবনদাস পেটেলে ১৯৪৬ চনত খেড়া জিলা সমবায় দুগ্ধ উৎপাদন সংস্থা স্থাপনৰ গুৰি ধৰিছিল।

বৰ্তমান এই সংস্থা আমূলৰূপে পৰিচিত হৈছে যি ৩৬ লাখতকৈ অধিক কৃষক তথা ভালেসংখ্যক মহিলাৰ সমৃদ্ধিৰ ভেটি হৈ পৰিছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে প্রয়াত ত্রিভূবনদাস পেটেলৰ স্মৃতিত গুজৰাটৰ আনন্দত দেশত প্ৰথমখন ৰাষ্ট্ৰীয় সমবায় বিশ্ববিদ্যালয় ত্রিভূবনদাস সমবায় বিশ্ববিদ্যালয় স্থাপন কৰা হৈছে।

এই বিশ্ববিদ্যালয়ত সমবায় খণ্ডত কাম কৰাৰ বাবে প্ৰশিক্ষণৰ সুবিধা আছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।