পাঞ্জাবৰ আপ চৰকাৰখনে ৰাজ্যখনক ড্ৰাগছৰ অটল গহ্বৰলৈ ঠেলি দিয়া বুলি গৃহমন্ত্রী অমিত শ্বাহে অভিযোগ উত্থাপন কৰিছে। তেওঁ কৈছে যে, ইয়াৰ ফলস্বৰূপে, বহুতো পৰিয়ালে নিজৰ সন্তানসকলক হেৰুৱাবলগীয়া হৈছে। সামাজিক মাধ্যমৰ এটা বার্তাত শ্রীশ্বাহে কয় যে, শেহতীয়াকৈ মানচা, সংগ্ৰুৰ আৰু গুৰদাসপুৰত ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰাৰ সময়ত প্রাণ হেৰুওৱা লোকসকলৰ পৰিয়ালৰ সদস্যসকলক তেওঁ কাইলৈ সাক্ষাৎ কৰিব।
ড্ৰাগছৰ ভয়াবহতাৰ বিৰুদ্ধে উত্থাপিত কণ্ঠ ৰোধ কৰাৰ প্ৰয়াস কেতিয়াও সফল নহ’ব বুলি উল্লেখ কৰি তেওঁ কয়যে, ৰাজ্যখনৰ জনসাধাৰণে ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিব। তেওঁ কয় যে ড্ৰাগছ সৰবৰাহকাৰীসকলক শীঘ্ৰেই চিনাক্ত কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰা হ’ব আৰু পঞ্জাবকে ধৰি সমগ্ৰ দেশখন ড্ৰাগছৰ অভিশাপৰ পৰা মুক্ত নোহোৱালৈকে চৰকাৰে ইয়াৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিব।