কুখ্যাত মাদক দ্রব্য সৰবৰাহকাৰী নৱপ্ৰীত সিঙক তুৰস্কৰ পৰা ভাৰতলৈ সফলতাৰে ঘূৰাই আনিবলৈ সমৰ্থঃ গৃহমন্ত্রী

চৰকাৰে কুখ্যাত মাদক দ্রব্য সৰবৰাহকাৰী নৱপ্ৰীত সিঙক তুৰস্কৰ পৰা ভাৰতলৈ সফলতাৰে ঘূৰাই আনিবলৈ সমৰ্থ হৈছে। দেশৰ বিধি বলৱৎকাৰী সংস্থাসমূহৰ এই সাফল্যৰ বিষয়ে সামাজিক মাধ্যমযোগে অৱগত কৰি কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে কয়, যে নৱপ্ৰীত সিঙেনৱাব ৱিৰ্কৰ ভুৱা পৰিচয়ৰে তুৰস্কৰ নাগৰিকত্ব লাভ কৰি আফগানিস্তানৰ পৰা ভাৰতলৈ হেৰ’ইন আৰু মেথমেটামাইন সৰবৰাহ কৰি আহিছিল।

তেওঁ কয়, যে বিধি বলৱৎকাৰী সংস্থাসমূহে সকলোধৰণে প্ৰয়াস চলাই অপৰাধীজনৰ প্ৰকৃত পৰিচয় উদঙাই তেওঁৰ প্ৰত্যপূৰ্ণ সম্ভৱ কৰি তুলিছে। মাদকদ্রব্য সৰবৰাহ আৰু অন্য অপৰাধৰ সৈতে জড়িত কেইবাটাও গোচৰ সংক্ৰান্তত নৱপ্ৰীত সিঙক কাৰাৰুদ্ধ কৰা হৈছে বুলি গৃহমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। শ্ৰী শ্বাহে কয়, যে কেন্দ্ৰীয় চৰকাৰে পলাতক অপৰাধীসকলক ভাৰতলৈ ঘূৰাই অনাৰ বাবে সমন্বিত অভিযান আৰম্ভ কৰিছে।

তেওঁ লগতে কয়, যে ২০১৯ চনৰ যোৱা আগষ্টলৈকে ৩৬ খন দেশৰ পৰা মুঠ ২৮৮ জন পলাতক অপৰাধী ভাৰতলৈ ঘূৰাই অনা হৈছে। বৰ্তমান চৰকাৰে পলাতক অপৰাধীসকলৰ প্ৰত্যপূৰ্ণৰ বিষয়টো ৰাষ্ট্ৰীয় অগ্ৰাধিকাৰ হিচাপে লৈছে বুলি উল্লেখ কৰি শ্ৰী শ্বাহে কয়, যে পূৰ্বৰ চৰকাৰসমূহৰ দিনত পলাতক অপৰাধীসকলক ঘূৰাই অনাৰ ক্ষেত্ৰত ৰাজনৈতিক সদিচ্ছাৰ অভাৱ দেখা গৈছিল।

শ্ৰী শ্বাহে পলাতক অপৰাধীসকলৰ বিৰুদ্ধে শক্তিশালী সমন্বয়, দক্ষ কূটনীতি আৰু বিশ্বৰ বিভিন্ন দেশৰ সৈতে যোগাযোগৰ তিনি তৰপীয়া কৌশলৰ পোষকতা কৰে। এই সাফল্যৰ বাবে সকলো সংস্থাক অভিনন্দন জনাই শ্রী শ্বাহে কয়, যে ২০২৯ চনৰ পূৰ্বে মাদকদ্ৰব্যৰ সৈতে জড়িত প্ৰতিটো চক্ৰক উৎখাত কৰিবলৈ চৰকাৰ বদ্ধপৰিকৰ।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।