October 3, 2026 6:15 PM

views 11

কুখ্যাত মাদক দ্রব্য সৰবৰাহকাৰী নৱপ্ৰীত সিঙক তুৰস্কৰ পৰা ভাৰতলৈ সফলতাৰে ঘূৰাই আনিবলৈ সমৰ্থঃ গৃহমন্ত্রী

চৰকাৰে কুখ্যাত মাদক দ্রব্য সৰবৰাহকাৰী নৱপ্ৰীত সিঙক তুৰস্কৰ পৰা ভাৰতলৈ সফলতাৰে ঘূৰাই আনিবলৈ সমৰ্থ হৈছে। দেশৰ বিধি বলৱৎকাৰী সংস্থাসমূহৰ এই সাফল্যৰ বিষয়ে সামাজিক মাধ্যমযোগে অৱগত কৰি কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে কয়, যে নৱপ্ৰীত সিঙেনৱাব ৱিৰ্কৰ ভুৱা পৰিচয়ৰে তুৰস্কৰ নাগৰিকত্ব লাভ কৰি আফগানিস্তানৰ পৰা ভাৰতলৈ হেৰ’ইন আৰু মেথমেটামাইন সৰবৰাহ কৰি আহিছিল। তেওঁ কয়, যে বিধি বলৱৎকাৰী সংস্থাসমূহে সকলোধৰণে প্ৰয়াস চলাই অপৰাধীজনৰ প্ৰকৃত পৰিচয় উদঙাই তেওঁৰ প্ৰত্যপূৰ্ণ সম্ভৱ কৰি তুলিছে। মাদকদ্রব্য সৰবৰাহ আৰু...

October 3, 2026 9:13 PM

views 8

গোপালক আৰু নতুন ফৌজদাৰী আইন সংক্রান্তীয় কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা গৃহমন্ত্ৰী অমিত শ্বাহৰ

ভূপালত আজি কেন্দ্রীয় গৃহমন্ত্ৰী অমিত শ্বাহে গোপালক আৰু নতুন ফৌজদাৰী আইন সংক্রান্তীয় কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে। ভূপালৰ ভেল দশেৰা খেলপথাৰত ৰাজ্যিক পৰ্যায়ৰ গোপালক সন্মিলনত ভাষণ দিয়ে। ৰাজ্যখনৰ ১১খন জিলাৰ ৩৫ হাজাৰ গোপালকে অংশগ্ৰহণ কৰা এই সন্মিলনত মন্ত্ৰীগৰাকীয়ে গোশালাসমূহৰ বাবে ১০১ কোটি টকা প্ৰদান কৰিব বুলি ঘোষণা কৰে। শ্ৰীশ্বাহে লগতে ভার্চুৱেল ব্যৱস্থাৰে ২৫৫ কোটি টকা ব্যয় সাপেক্ষে উজ্জয়িনীত নিৰ্মাণ কৰিবলগীয়া এটা দুগ্ধ প্ৰকল্পৰো আধাৰশিলা স্থাপন কৰে। তেওঁ কয়, যে ভূপালত ১২ কোটি টকা ব্যয়ে...

September 22, 2026 3:59 PM

views 10

মাদক দ্রব্য নিবাৰণী কৰ্মবাহিনীৰ বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুৰব্বীসকলৰ তৃতীয় ৰাষ্ট্ৰীয় সমাৰোহ উদ্বোধন গৃহমন্ত্রী অমিত শ্বাহৰ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি নতুন দিল্লীত মাদক দ্রব্য নিবাৰণী কৰ্মবাহিনী, এ এন টি এফৰ বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুৰব্বীসকলৰ তৃতীয় ৰাষ্ট্ৰীয় সমাৰোহ উদ্বোধন কৰে। এই দুদিনীয়া সমাৰোহত ড্ৰাগছৰ কবলৰ পৰা ভৱিষ্যত প্ৰজন্মক সুৰক্ষা দিয়াৰ বাবে শক্তিশালী মঞ্চ তৈয়াৰত গুৰুত্ব দিয়া হ'ব। মাদক দ্রব্য নিয়ন্ত্রণ ব্যুৰোই আয়োজন কৰা এই সমাৰোহত এ এন টি এফৰ ৩৬ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুৰব্বীসকল উপস্থিত আছে। সংহত সমাধান, দায়িত্ববোধৰ ভাগ বাটোৱাৰাক মূল বিষয় হিচাপে লৈ আয়োজিত...

September 12, 2026 4:53 PM

views 11

শ্ৰী গুৰু গ্ৰন্থ চাহিবৰ প্ৰকাশ পর্ব উপলক্ষে দেশবাসীলৈ গৃহমন্ত্রী অমিত শ্বাহৰ শুভেচ্ছা

শ্ৰী গুৰু গ্ৰন্থ চাহিবৰ প্ৰকাশ পর্ব উপলক্ষে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টযোগে শ্ৰী শ্বাহে কয়, যে শ্ৰী গুৰুগোবিন্দ সিঙে শ্ৰীগুৰু গ্ৰন্থ চাহিবক গুৰুৰ মৰ্যাদা প্ৰদান কৰি জীৱনৰ পথ প্ৰদৰ্শন – জ্ঞান, সত্য আৰু নীতিৰ পৰাই আহে বুলি প্ৰকাশ কৰিছে। এই শাস্ত্ৰখনে সেৱা, ত্যাগ, সমতা, মানৱতা আদি অমূল্য শিক্ষা আগবঢ়াইছে, যিয়ে সমাজখনক সদায়েই মানৱ কল্যাণৰ বাবে কাম কৰিবলৈ অনুপ্ৰাণিত কৰি আহিছে বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। প্ৰতিৰক্ষা ...

July 17, 2026 2:40 PM

views 30

৩ দিনীয়া ভ্রমণসূচীৰে পশ্চিমবংগলৈ গৃহমন্ত্রী অমিত শ্বাহ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ তিনিদিনীয়া ভ্রমণসূচী লৈ আজি নিশা পশ্চিমবংগলৈ আহিব। তেওঁ শিলিগুড়িৰ বাগদোগ্রা বিমান বন্দৰত নিশা ৯ বজাত অৱতৰণ কৰিব আৰু কদমতলাত থকা সীমান্ত সুৰক্ষা বাহিনীৰ সীমান্ত মুখ্য কাৰ্যালয়ত নিশাটো কটাব। কাইলৈ শ্ৰী শ্বাহ জামাগচৰ সীমাচকীত থকা বি এছ এফৰ অষ্টাদশ বেটেলিয়নলৈ যাব। তাত তেওঁ পাহাৰী সন্মিলনত ভাষণ দিয়াৰ লগতে গছপুলি ৰোপণ, আধাৰশিলা স্থাপন, বিভিন্ন প্ৰকল্পৰ উদ্বোধন কৰিব। শ্ৰী শ্বাহে বি এছ এফৰ জোৱানসকলৰ সৈতেও মত-বিনিময় কৰিব৷ গৃহমন্ত্ৰীগৰাকীয়ে শিলিগুড়িৰ উত্তৰ কন্যাত এ...

July 11, 2026 8:58 PM

views 24

যিকোনো ব্যক্তিৰ ব্যক্তিত্ব গঢ়াৰ ক্ষেত্ৰত গ্ৰন্থাগাৰৰ ভূমিকাত আলোকপাত কৰি নৱ প্ৰজন্মক গ্রন্থাগাৰৰ সৈতে সংযোগ স্থাপনৰ বাবে গৃহমন্ত্রী অমিত শ্বাহৰ আহ্বান

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে যিকোনো ব্যক্তিৰ ব্যক্তিত্ব গঢ়াৰ ক্ষেত্ৰত গ্ৰন্থাগাৰৰ ভূমিকাত আলোকপাত কৰি নৱ প্ৰজন্মক গ্রন্থাগাৰৰ সৈতে সংযোগ স্থাপনৰ বাবে আহ্বান জনাইছে। নতুন দিল্লীত আজি জয়প্ৰকাশ নাৰায়ণ ৰাজহুৱা গ্ৰন্থাগাৰ উদ্বোধন কৰি শ্ৰীশ্বাহে কয় যে লোকনায়ক জয়প্রকাশ নাৰায়ণ হৈছে এগৰাকী মহান স্বাধীনতা সংগ্রামী, চিন্তাবিদ, আৰু জাতীয় নেতা যিয়ে দেশৰ বাবে উল্লেখযোগ্য অৱদান আগবঢ়াই থৈ গৈছে। দেশ আৰু ইয়াৰ জনসাধাৰণক বুজাৰ বাবে অধ্যয়ন অতি প্রয়োজনীয় বুলি তেওঁ উল্লেখ কৰে। ৰাষ্ট্ৰ নিৰ্মাণত পুথিভ...

January 13, 2026 9:05 PM

views 62

ভাৰতে জৈৱ প্ৰযুক্তিৰ ক্ষেত্ৰত অভূতপূর্ব বৃদ্ধি লাভ কৰিছে: অমিত শ্বাহ

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহে কয়, যে ভাৰতে জৈৱ প্ৰযুক্তিৰ ক্ষেত্ৰত অভূতপূর্ব বৃদ্ধি লাভ কৰিছে, যিয়ে দেশৰ বাবে বিশেষ সুযোগ প্ৰদান কৰিছে। গান্ধীনগৰ জিলাৰ পেঠাপুৰত গুজৰাট বায়'টেকন'লজি ৰিচাৰ্ছ চেণ্টাৰৰ বি এছ এল ৪ বায়'কণ্টেইনমেণ্ট ফেচিলিটী উদ্বোধন কৰি শ্ৰীশ্বাহে এনেদৰে কয়। শ্ৰীশ্বাহে লগতে কয়, যে ২০১৪ চনত ভাৰতৰ জৈৱ অৰ্থনীতি ১০ বিলিয়ন ডলাৰ থকাৰ বিপৰীতে ২০২৪ চনৰ শেষলৈকে ১৬৬ বিলিয়ন ডলাৰলৈ বৃদ্ধি হয়।

August 28, 2025 6:55 PM

views 59

আজি দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব গৃহমন্ত্রী অমিত শ্বাহ

এন ডি এৰ পঞ্চায়ত সন্মিলন আৰু প্ৰাক্তন মুখ্যমন্ত্রী গোলাপ বৰবৰাৰ জন্ম শতবৰ্ষৰ কাৰ্যসূচীত অংশ লোৱাৰ বাবে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ আজি দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকী কিছুসময়ৰ পিছতে গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰাষ্ট্ৰীয় বিমান বন্দৰত উপস্থিত হব। ৰাজ্যিক বিজেপিৰ শীৰ্ষ নেতৃবৰ্গই প্ৰকাশ কৰা অনুসৰি তেওঁক বিমান বন্দৰৰ পৰা পোনে পোনে বশিষ্টৰ অটল বিহাৰী বাজপেয়ী ভৱনলৈ ৰাওনা হব। তেওঁ বিজেপিৰ মূল সমিটিৰ সৈতে বাজপেয়ী ভৱনত এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হব। ইয়াৰ পি...

June 1, 2025 3:08 PM

views 69

কলকাতাৰ নিউটাউনত কেন্দ্ৰীয় ফৰেনচিক বিজ্ঞান গৱেষণাগাৰৰ নতুন ভৱন উদ্বোধন গৃহমন্ত্ৰী অমিত শ্বাহৰ

● কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহে আজি কলকাতাৰ নিউটাউনত কেন্দ্ৰীয় ফৰেনচিক বিজ্ঞান গৱেষণাগাৰৰ নতুন ভৱন উদ্বোধন কৰে। উদ্বোধনী ভাষণত শ্ৰীশ্বাহে কয়, যে এই নতুন গৱেষণাগাৰটোৱে পূব আৰু উত্তৰ পূব ভাৰতৰ বহুতো জটিল গোচৰৰ সমাধানত সহায় কৰিব। গৃহমন্ত্ৰীগৰাকীয়ে দুদিনীয়া ভ্রমণসূচীৰে যোৱা নিশা কলকাতালৈ আহে। বিমানবন্দৰত তেওঁক বিজেপি নেতা সুভেন্দু অধিকাৰী আৰু দলৰ অন্যান্য নেতাকর্মীয়ে আদৰণি জনায়। আজি শ্ৰীশ্বাহে বিজেপিৰ এখন দলীয় সভাত অংশগ্ৰহণ কৰাৰ কথা।

May 23, 2025 3:25 PM

views 53

অপাৰেচন সিন্দূৰ পেহেলগাম আক্ৰমণৰ যথোচিত প্ৰত্যুত্তৰ আৰু ভাৰতীয় সেনাবাহিনীৰ বিৰত্বক সমগ্ৰ বিশ্বই প্ৰশংসা কৰিছেঃ গৃহমন্ত্রী

অপাৰেচন সিন্দূৰ পেহেলগাম আক্ৰমণৰ যথোচিত প্ৰত্যুত্তৰ আৰু ভাৰতীয় সেনাবাহিনীৰ বিৰত্বক সমগ্ৰ বিশ্বই প্ৰশংসা কৰিছে বুলি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে প্রকাশ কৰে। শ্ৰী শ্বাহে অপাৰেচন সিন্দুৰৰ সফলতাৰ বাবে চৰকাৰৰ শক্তিশালী ৰাজনৈতিক ইচ্ছা, চোৰাংচোৱা সংস্থাৰ যথাৰ্থ তথ্য আৰু সেনাবাহিনীৰ সাহসক শলাগ লয়। নতুন দিল্লীত আয়োজিত সীমান্ত সুৰক্ষা বাহিনীৰ সন্মিলনত অংশগ্ৰহণ কৰি শ্ৰী শ্বাহে কয়, যে সীমান্ত সুৰক্ষা বাহিনী আৰু সশস্ত্র বাহিনীসমূহে সাহসেৰে পাকিস্তানৰ বিৰুদ্ধে আক্ৰমণ কৰি ভাৰতীয় প্ৰতিৰক্ষা বাহিনীৰ সা...