শ্ৰী গুৰু গ্ৰন্থ চাহিবৰ প্ৰকাশ পর্ব উপলক্ষে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টযোগে শ্ৰী শ্বাহে কয়, যে শ্ৰী গুৰুগোবিন্দ সিঙে শ্ৰীগুৰু গ্ৰন্থ চাহিবক গুৰুৰ মৰ্যাদা প্ৰদান কৰি জীৱনৰ পথ প্ৰদৰ্শন – জ্ঞান, সত্য আৰু নীতিৰ পৰাই আহে বুলি প্ৰকাশ কৰিছে।
এই শাস্ত্ৰখনে সেৱা, ত্যাগ, সমতা, মানৱতা আদি অমূল্য শিক্ষা আগবঢ়াইছে, যিয়ে সমাজখনক সদায়েই মানৱ কল্যাণৰ বাবে কাম কৰিবলৈ অনুপ্ৰাণিত কৰি আহিছে বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এই পৱিত্ৰ দিনটোত শিখ সম্প্ৰদায়ৰ লোকসকলক শুভেচ্ছা জ্ঞাপন কৰিছে সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰী সিঙে কয়, যে শ্রী গুৰু গ্ৰন্থ চাহিবৰ শিক্ষাই মানৱতাক সত্য, সেৱা, সমতা, মমতা আৰু সমন্বয়ৰ দিশত পথ প্ৰদৰ্শন কৰে।
তেওঁ লগতে কয়, যে শ্ৰী গুৰু গ্ৰন্থ চাহিবৰ বাৰ্তাই মানুহক পাৰস্পৰিক সদিচ্ছা, সন্মান আৰু ভাতৃত্ববোধেৰে সমাজ আৰু জাতিৰ সেৱা কৰিবলৈ অনুপ্ৰাণিত কৰে। এই পৱিত্ৰ অনুষ্ঠানে সকলোৰে বাবে শান্তি, সমৃদ্ধি আৰু সুখ কঢ়িয়াই আনিব বুলি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে।