মাদক দ্রব্য নিবাৰণী কৰ্মবাহিনীৰ বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুৰব্বীসকলৰ তৃতীয় ৰাষ্ট্ৰীয় সমাৰোহ উদ্বোধন গৃহমন্ত্রী অমিত শ্বাহৰ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি নতুন দিল্লীত মাদক দ্রব্য নিবাৰণী কৰ্মবাহিনী, এ এন টি এফৰ বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুৰব্বীসকলৰ তৃতীয় ৰাষ্ট্ৰীয় সমাৰোহ উদ্বোধন কৰে। এই দুদিনীয়া সমাৰোহত ড্ৰাগছৰ কবলৰ পৰা ভৱিষ্যত প্ৰজন্মক সুৰক্ষা দিয়াৰ বাবে শক্তিশালী মঞ্চ তৈয়াৰত গুৰুত্ব দিয়া হ’ব। মাদক দ্রব্য নিয়ন্ত্রণ ব্যুৰোই আয়োজন কৰা এই সমাৰোহত এ এন টি এফৰ ৩৬ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুৰব্বীসকল উপস্থিত আছে।

সংহত সমাধান, দায়িত্ববোধৰ ভাগ বাটোৱাৰাক মূল বিষয় হিচাপে লৈ আয়োজিত সমাৰোহখনত শেহতীয়া মাদক দ্রব্য নিয়ন্ত্রণ ভৱিষ্যনথিত সন্নিবিষ্ট ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ এ এন টি এফৰ কৰ্মৰাজিত আলোকপাত কৰা হ’ব। লগতে ড্ৰাগছ প্ৰতিৰোধী আইনৰ শক্তিশালীকৰণ আৰু দেশৰ যুৱ সমাজক ড্ৰাগছৰ পৰা আঁতৰাই ৰখাৰ উপায় সন্দৰ্ভতো আলোচনা কৰা হ’ব।

গৃহমন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি কেন্দ্ৰীয় চৰকাৰে ড্ৰাগছৰ ভয়াবহ আগ্ৰাসনৰ পৰা দেশৰ যুৱ সমাজক সুৰক্ষিত কৰি ৰখাৰ বাবে যুদ্ধৰ গতিত কাম কৰি আছে। মন্ত্ৰালয়ে উল্লেখ কৰে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে আৰু ড্ৰাগছমুক্ত ভাৰত গঢ়ি নুঠালৈকে এই লক্ষ্য বাস্তৱত পৰিণত নহ’ব।