কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ তিনিদিনীয়া ভ্রমণসূচী লৈ আজি নিশা পশ্চিমবংগলৈ আহিব। তেওঁ শিলিগুড়িৰ বাগদোগ্রা বিমান বন্দৰত নিশা ৯ বজাত অৱতৰণ কৰিব আৰু কদমতলাত থকা সীমান্ত সুৰক্ষা বাহিনীৰ সীমান্ত মুখ্য কাৰ্যালয়ত নিশাটো কটাব। কাইলৈ শ্ৰী শ্বাহ জামাগচৰ সীমাচকীত থকা বি এছ এফৰ অষ্টাদশ বেটেলিয়নলৈ যাব। তাত তেওঁ পাহাৰী সন্মিলনত ভাষণ দিয়াৰ লগতে গছপুলি ৰোপণ, আধাৰশিলা স্থাপন, বিভিন্ন প্ৰকল্পৰ উদ্বোধন কৰিব। শ্ৰী শ্বাহে বি এছ এফৰ জোৱানসকলৰ সৈতেও মত-বিনিময় কৰিব৷
গৃহমন্ত্ৰীগৰাকীয়ে শিলিগুড়িৰ উত্তৰ কন্যাত এলানি উচ্চস্তৰীয় বৈঠকত অংশগ্ৰহণ কৰিব। এইলানি বৈঠকত বিভিন্ন প্রশাসনিক বিষয়ৰ পৰ্যালোচনা কৰাৰ লগতে পশ্চিমবংগত নতুন ফৌজদাৰী আইনৰ প্ৰয়োগ সন্দৰ্ভত আলোচনা কৰা হ’ব। তদুপৰি ৰাজ্যখনৰ জন্ম আৰু মৃত্যুৰ পঞ্জীয়নৰ বৰ্তমানৰ স্থিতি সন্দৰ্ভতো তেওঁ বুজ ল’ব। সন্ধিয়া শ্ৰী শ্বাহ কলকাতা অভিমুখে ৰাওনা হ’ব।
দেওবাৰে শ্ৰী শ্বাহে পশ্চিমবংগৰ আইন-শৃংখলা পৰিস্থিতি বিষয়ক এখন বৈঠকত অধ্যক্ষতা কৰিব। তেওঁ লগতে কলকাতাৰ নেচনেল লাইব্ৰেৰীত নতুনকৈ নিৰ্মাণ কৰা ‘শব্দ যাদুঘৰ’ উদ্বোধন কৰিব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আমূল বেংগল ডেইৰীৰ নতুন দৈ উৎপাদন প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰিব ৷