● কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহে আজি কলকাতাৰ নিউটাউনত কেন্দ্ৰীয় ফৰেনচিক বিজ্ঞান গৱেষণাগাৰৰ নতুন ভৱন উদ্বোধন কৰে। উদ্বোধনী ভাষণত শ্ৰীশ্বাহে কয়, যে এই নতুন গৱেষণাগাৰটোৱে পূব আৰু উত্তৰ পূব ভাৰতৰ বহুতো জটিল গোচৰৰ সমাধানত সহায় কৰিব। গৃহমন্ত্ৰীগৰাকীয়ে দুদিনীয়া ভ্রমণসূচীৰে যোৱা নিশা কলকাতালৈ আহে। বিমানবন্দৰত তেওঁক বিজেপি নেতা সুভেন্দু অধিকাৰী আৰু দলৰ অন্যান্য নেতাকর্মীয়ে আদৰণি জনায়। আজি শ্ৰীশ্বাহে বিজেপিৰ এখন দলীয় সভাত অংশগ্ৰহণ কৰাৰ কথা।
Assamese | June 1, 2025 3:08 PM | Akashvani News | Amit Shah | HM India | Kolkata
কলকাতাৰ নিউটাউনত কেন্দ্ৰীয় ফৰেনচিক বিজ্ঞান গৱেষণাগাৰৰ নতুন ভৱন উদ্বোধন গৃহমন্ত্ৰী অমিত শ্বাহৰ