ভূপালত আজি কেন্দ্রীয় গৃহমন্ত্ৰী অমিত শ্বাহে গোপালক আৰু নতুন ফৌজদাৰী আইন সংক্রান্তীয় কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে। ভূপালৰ ভেল দশেৰা খেলপথাৰত ৰাজ্যিক পৰ্যায়ৰ গোপালক সন্মিলনত ভাষণ দিয়ে।
ৰাজ্যখনৰ ১১খন জিলাৰ ৩৫ হাজাৰ গোপালকে অংশগ্ৰহণ কৰা এই সন্মিলনত মন্ত্ৰীগৰাকীয়ে গোশালাসমূহৰ বাবে ১০১ কোটি টকা প্ৰদান কৰিব বুলি ঘোষণা কৰে। শ্ৰীশ্বাহে লগতে ভার্চুৱেল ব্যৱস্থাৰে ২৫৫ কোটি টকা ব্যয় সাপেক্ষে উজ্জয়িনীত নিৰ্মাণ কৰিবলগীয়া এটা দুগ্ধ প্ৰকল্পৰো আধাৰশিলা স্থাপন কৰে।
তেওঁ কয়, যে ভূপালত ১২ কোটি টকা ব্যয়েৰে এটা কেন্দ্ৰীয় পৰীক্ষাগাৰ স্থাপন কৰা হৈছে আৰু শিৱপুৰীত এটা ক্ষুদ্ৰ দুগ্ধ প্ৰকল্প স্থাপন কৰা হ’ব। গৰু আৰু মহৰ প্ৰজাতিৰ বিকাশৰ বাবে এই প্ৰকল্পই কাম কৰিব বুলি তেওঁ উল্লেখ কৰে।
গোপালক সন্মিলনৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ভেল দশেৰা খেলপথাৰত মধ্য প্ৰদেশ আৰক্ষীয়ে নতুন ফৌজদাৰী আইন সন্দৰ্ভত আয়োজন কৰা এখন প্ৰদৰ্শনী উদ্বোধন কৰে।
অনুষ্ঠানত ভাষণ দি শ্ৰীশ্বাহে কয় যে ব্ৰিটিছে প্রনয়ন কৰা আইনসমূহ তেওঁলোকৰ চৰকাৰ আৰু প্ৰশাসনক সুৰক্ষিত কৰাৰ স্বাৰ্থত ব্যৱহাৰ কৰিছিল। নতুন আইনসমূহ নাগৰিকৰ জীৱন, সম্পত্তি আৰু মৰ্যদা সুৰক্ষিত কৰাৰ লক্ষ্যৰে প্রনয়ন কৰা হৈছে বুলি তেওঁ মন্তব্য কৰে।