গৃহমন্ত্ৰী অমিত শ্বাহে অহাবছৰৰ ভিতৰত সকলো ৰাজ্যৰ ৰাজধানীতে বিদেশী আঞ্চলিক পঞ্জীয়ন কাৰ্যালয় স্থাপন কৰিবলৈ নিৰ্দেশ দিছে। বর্তমান দেশৰ ২০ খন ৰাজ্যত বিদেশী আঞ্চলিক পঞ্জীয়ন কাৰ্য্যালয় আছে।
গৃহমন্ত্রালয়ে কয় যে পৰ্যটন, চিকিৎসা আৰু শিক্ষা লাভৰ উদ্দেশ্যে দেশলৈ অহা বিদেশী নাগৰিকৰ সংখ্যা বহু বৃদ্ধি হৈছে আৰু সকলো ৰাজ্যতে বিদেশী আঞ্চলিক পঞ্জীয়ন কাৰ্য্যালয় স্থাপন কৰাৰ প্ৰয়োজনীয়তা আছে। মন্ত্ৰালয়ে লগতে কয় যে ইয়াৰদ্বাৰা সেৱাৰ সহজলভ্যতা বৃদ্ধি হ’ব, নিয়ন্ত্ৰণ নিশ্চিত কৰিব পৰা যাব আৰু দেশক আকৰ্ষণীয় গন্তব্য স্থান হিচাবে গঢ়ি তোলা হ’ব।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত চৰকাৰে বিদেশী আঞ্চলিক পঞ্জীয়ন কাৰ্য্যালয় স্থাপনৰ দ্বাৰা বিদেশী নাগৰিকৰ পৰিচালনাৰ পৰিকল্পনা কৰিছে। বিহাৰ, গোৱা, হিমাচল প্ৰদেশ, ঝাৰখণ্ড, মধ্যপ্রদেশ, উত্তৰাখণ্ড, অৰুণাচল প্ৰদেশ, মণিপুৰ আৰু মেঘালয়ত বিদেশী আঞ্চলিক পঞ্জীয়ন কাৰ্য্যালয় স্থাপনৰ বাবে চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰদ্বাৰা বিদেশী নাগৰিকে ভিজাকে ধৰি বিভিন্ন সুবিধা লাভ কৰিব।