যিকোনো ব্যক্তিৰ ব্যক্তিত্ব গঢ়াৰ ক্ষেত্ৰত গ্ৰন্থাগাৰৰ ভূমিকাত আলোকপাত কৰি নৱ প্ৰজন্মক গ্রন্থাগাৰৰ সৈতে সংযোগ স্থাপনৰ বাবে গৃহমন্ত্রী অমিত শ্বাহৰ আহ্বান

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে যিকোনো ব্যক্তিৰ ব্যক্তিত্ব গঢ়াৰ ক্ষেত্ৰত গ্ৰন্থাগাৰৰ ভূমিকাত আলোকপাত কৰি নৱ প্ৰজন্মক গ্রন্থাগাৰৰ সৈতে সংযোগ স্থাপনৰ বাবে আহ্বান জনাইছে।

নতুন দিল্লীত আজি জয়প্ৰকাশ নাৰায়ণ ৰাজহুৱা গ্ৰন্থাগাৰ উদ্বোধন কৰি শ্ৰীশ্বাহে কয় যে লোকনায়ক জয়প্রকাশ নাৰায়ণ হৈছে এগৰাকী মহান স্বাধীনতা সংগ্রামী, চিন্তাবিদ, আৰু জাতীয় নেতা যিয়ে দেশৰ বাবে উল্লেখযোগ্য অৱদান আগবঢ়াই থৈ গৈছে।

দেশ আৰু ইয়াৰ জনসাধাৰণক বুজাৰ বাবে অধ্যয়ন অতি প্রয়োজনীয় বুলি তেওঁ উল্লেখ কৰে। ৰাষ্ট্ৰ নিৰ্মাণত পুথিভঁৰালসমূহৰ ভূমিকাত আলোকপাত কৰি গৃহমন্ত্ৰীগৰাকীয়ে কয় যে আধুনিক শিক্ষাৰ সমান্তৰালকৈ জনসাধাৰণৰ মাজত দেশৰ সংস্কৃতি আৰু জ্ঞান বিয়পোৱাৰ ক্ষেত্ৰত গ্ৰন্থাগাৰ হৈছে এটা শক্তিশালী মাধ্যম শ্ৰীশ্বাহে কয়, যে ৰাষ্ট্ৰ নিৰ্মাণত অৰিহণা যোগোৱা আৰু দেশলৈ গৌৰৱ কঢ়িয়াই অনা সকলো কামেই জ্ঞানৰ সৈতে সম্পর্কিত আৰু গ্ৰন্থাগাৰসমূহ এনে জ্ঞানৰ অতি প্রয়োজনীয় উৎস।

চৰকাৰে ছাত্ৰ-ছাত্ৰীসকলক অধ্যয়নৰ প্ৰতি উৎসাহিত কৰিবলৈ গ্ৰন্থাগাৰসমূহক বিদ্যালয়ৰ সৈতে সংযোগ কৰাৰ প্ৰচেষ্টা চলাইছে বুলি উল্লেখ কৰি তেওঁ কয় যে গান্ধীনগৰ লোকসভা সমষ্টিত প্ৰতিখন গাঁৱতে গ্ৰন্থাগাৰ মুকলি কৰা হৈছে আৰু প্ৰতিটো গ্ৰন্থাগাৰতে ৩ পৰা ৪ হাজাৰ গ্রন্থ আছে।

শ্রীশ্বাহে লগতে এই গ্ৰন্থাগাৰসমূহক এটা কেন্দ্ৰীয় গ্ৰন্থাগাৰৰ সৈতে সংযোজিত কৰা হয় আৰু ইয়াত এক লাখ ২৫ হাজাৰতকৈও অধিক গ্রন্থ সংগৃহীত হৈ আছে বুলি উল্লেখ কৰে। শ্ৰীশ্বাহে দিল্লী চৰকাৰক মহানগৰখনৰ সকলো গ্ৰন্থাগাৰকে আন্তঃসংযোজিত কৰাৰ লগতে ইয়াক বিদ্যালয়সমূহৰ সৈতে সংযুক্ত কৰাৰ বাবে এটা সৰ্বাত্মক পৰিকল্পনা গ্রহণ কৰিবলৈ আহ্বান জনায়।