চৰকাৰে ২০২৯ চনৰ ৩১ ডিচেম্বৰৰ ভিতৰত ভাৰতৰ পৰা মাদক দ্ৰব্যৰ ভয়াৱহতা নির্মূল কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছেঃ গৃহমন্ত্রী

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কয় যে চৰকাৰে ২০২৯ চনৰ ৩১ ডিচেম্বৰৰ ভিতৰত ভাৰতৰ পৰা মাদক দ্ৰব্যৰ ভয়াৱহতা নির্মূল কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। আৰক্ষী স্মৃতি দিৱস উপলক্ষে নতুন দিল্লীৰ ৰাষ্ট্ৰীয় আৰক্ষী স্মাৰকত আয়োজিত অনুষ্ঠানত ভাষণ দি শ্ৰীশ্বাহে দেশৰ সকলো আৰক্ষী বাহিনীক ২০২৯ চনৰ শেষলৈ মাদক দ্ৰব্যৰ ভয়াৱহতাৰ পৰা মুক্ত হোৱাৰ দিশত কাম কৰিবলৈ আহ্বান জনায়।

তেওঁ এই বিষয়টোক এটা গুৰুত্বপূৰ্ণ প্ৰত্যাহ্বান বুলি উল্লেখ কৰি কয় যে মাদক দ্রব্যই ভৱিষ্যৎ প্ৰজন্মক নষ্ট কৰাৰ লগতে অৰ্থনীতিত অনাৱশ্যক বোজাৰ সৃষ্টি কৰে আৰু ৰাষ্ট্ৰ বিৰোধী কাৰ্যকলাপত জড়িত সংগঠনসমূহক বিত্তীয় সমর্থনৰ যোগান ধৰে।

শ্ৰীশ্বাহে কয় যে চলিত বৰ্ষৰ ৩১ মাৰ্চত দেশ নক্সালবাদৰ প্ৰভাৱৰ পৰা মুক্ত হ’ল। ৰাষ্ট্ৰৰ সেৱাত প্ৰাণ আহুতি দিয়া আৰক্ষী জোৱানসকলৰ প্ৰতি শ্ৰদ্ধা জনাই শ্রীশ্বাহে কয় যে দেশে ১৯৮১ চনৰ পৰা ২০২৬ চনৰ মাৰ্চলৈ নক্সালবাদৰ যাতনা সহি আহিছিল। এই সময়ছোৱাত ৩ হাজাৰ ৬০০ৰো অধিক সুৰক্ষা কৰ্মী আৰু কমেও ১৩ হাজাৰ নিৰ্দোষী জনসাধাৰণে প্ৰাণ হেৰুৱায় বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে৷

শ্ৰীশ্বাহে কয় যে স্বাধীনতাৰ পাছৰে পৰা বৰ্তমানলৈ কৰ্তব্যৰত অৱস্থাত মুঠ ৩৬ হাজাৰ ৮৫২ আৰক্ষী জোৱানে প্রাণ হেৰুৱাইছে। দেশৰ জনসাধাৰণ এই শ্বহীদ আৰু তেওঁলোকৰ পৰিয়ালৰ ত্যাগৰ প্ৰতি সদায়ে কৃতজ্ঞ বুলি উল্লেখ কৰি তেওঁ কয় যে আৰক্ষী জোৱানসকলৰ ত্যাগে দেশৰ প্ৰগতি আৰু বিকাশৰ ভেটি গঢ়ি তুলিছে। তেওঁলোকৰ সৰ্বোচ্চ ত্যাগৰ অবিহনে দেশৰ আভ্যন্তৰীণ আৰু বহিঃ নিৰাপত্তা ব্যৱস্থাৰ সুৰক্ষা দিয়াটো সম্ভৱ নাছিল বুলি শ্ৰীশ্বাহে মন্তব্য কৰে।

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে লগতে কয় যে কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ অবিহনে দেশৰ গণতন্ত্ৰ আৰু গণতান্ত্ৰিক ব্যৱস্থাৰ সুচাৰু পৰিচালন সম্ভৱ নহয়। বিহাৰ আৰু উত্তৰ প্ৰদেশত নিৰ্বাচনী হিংসাৰ অন্ত পৰিছে বুলি প্ৰকাশ কৰি শ্ৰীশ্বাহে কয় যে এইবাৰ সুৰক্ষা বাহিনীৰ সতৰ্কতাৰ বাবে পশ্চিমবংগৰ নিৰ্বাচন প্ৰথমবাৰৰ বাবে কোনোধৰণৰ হিংসাত্মক ঘটনা সংঘটিত নোহোৱাকৈ সম্পন্ন হ’ল।

ইয়াৰ পূৰ্বে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰীয় আৰক্ষী স্মৃতি দিৱস উপলক্ষে ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকৰ পৰা ৰাষ্ট্ৰজোৰা মটৰচাইকেল ৰেলী শুভাৰম্ভ কৰে। মাদক দ্ৰব্যৰ বিৰুদ্ধে যুঁজ মূলমন্ত্ৰৰে আয়োজন কৰা এই বাইক ৰেলীত ৯ খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ লগতে কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী আৰু কেন্দ্ৰীয় আৰক্ষী সংস্থাৰ জোৱানকে ধৰি প্ৰায় ৯০ জন চালকে অংশ লৈছে।