গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্য

ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যই কালি নতুন দিল্লীত কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰে। এই সাক্ষাৎ কালত ৰাজ্যপালগৰাকীয়ে দেশপ্ৰেমৰ ভাৱনা বৰ্তাই ৰখা, ৰাষ্ট্ৰীয় দায়বদ্ধতাৰ মনোভাৱ শক্তিশালী কৰা আৰু যুৱক-যুৱতীসকলৰ মাজত ৰাষ্ট্ৰ প্ৰথম নীতি অনুধাবন কৰোৱাৰ লক্ষ্যৰে অসম লোক ভৱনে গ্রহণ কৰা বিভিন্ন প্রচেষ্টাৰ বিষয়ে গৃহমন্ত্ৰীগৰাকীক অৱগত কৰে।

তেওঁ লগতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক সুস্থ ভাৰত আৰু বিকশিত ভাৰতৰ ৰাষ্ট্ৰীয় দৃষ্টিভংগীৰ সৈতে খাপ খুৱাই ৰাজ্যজুৰি গ্ৰহণ কৰা সজাগতা অভিযানসমূহকে ধৰি নিচামুক্ত ভাৰতৰ উদ্দেশ্যক সফল কৰাৰ বাবে লোক ভৱনে গ্রহণ কৰা ব্যৱস্থাসমূহৰ বিষয়েও অৱগত কৰে।

ৰাজ্যপালগৰাকীয়ে নমো মাতৃভূমি : ৰাষ্ট্ৰীয় সুৰক্ষা তথা স্বাৱলম্বন সংকল্প সপ্তাহত আলোকপাত কৰে। এই কাৰ্যসূচীয়ে ৰাষ্ট্ৰীয় সুৰক্ষাৰ প্ৰতি সজাগতা বৃদ্ধি, আত্মনিৰ্ভৰশীলতাৰ প্ৰসাৰ, মাদক দ্রব্যমুক্ত সমাজৰ বাবে উৎসাহিত কৰাৰ লগতে যুৱক-যুৱতীসকলৰ মাজত ৰাষ্ট্ৰৰ প্ৰতি কৰ্তব্যবোধ শক্তিশালী কৰিব বুলি আশা কৰা হৈছে।

ৰাষ্ট্ৰ নিৰ্মাণত জনসাধাৰণৰ অংশগ্ৰহণৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰি শ্ৰীআচার্যই এই পদক্ষপেসমূহ শক্তিশালীভাৱে ৰূপায়ণ কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীৰ নিৰ্দেশনা কামনা কৰে। এই সাক্ষাৎ কালত ৰাজ্যপালগৰাকীয়ে যুৱ সবলীকৰণ, ৰাষ্ট্ৰীয় সুৰক্ষা, আত্মনিৰ্ভৰশীলতা আৰু সৰ্বাংগীন বিকাশৰ দিশত সমূহীয়া প্ৰচেষ্টাৰ গুৰুত্বৰ ওপৰতো আলোকপাত কৰে। তেওঁ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ জন্মদিনৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰে।