October 22, 2026 8:14 PM
18
গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্য
ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যই কালি নতুন দিল্লীত কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰে। এই সাক্ষাৎ কালত ৰাজ্যপালগৰাকীয়ে দেশপ্ৰেমৰ ভাৱনা বৰ্তাই ৰখা, ৰাষ্ট্ৰীয় দায়বদ্ধতাৰ মনোভাৱ শক্তিশালী কৰা আৰু যুৱক-যুৱতীসকলৰ মাজত ৰাষ্ট্ৰ প্ৰথম নীতি অনুধাবন কৰোৱাৰ লক্ষ্যৰে অসম লোক ভৱনে গ্রহণ কৰা বিভিন্ন প্রচেষ্টাৰ বিষয়ে গৃহমন্ত্ৰীগৰাকীক অৱগত কৰে। তেওঁ লগতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক সুস্থ ভাৰত আৰু বিকশিত ভাৰতৰ ৰাষ্ট্ৰীয় দৃষ্টিভংগীৰ সৈতে খাপ খুৱাই ৰাজ্যজুৰি গ্ৰহণ কৰা সজাগতা অভিযানসমূহকে ধৰি নিচামুক্ত...