ভাৰত-তিব্বত সীমান্ত আৰক্ষী ITBP-ৰ আজি প্ৰতিষ্ঠা দিৱস

ভাৰত-তিব্বত সীমান্ত আৰক্ষী ITBP-ৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ, প্রধান মন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে শুভেচ্ছা জনাইছে।

উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে প্ৰতিষ্ঠা দিৱস উপলক্ষে ITBP-ৰ জোৱান আৰু তেওঁলোকৰ পৰিয়াললৈ শুভেচ্ছা জনাই কয়, যে দেশৰ সীমান্তৰ কেতবোৰ অতি প্ৰত্যাহ্বানপূর্ণ অঞ্চল তথা অতি প্রতিকুল পৰিস্থিতিত সেৱা আগবঢ়াই অহা সাহসী হিমবীৰসকল সাহস, নিয়মানুৱৰ্তিতা আৰু অদম্য দৃঢ়তাৰ উদাহৰণ। তেওঁ লগতে কয়, যে দেশৰ সীমান্তক সুৰক্ষা দিয়া, দুৰ্যোগৰ সঁহাৰি আৰু মানৱীয় সাহায্য প্ৰদানত এই জোৱানসকলৰ গুৰুত্বপূৰ্ণ ভূমিকা দেশৰ প্ৰতি নিঃস্বাৰ্থ সেৱাৰ সাক্ষী।

সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, যে এই হিমবীৰসকলে তেওঁলোকৰ অদম্য বীৰত্বৰ জৰিয়তে নিজৰ পৰিচয় গঢ়ি তুলিছে। তেওঁলোকে অতি দৃঢ়তাৰে অবিৰতভাৱে প্ৰতিটো প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আহিছে বুলি শ্রী মোদীয়ে প্ৰকাশ কৰে। তেওঁ লগতে এই জোৱানসকলৰ নিঃস্বাৰ্থ সেৱা আৰু ত্যাগ দেশৰ বাবে অনুপ্ৰেৰণাৰ উৎস বুলি উল্লেখ কৰে।

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে প্ৰতিষ্ঠা দিৱস উপলক্ষে হিমবীৰসকললৈ শুভেচ্ছা জনাই দিয়া এটা বাৰ্তাত কয়, যে তেওঁলোকৰ বীৰত্ব বৰফাবৃত্ত পাহাৰৰ জৰিয়তে প্রতিধ্বনিত হয়। যিয়ে, ৰাষ্ট্ৰৰ নিৰাপত্তাৰ প্ৰতি অহা প্ৰতিটো ভাবুকি নাশ কৰে। গৃহমন্ত্ৰীগৰাকীয়ে দেশৰ হকে সর্বোচ্চ বলিদান দিয়া ছহিদসকলৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰে।

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙেও ITBP-ৰ জোৱানসকললৈ অভিনন্দন জনায়। তেওঁ কয়, যে হিমবীৰসকলে অতি প্রতিকুল জলবায়ুৰ পৰিস্থিতিত দেশৰ সীমান্তৰ সুৰক্ষাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তেওঁলোকে লগতে বাওঁপন্থী উগ্রবাদ প্ৰতিৰোধকে ধৰি দেশৰ আভ্যন্তৰীণ নিৰাপত্তা অভিযানতো বিশেষ অৰিহণা যোগাই আহিছে বুলি শ্ৰী সিঙে উল্লেখ কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।