September 27, 2026 7:45 PM
4
প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে দেশে ভাবুকিৰ সন্মুখীন হ’লে সুৰক্ষাৰ বাবে সকলো ধৰণৰ ব্যৱস্থা গ্রহণ কৰিবলৈ সাজু হৈ আছে
ভাৰতে আন কোনো দেশৰ ভূখণ্ড দখল কৰিব নিবিচাৰে বুলি মন্তব্য কৰি আজি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে দেশে ভাবুকিৰ সন্মুখীন হ'লে সুৰক্ষাৰ বাবে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সাজু হৈ আছে। আজি নতুন দিল্লীত সংবাদ মাধ্যমে আয়োজন কৰা প্ৰতিৰক্ষা সম্পৰ্কীয় এখন সন্মিলনত অংশ লৈ মন্ত্ৰীগৰাকীয়ে আজি এই মন্তব্য কৰে। ভাৰতে আন্তর্জাতিক সুস্থিৰতাৰ পোষকতা কৰে বুলি উল্লেখ কৰি তেওঁ কয় যে কৌশলগত স্বায়ত্ত শাসনৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ কৰা নহ'ব। দেশৰ বিৰুদ্ধে সন্ত্রাসবাদী কাৰ্যকলাপত লিপ্ত কোনো ৰাষ্ট্ৰৰ সৈতে আলোচনা কৰ...