October 24, 2026 3:13 PM

views 3

ভাৰত-তিব্বত সীমান্ত আৰক্ষী ITBP-ৰ আজি প্ৰতিষ্ঠা দিৱস

ভাৰত-তিব্বত সীমান্ত আৰক্ষী ITBP-ৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ, প্রধান মন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে শুভেচ্ছা জনাইছে। উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে প্ৰতিষ্ঠা দিৱস উপলক্ষে ITBP-ৰ জোৱান আৰু তেওঁলোকৰ পৰিয়াললৈ শুভেচ্ছা জনাই কয়, যে দেশৰ সীমান্তৰ কেতবোৰ অতি প্ৰত্যাহ্বানপূর্ণ অঞ্চল তথা অতি প্রতিকুল পৰিস্থিতিত সেৱা আগবঢ়াই অহা সাহসী হিমবীৰসকল সাহস, নিয়মানুৱৰ্তিতা আৰু অদম্য দৃঢ়তাৰ উদাহৰণ। তেওঁ লগতে কয়, যে দেশৰ সী...

October 20, 2026 4:50 PM

views 9

তাজিকিস্তানৰ প্ৰধানমন্ত্ৰী কৌহিৰ ৰছুলজৌদাক প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ সাক্ষাৎ

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ডুচানবেত অনুষ্ঠিত চাংহাই সহযোগিতা সংস্থাৰ চৰকাৰৰ প্ৰধানসকলৰ বৈঠকৰ সমান্তৰালভাৱে আজি তাজিকিস্তানৰ প্ৰধানমন্ত্ৰী কৌহিৰ ৰছুলজৌদাক সাক্ষাৎ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত মন্ত্রী শ্রী সিঙে কয়, যে এই বৈঠকত ভাৰত আৰু তাজিকিস্তানৰ মাজত থকা দীর্ঘদিনীয়া সম্পৰ্কত আলোকপাত কৰা হয়। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে লগতে ইৰানৰ প্ৰথমগৰাকী উপ-ৰাষ্ট্ৰপতি মহম্মদ ৰেজা আফিকো সাক্ষাৎ কৰে। উল্লেখযোগ্য যে ডুশ্বানবেত কালিৰেপৰা অনুষ্ঠিত চাংহাই সহযোগিতা সংস্থাৰ চৰকাৰ প্ৰধানসকলৰ পৰিষদৰ পঞ্চবিংশ ...

October 19, 2026 3:35 PM

views 6

চাংহাই সহযোগিতা সংস্থাৰ চৰকাৰ প্ৰধানসকলৰ পৰিষদৰ বৈঠকত দেশক প্রতিনিধিত্বৰ উদ্দেশ্যে তাজিকিস্তানলৈ ৰাওনা প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

ডুশ্বানবেত আজিৰে পৰা হ'বলগীয়া চাংহাই সহযোগিতা সংস্থাৰ চৰকাৰ প্ৰধানসকলৰ পৰিষদৰ ২৫ সংখ্যক বৈঠকত দেশক প্রতিনিধিত্ব কৰাৰ উদ্দেশ্যে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আজি তাজিকিস্তানলৈ ৰাওনা হৈছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্রীসিঙে কয়, যে এই দুদিনীয়া বৈঠকত চাংহাই সহযোগিতা সংস্থাৰ সদস্য ৰাষ্ট্ৰসমূহৰ মাজত বিত্তীয় আৰু প্ৰতিষ্ঠানিক কাম-কাজৰ অগ্ৰগতিৰ পৰ্যালোচনা উপৰি সংস্কৃতি, অর্থনীতি, বিনিয়োগ, যোগাযোগ, উদ্ভাৱন আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্ক শক্তিশালী কৰাৰ বিষয়ত গুৰুত্ব আৰোপ কৰা হ'ব। বৈদেশিক পৰিক্ৰমা মন্ত্...

September 27, 2026 7:45 PM

views 5

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে দেশে ভাবুকিৰ সন্মুখীন হ’লে সুৰক্ষাৰ বাবে সকলো ধৰণৰ ব্যৱস্থা গ্রহণ কৰিবলৈ সাজু হৈ আছে

ভাৰতে আন কোনো দেশৰ ভূখণ্ড দখল কৰিব নিবিচাৰে বুলি মন্তব্য কৰি আজি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে দেশে ভাবুকিৰ সন্মুখীন হ'লে সুৰক্ষাৰ বাবে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সাজু হৈ আছে। আজি নতুন দিল্লীত সংবাদ মাধ্যমে আয়োজন কৰা প্ৰতিৰক্ষা সম্পৰ্কীয় এখন সন্মিলনত অংশ লৈ মন্ত্ৰীগৰাকীয়ে আজি এই মন্তব্য কৰে। ভাৰতে আন্তর্জাতিক সুস্থিৰতাৰ পোষকতা কৰে বুলি উল্লেখ কৰি তেওঁ কয় যে কৌশলগত স্বায়ত্ত শাসনৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ কৰা নহ'ব। দেশৰ বিৰুদ্ধে সন্ত্রাসবাদী কাৰ্যকলাপত লিপ্ত কোনো ৰাষ্ট্ৰৰ সৈতে আলোচনা কৰ...

September 18, 2026 8:07 PM

views 10

শ্ৰীৰামৰ গাথা ভাৰতবৰ্ষৰ বাহিৰতো প্ৰোজ্বল হৈ থকা বুলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ মত প্রকাশ

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে শ্ৰীৰামৰ গাথা ভাৰতবৰ্ষৰ বাহিৰতো প্ৰোজ্বল হৈ থকা বুলি মত প্রকাশ কৰিছে। আজি কেৰলমৰ কোচিত আয়োজিত এখন মহাগাথা, বহুতো কাহিনী, ৰামকথা সন্মিলনত তেওঁৰ ভাষণত শ্রীসিঙে ৰাম কথা এছিয়া মহাদেশৰ বিভিন্ন অঞ্চলত প্ৰচাৰিত আৰু প্ৰসাৰিত হৈ থকা বুলি উল্লেখ কৰে। জন্মভূমি মালয়ালম দৈনিক বাতৰি কাকতৰ উদ্যোগত অনুষ্ঠিত এই কাৰ্যসূচীত মন্ত্ৰীগৰাকীয়ে কয়, যে ৰামায়ণ মানুহৰ দৈনন্দিন জীৱনত আৰু আধ্যাত্মিক অভ্যাসত নিবিড়ভাবে সংপৃক্ত হৈ আছে। নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন গুৰুত্বপূৰ্...

August 4, 2026 9:19 AM

views 23

দেশৰ প্ৰতিৰক্ষা ব্যৱস্থা শক্তিশালী কৰাৰ বাবে প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সামৰিক-অসামৰিক শাখাৰ সমন্বয় সাধনত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ গুৰুত্ব আৰোপ

দেশৰ প্ৰতিৰক্ষা ব্যৱস্থা শক্তিশালী কৰাৰ বাবে প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সামৰিক আৰু অসামৰিক শাখাৰ মাজত ব্যাপক সমন্বয় সাধনৰ ওপৰত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে গুৰুত্ব আৰোপ কৰিছে। কালি নতুন দিল্লীত ৮৫ সংখ্যক সশস্ত্র বাহিনীৰ মুখ্য কাৰ্যালয়ৰ অসামৰিক সেৱা দিৱস উপলক্ষে আয়োজিত অনুষ্ঠানত দিয়া ভাষণত শ্রীসিঙে এইকথা প্ৰকাশ কৰে।  তেওঁ কয়, যে ইয়াৰ দ্বাৰা নিৰাপত্তা আৰু কাৰিকৰী ক্ষেত্ৰত দেখা দিয়া প্ৰত্যাহ্বানসমূহ দূৰ কৰাত সহায় হ'ব। মন্ত্ৰীগৰাকীয়ে কয় যে ইউনিফর্ম পৰিহিত আৰু অসামৰিক সেৱাত নিয়োজিত উভয়ৰে ৰা...

July 22, 2026 10:05 PM

views 19

যুৱ প্ৰজন্মই উত্থাপন কৰা অভিযোগসমূহ শুনিবলৈ আৰু সমাধান কৰিবলৈ কেন্দ্ৰীয় চৰকাৰ সাজুঃ ৰাজনাথ সিং

যুৱ প্ৰজন্মই উত্থাপন কৰা অভিযোগসমূহ শুনিবলৈ আৰু সমাধান কৰিবলৈ কেন্দ্ৰীয় চৰকাৰ সাজু। দিল্লীত যুৱ প্ৰজন্মই সাব্যস্ত কৰা প্ৰতিবাদ সন্দৰ্ভত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি সংবাদ মাধ্যমৰ সন্মুখত এইদৰে প্ৰকাশ কৰে।  তেওঁ কয়, যে যুৱ প্ৰজন্মৰ আবেগ আৰু উদ্বেগৰ প্ৰতি চৰকাৰ সংবেদনশীল। একাংশ ব্যক্তিয়ে শিক্ষাৰ্থী আৰু যুৱ প্ৰজন্মক ৰাজনৈতিক আহিলা হিচাপে ব্যৱহাৰ কৰি নিজা ৰাজনৈতিক স্বাৰ্থ পূৰণৰ চেষ্টা চলাইছে বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।  তেওঁ কয়, যে শিক্ষাৰ্থীসকলৰ আকাংক্ষা পূৰণ কৰাৰ লগতে যুৱ প্ৰজন্মৰ ...

January 15, 2026 7:51 PM

views 49

সেনাবাহিনী দিৱস উপলক্ষে ভাৰতীয় সেনাৰ বিষয়া, জোৱান আৰু তেওঁলোকৰ পৰিয়ালসমূহক প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অভিনন্দন

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সেনাবাহিনী দিৱস উপলক্ষে ভাৰতীয় সেনাৰ বিষয়া, জোৱান আৰু তেওঁলোকৰ পৰিয়ালসমূহক অভিনন্দন জনাইছে। শ্রীসিঙে সামাজিক মাধ্যমৰ এটা বার্তাত কয় যে ভাৰতীয় সেনাবাহিনীৰ সাহস, সর্বোচ্চ ত্যাগ আৰু দেশ ৰক্ষাৰ বাবে থকা প্রতিশ্রুতিবদ্ধতাক দেশবাসীয়ে সদায় সন্মান জনাই আহিছে। দেশৰ সীমান্ত ৰক্ষাৰ লগতে সংঘাতৰ সময়ত দেখুওৱা সাহসৰ কথা উল্লেখ কৰি শ্রীসিতে কয় যে পেছাদাৰী মনোভাৱ, নিয়মানুবর্তিতা আৰু মানৱ সেৱাৰ বাবে ভাৰতীয় সেনাবাহিনীয়ে বিশ্বৰ সমীহ আদায় কৰিবলৈ সমৰ্থ হৈছে।

January 13, 2026 6:14 PM

views 57

লাক্ষাদ্বীপত অনুষ্ঠিত মাল্টিস্পেচিয়েলিটী যুটীয়া স্বাস্থ্য সেৱা শিবিৰৰ উদ্বোধনী অনুষ্ঠানত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অংশগ্ৰহণ

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি লাক্ষাদ্বীপত অনুষ্ঠিত মাল্টিস্পেচিয়েলিটী যুটীয়া স্বাস্থ্য সেৱা শিবিৰৰ উদ্বোধনী অনুষ্ঠানত ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে অংশগ্ৰহণ কৰে। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণত কয় যে নৌসেনাই আয়োজন কৰা এই বৃহৎ পৰিসৰৰ স্বাস্থ্য শিবিৰে ভিতৰুৱা অঞ্চলৰ নাগৰিকক গুণগত স্বাস্থ্য সেৱাৰ সুবিধা প্ৰদানৰ প্ৰতিশ্ৰুতিবদ্ধতাক প্ৰতিফলিত কৰে। তেওঁ কয় যে স্বাস্থ্য পৰীক্ষা, যিকোনো ৰোগৰ আগতীয়া চিনাক্তকৰণ, সময়মতে চিকিৎসা পৰামৰ্শ তথা ঔষধৰ বিনামূলীয়া বিতৰণে দ্বীপটোত বাস কৰা সমুদায়...

December 22, 2025 11:52 PM

views 50

ডি আৰ ডি অ’ আৰু ৰাষ্ট্ৰীয় সুৰক্ষা বিশ্ববিদ্যালয়ৰ প্ৰতিৰক্ষা আৰু আভ্যন্তৰীণ সুৰক্ষাৰ সহযোগিতাৰ বাবে চুক্তিত স্বাক্ষৰ

প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা ডি আৰ ডি অ' আৰু ৰাষ্ট্ৰীয় সুৰক্ষা বিশ্ববিদ্যালয়ে প্ৰতিৰক্ষা আৰু আভ্যন্তৰীণ সুৰক্ষাৰ ক্ষেত্ৰত গৱেষণা শিক্ষা, প্রশিক্ষণ আৰু প্ৰযুক্তিগত সহযোগিতাৰ বাবে এখন চুক্তি স্বাক্ষৰ কৰিছে। নতুন দিল্লীত আজি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ উপস্থিতিত বিশিষ্ট বিজ্ঞানী আৰু প্ৰতিৰক্ষা উৎপাদন সমন্বয় আৰু সেৱা বিনিময় বিভাগৰ সঞ্চালক প্ৰধান ড০ চন্দ্ৰিকা কৌশিক আৰু বিশ্ববিদ্যালয়খনৰ উপাচার্য অধ্যাপক ড০ বিমল এন পেটেলে এই চুক্তিত স্বাক্ষৰ কৰে। এই চুক্তিৰ জৰিয়তে দেশৰ অমৃতকালত আত্মনিৰ...