দেশৰ প্ৰতিৰক্ষা ব্যৱস্থা শক্তিশালী কৰাৰ বাবে প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সামৰিক আৰু অসামৰিক শাখাৰ মাজত ব্যাপক সমন্বয় সাধনৰ ওপৰত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে গুৰুত্ব আৰোপ কৰিছে। কালি নতুন দিল্লীত ৮৫ সংখ্যক সশস্ত্র বাহিনীৰ মুখ্য কাৰ্যালয়ৰ অসামৰিক সেৱা দিৱস উপলক্ষে আয়োজিত অনুষ্ঠানত দিয়া ভাষণত শ্রীসিঙে এইকথা প্ৰকাশ কৰে।
তেওঁ কয়, যে ইয়াৰ দ্বাৰা নিৰাপত্তা আৰু কাৰিকৰী ক্ষেত্ৰত দেখা দিয়া প্ৰত্যাহ্বানসমূহ দূৰ কৰাত সহায় হ’ব। মন্ত্ৰীগৰাকীয়ে কয় যে ইউনিফর্ম পৰিহিত আৰু অসামৰিক সেৱাত নিয়োজিত উভয়ৰে ৰাষ্ট্ৰ প্ৰথম দৃষ্টিভংগীৰে কাম কৰাৰ প্ৰতি দায়বদ্ধতা আছে। উদ্দেশ্য একক আৰু মহৎ হলে প্রশাসন ব্যৱস্থাৰ প্ৰতিটো উপাদানেই ৰাষ্ট্ৰীয় শক্তিলৈ পৰিণত হয় বুলি তেওঁ উল্লেখ কৰে।
তেওঁ কয়, যে উমৈহতীয়া পৰিকাঠামোৰ বিকাশৰ লগে লগে নীতি প্রনয়ন, প্রশাসন, মানৱ সম্পদ ব্যৱস্থাপনা আৰু অন্যান্য ক্ষেত্ৰতো ধাৰাবাহিকতা ৰক্ষা কৰি বিশেষজ্ঞৰ অধীনত কাৰ্যপন্থা ৰূপায়ণৰ প্ৰয়োজনীয়তা আহি পৰিছে। সশস্ত্র বাহিনীৰ মুখ্য কাৰ্যালয় সেৱা, প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ প্ৰতিষ্ঠানগত স্মৃতি বুলি তেওঁ মন্তব্য কৰে। তেওঁ এই কাৰ্যালয়ক নিজৰ দায়িত্বভাৰ আৰু ভূমিকাৰ বাহিৰলৈ গৈও সেৱা আগবঢ়াবলৈ আহ্বান জনায় ৷