চাংহাই সহযোগিতা সংস্থাৰ চৰকাৰ প্ৰধানসকলৰ পৰিষদৰ বৈঠকত দেশক প্রতিনিধিত্বৰ উদ্দেশ্যে তাজিকিস্তানলৈ ৰাওনা প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

ডুশ্বানবেত আজিৰে পৰা হ’বলগীয়া চাংহাই সহযোগিতা সংস্থাৰ চৰকাৰ প্ৰধানসকলৰ পৰিষদৰ ২৫ সংখ্যক বৈঠকত দেশক প্রতিনিধিত্ব কৰাৰ উদ্দেশ্যে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আজি তাজিকিস্তানলৈ ৰাওনা হৈছে।

সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্রীসিঙে কয়, যে এই দুদিনীয়া বৈঠকত চাংহাই সহযোগিতা সংস্থাৰ সদস্য ৰাষ্ট্ৰসমূহৰ মাজত বিত্তীয় আৰু প্ৰতিষ্ঠানিক কাম-কাজৰ অগ্ৰগতিৰ পৰ্যালোচনা উপৰি সংস্কৃতি, অর্থনীতি, বিনিয়োগ, যোগাযোগ, উদ্ভাৱন আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্ক শক্তিশালী কৰাৰ বিষয়ত গুৰুত্ব আৰোপ কৰা হ’ব।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্রকাশ কৰা মতে বৈঠকত বৰ্তমানৰ সহযোগিতা উদ্যমৰ অগ্ৰগতিৰ পৰ্যালোচনা আৰু সংস্থাটোৰ বিত্তীয় আৰু প্ৰতিষ্ঠানগত কাম-কাজ সম্পৰ্কীয় সিদ্ধান্তৰ মূল্যায়ন কৰাৰ সম্ভাৱনা আছে। এই বৈঠকে দেশক চাংহাই সহযোগিতা সংস্থাৰ অন্য সদস্য ৰাষ্ট্ৰৰ সৈতে ব্যৱহাৰিক আৰু পৰস্পৰৰ বাবে লাভদায়ক সহযোগিতা আগুৱাই নিয়া সন্দৰ্ভত মত বিনিময় কৰাৰ সুযোগ প্ৰদান কৰিব বুলি আশা কৰা হৈছে।