ভাৰতে আন কোনো দেশৰ ভূখণ্ড দখল কৰিব নিবিচাৰে বুলি মন্তব্য কৰি আজি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে দেশে ভাবুকিৰ সন্মুখীন হ’লে সুৰক্ষাৰ বাবে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সাজু হৈ আছে।
আজি নতুন দিল্লীত সংবাদ মাধ্যমে আয়োজন কৰা প্ৰতিৰক্ষা সম্পৰ্কীয় এখন সন্মিলনত অংশ লৈ মন্ত্ৰীগৰাকীয়ে আজি এই মন্তব্য কৰে। ভাৰতে আন্তর্জাতিক সুস্থিৰতাৰ পোষকতা কৰে বুলি উল্লেখ কৰি তেওঁ কয় যে কৌশলগত স্বায়ত্ত শাসনৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ কৰা নহ’ব।
দেশৰ বিৰুদ্ধে সন্ত্রাসবাদী কাৰ্যকলাপত লিপ্ত কোনো ৰাষ্ট্ৰৰ সৈতে আলোচনা কৰাৰ থল নাই বুলিও তেওঁ উল্লেখ কৰে। সন্ত্রাসবাদীক আশ্রয় দিয়া তথা সমর্থন যোগোৱাৰ লগতে সন্ত্রাসবাদত দেশীয় নীতি হিচাপে ব্যৱহাৰ কৰা দেশসমূহক সকিয়াই দি তেওঁ কয় যে সন্ত্রাসবাদ কেতিয়াও কোনো দেশৰ বাবে কৌশলগত সম্পদ হ’ব নোৱাৰে।
চুবুৰীয়া ৰাষ্ট্ৰখনে সন্ত্রাসবাদৰ সমর্থনত কার্যকলাপ অব্যাহত ৰখাৰ সমান্তৰালকৈ ভাৰতেও সন্ত্রাসবাদ বিৰোধী পদক্ষেপ গ্রহণ বাহাল ৰাখিব বুলি তেওঁ সদৰি কৰে।
ৰাষ্ট্ৰীয় ঐক্যক ৰাষ্ট্ৰীয় সুৰক্ষাৰ মূল স্তম্ভ বুলি উল্লেখ কৰি শ্রীসিঙে কয় যে এখন দেশৰ সুৰক্ষা নিশ্চিত কৰাটো কেৱল সশস্ত্র বাহিনীৰ কৰ্তব্যই নহয়, বৰং এয়া হৈছে প্ৰতিগৰাকীৰ নাগৰিকৰ সামূহিক দায়িত্ব। তেওঁ ধর্ম, জাতি, ভাষা, অঞ্চল তথা অন্যান্য পৰিচয় নির্বিশেষে প্ৰতিগৰাকী নাগৰিকক ৰাষ্ট্ৰৰ স্বাৰ্থত অগ্ৰাধিকাৰ দিবলৈ আহ্বান জনায়।
মন্ত্ৰীগৰাকীয়ে প্ৰতিৰক্ষা খণ্ডত দেশ আত্মনিৰ্ভৰ হোৱা সন্দর্ভতো আলোকপাত কৰে। ২০১৩-১৪ বৰ্ষত প্ৰতিৰক্ষা ৰপ্তানি ৬৮৬ কোটি টকা আছিল বুলি উল্লেখ কৰি তেওঁ কয় যে ২০২৫-২৬ বর্ষত অভিলেখ সংখ্যক ৩৮,৪৮৪ কোটি টকাত উপনীত হৈছে। সম্প্রতি ১০০খন দেশলৈ প্ৰতিৰক্ষা সামগ্ৰী ৰপ্তানি কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।