যুৱ প্ৰজন্মই উত্থাপন কৰা অভিযোগসমূহ শুনিবলৈ আৰু সমাধান কৰিবলৈ কেন্দ্ৰীয় চৰকাৰ সাজু। দিল্লীত যুৱ প্ৰজন্মই সাব্যস্ত কৰা প্ৰতিবাদ সন্দৰ্ভত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি সংবাদ মাধ্যমৰ সন্মুখত এইদৰে প্ৰকাশ কৰে।
তেওঁ কয়, যে যুৱ প্ৰজন্মৰ আবেগ আৰু উদ্বেগৰ প্ৰতি চৰকাৰ সংবেদনশীল। একাংশ ব্যক্তিয়ে শিক্ষাৰ্থী আৰু যুৱ প্ৰজন্মক ৰাজনৈতিক আহিলা হিচাপে ব্যৱহাৰ কৰি নিজা ৰাজনৈতিক স্বাৰ্থ পূৰণৰ চেষ্টা চলাইছে বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।
তেওঁ কয়, যে শিক্ষাৰ্থীসকলৰ আকাংক্ষা পূৰণ কৰাৰ লগতে যুৱ প্ৰজন্মৰ কল্যাণৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। বিৰোধীয়ে জনসাধাৰণক বিশেষকৈ যুৱ প্ৰজন্মক বিপথে পৰিচালিত কৰিছে বুলিও শ্রীসিঙে অভিযোগ উত্থাপন কৰে।