প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সেনাবাহিনী দিৱস উপলক্ষে ভাৰতীয় সেনাৰ বিষয়া, জোৱান আৰু তেওঁলোকৰ পৰিয়ালসমূহক অভিনন্দন জনাইছে। শ্রীসিঙে সামাজিক মাধ্যমৰ এটা বার্তাত কয় যে ভাৰতীয় সেনাবাহিনীৰ সাহস, সর্বোচ্চ ত্যাগ আৰু দেশ ৰক্ষাৰ বাবে থকা প্রতিশ্রুতিবদ্ধতাক দেশবাসীয়ে সদায় সন্মান জনাই আহিছে। দেশৰ সীমান্ত ৰক্ষাৰ লগতে সংঘাতৰ সময়ত দেখুওৱা সাহসৰ কথা উল্লেখ কৰি শ্রীসিতে কয় যে পেছাদাৰী মনোভাৱ, নিয়মানুবর্তিতা আৰু মানৱ সেৱাৰ বাবে ভাৰতীয় সেনাবাহিনীয়ে বিশ্বৰ সমীহ আদায় কৰিবলৈ সমৰ্থ হৈছে।
Assamese | January 15, 2026 7:51 PM | Defence Minister Rajnath Singh
সেনাবাহিনী দিৱস উপলক্ষে ভাৰতীয় সেনাৰ বিষয়া, জোৱান আৰু তেওঁলোকৰ পৰিয়ালসমূহক প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অভিনন্দন