শ্ৰীৰামৰ গাথা ভাৰতবৰ্ষৰ বাহিৰতো প্ৰোজ্বল হৈ থকা বুলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ মত প্রকাশ

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে শ্ৰীৰামৰ গাথা ভাৰতবৰ্ষৰ বাহিৰতো প্ৰোজ্বল হৈ থকা বুলি মত প্রকাশ কৰিছে। আজি কেৰলমৰ কোচিত আয়োজিত এখন মহাগাথা, বহুতো কাহিনী, ৰামকথা সন্মিলনত তেওঁৰ ভাষণত শ্রীসিঙে ৰাম কথা এছিয়া মহাদেশৰ বিভিন্ন অঞ্চলত প্ৰচাৰিত আৰু প্ৰসাৰিত হৈ থকা বুলি উল্লেখ কৰে।

জন্মভূমি মালয়ালম দৈনিক বাতৰি কাকতৰ উদ্যোগত অনুষ্ঠিত এই কাৰ্যসূচীত মন্ত্ৰীগৰাকীয়ে কয়, যে ৰামায়ণ মানুহৰ দৈনন্দিন জীৱনত আৰু আধ্যাত্মিক অভ্যাসত নিবিড়ভাবে সংপৃক্ত হৈ আছে। নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন গুৰুত্বপূৰ্ণ পদক্ষেপত আলোকপাত কৰি শ্রীসিঙে কয় যে ২০১৪ চনৰে পৰা ভাৰতে বিভিন্ন প্রত্যাহ্বান সফলতাৰে পাৰ কৰি আহিছে।

কোৱিড-১৯ মহামাৰী আৰু বিশ্বৰ বিভিন্ন প্ৰান্তত চলি থকা যুদ্ধসমূহে বহু দেশৰ উন্নয়নত বাধাৰ সৃষ্টি কৰিছে যদিও আমাৰ দেশে সকলো ধৰণৰ প্ৰতিবন্ধকতা ওফৰাই আগুৱাই যোৱাত সফল হৈছে আৰু গোলকীয় প্রেক্ষাপটত নিজৰ স্থিতি সুদৃঢ় কৰিবলৈও সমর্থ হৈছে। শ্রীসিঙে লগতে অপাৰেছন সিন্দূৰকে ধৰি প্ৰতিৰক্ষা খণ্ডৰ সৈতে জড়িত বিভিন্ন সফলতাসমূহৰ বিষয়েও আলোচনা কৰে।