তাজিকিস্তানৰ প্ৰধানমন্ত্ৰী কৌহিৰ ৰছুলজৌদাক প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ সাক্ষাৎ

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ডুচানবেত অনুষ্ঠিত চাংহাই সহযোগিতা সংস্থাৰ চৰকাৰৰ প্ৰধানসকলৰ বৈঠকৰ সমান্তৰালভাৱে আজি তাজিকিস্তানৰ প্ৰধানমন্ত্ৰী কৌহিৰ ৰছুলজৌদাক সাক্ষাৎ কৰে।

সামাজিক মাধ্যমৰ এটা বাৰ্তাত মন্ত্রী শ্রী সিঙে কয়, যে এই বৈঠকত ভাৰত আৰু তাজিকিস্তানৰ মাজত থকা দীর্ঘদিনীয়া সম্পৰ্কত আলোকপাত কৰা হয়। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে লগতে ইৰানৰ প্ৰথমগৰাকী উপ-ৰাষ্ট্ৰপতি মহম্মদ ৰেজা আফিকো সাক্ষাৎ কৰে।

উল্লেখযোগ্য যে ডুশ্বানবেত কালিৰেপৰা অনুষ্ঠিত চাংহাই সহযোগিতা সংস্থাৰ চৰকাৰ প্ৰধানসকলৰ পৰিষদৰ পঞ্চবিংশ বৈঠকত দেশক প্রতিনিধিত্ব কৰাৰ উদ্দেশ্যে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং কালি তাজিকিস্তানত উপস্থিত হয়।

এই দুদিনীয়া বৈঠকত চাংহাই সহযোগিতা সংস্থাৰ সদস্য ৰাষ্ট্ৰসমূহৰ মাজত বিত্তীয় আৰু প্ৰতিষ্ঠানিক কাম-কাজৰ অগ্ৰগতিৰ পৰ্যালোচনাৰ উপৰি সংস্কৃতি, অর্থনীতি, বিনিয়োগ, যোগাযোগ, উদ্ভাৱন আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্ক শক্তিশালী কৰাৰ বিষয়ত গুৰুত্ব আৰোপ কৰা হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।