Amitকেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহে আজি গুজৰাটত ১,৪০০ কোটি টকা ব্যয় সাপেক্ষে নির্মাণ হবলগীয়া বহুকেইটা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। ইয়াৰ ভিতৰত মন্ত্ৰীগৰাকীয়ে নিজা সমষ্টি গান্ধীনগৰত এহেজাৰ কোটিতকৈ অধিক টকা ব্যয় সাপেক্ষে নির্মাণ হবলগীয়া প্রায় ৩০ টা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে।
অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে গুজৰাটত পাৰ কৰা পুৰণি সময়ৰ কথা স্মৰণ কৰে। মন্ত্ৰীগৰাকীয়ে ৰামপুৰৰ পাহাৰীয়া অঞ্চলৰ পৰা সমাজ সেৱক হিচাপে জীৱন আৰম্ভ কৰাৰ কথা বহু কম সংখ্যক লোকেহে জানে বুলিও তেওঁ প্ৰকাশ কৰে।
শ্ৰীশ্বাহে কয় যে, কেন্দ্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গুজৰাটত মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলৰ নেতৃত্বত গুজৰাটত বহুতো উন্নয়নমূলক কাম চলি আছে। গান্ধীনগৰ লোকসভা সমষ্টিক সেউজ আৰু উন্নত কৰাৰ সপোনৰ কথা প্ৰকাশ কৰি শ্ৰীশ্বাহে কয় যে বিগত ৭ বছৰত এই সমষ্টিটোত প্ৰায় ২৫ হাজাৰ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্পৰ কাম সম্পূৰ্ণ হৈছে। ২০২৮ চনৰ ৩১ ডিচেম্বৰৰ পূৰ্বে গুজৰাটক সম্পূৰ্ণৰূপে মাদক দ্রব্য মুক্ত ৰাজ্য হিচাপে গঢ়ি তোলা হ’ব বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।