পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে আজি চৰকাৰে মানচাৰ মাদকদ্রব্য বিৰোধী কর্মী পৰবিন্দৰ সিং ঝুটাৰ হত্যাকাণ্ডৰ গোচৰ কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা – চি বি আইক অৰ্পন কৰা বুলি ঘোষণা কৰে।
সামাজিক মাধ্যমৰ এটা বিবৃতিত মুখ্যমন্ত্রী শ্রী মানে কয়, যে চৰকাৰ পৰবিন্দ সিঙৰ পৰিয়ালৰ সৈতে আছে আৰু পৰিয়ালৰ দাবী চৰকাৰে মানি লৈ তেওঁৰ মৃত্যুৰ তদন্তভাৰ চি বি আইক অর্পণ কৰিছে। তেওঁ কয়, যে পাঞ্জাৱক মাদকদ্রব্য বিৰোধী মুক্ত ৰাজ্য হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত ল’বলগীয়া প্রয়োজনীয় পদক্ষেপ সন্দৰ্ভত চৰকাৰে সকলো ব্যৱস্থাই গ্রহণ কৰিব।
ইপিনে, কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে মানচাৰ ড্ৰাগ বিৰোধী কৰ্মী পৰবিন্দ সিঙৰ পৰিয়ালক সাক্ষাত কৰাৰ লগতে গুৰদাসপুৰৰ আন এগৰাকী কৰ্মীক সাক্ষাৎ কৰিব। আকাশবাণীৰ জলন্ধৰৰ সংবাদদাতাই জনোৱা মতে গৃহমন্ত্ৰীগৰাকীৰ আগমনৰ উদ্দেশ্যে মানচা অঞ্চলত ব্যাপক নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে আৰু এটা নিৰ্দিষ্ট পৰিসৰৰ অঞ্চলক ড্রোণ নিষিদ্ধ অঞ্চল হিচাপে ঘোষণা কৰা হৈছে।
শ্ৰী শ্বাহে ছাংৰুৰ আত্মহত্যা কৰা এজন লোকৰ পৰিয়ালক সাক্ষাৎ কৰাৰ কথা। ইয়াৰ পাছত লুধিয়ানাত অনুষ্ঠিত দশেৰা উৎসৱত শ্রী শ্বাহ উপস্থিত থাকিব। এই দশেৰা উৎসৱতে ৰাৱণৰ প্ৰতিমূৰ্তি প্ৰতীকিভাৱে জ্বলোৱা হ’ব।