June 26, 2026 8:20 PM

views 22

ড্ৰাগছৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে যুঁজাৰ আহ্বান গৃহ মন্ত্রী অমিত শ্বাহৰ

কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহে আজি ড্ৰাগছৰ বিৰুদ্ধে ঐক্যবদ্ধভাবে যুদ্ধৰ আহ্বান জনাই কয় যে ড্ৰাগছৰ আতংকই ৰাষ্ট্ৰৰ নিৰাপত্তা, সামাজিক স্থিতিশীলতা, অর্থনৈতিক বিকাশ তথা যুৱক-যুৱতী আৰু দেশৰ ভৱিষ্যতৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। শ্রীশ্বাহে ড্রাগছ বিৰোধী এই যুঁজত যুৱক-যুৱতী আৰু মাতৃসকলক একগোট হৈ যুঁজ দিবলৈ আহ্বান জনাইছে। ড্ৰাগছৰ সৰবৰাহৰ বিৰুদ্ধে চৰকাৰৰ অবিৰত অভিযান চলি আছে বুলি দিল্লীত অনুষ্ঠিত নার্কো কৰডিনেছন চেণ্টাৰৰ দশম শীর্ষ পৰ্যায়ৰ বৈঠকত শ্রীশ্বাহে জানিবলৈ দিয়ে। ড্ৰাগছ অপৰাধৰ সৈতে জড়িত তথ্য শীঘ্র...

June 23, 2026 2:09 PM

views 24

‘‘ৰাষ্ট্ৰীয় কৃষি সমবায় বিপণন ফেডাৰেচন— নাফেডে দেশৰ প্রায় ৭৪ লাখ কৃষকক সহায় কৰি আহিছে’’—অমিত শ্বাহ

কেন্দ্রীয় সমবায় মন্ত্রী অমিত শ্বাহে কয়, যে ৰাষ্ট্ৰীয় কৃষি সমবায় বিপণন ফেডাৰেচন— নাফেডে দেশৰ প্রায় ৭৪ লাখ কৃষকক সহায় কৰি আহিছে। আজি নতুন দিল্লীত নাফেডৰ এটা নিলাম প'ৰ্টেল মুকলি কৰি শ্ৰীশ্বাহে এইদৰে প্ৰকাশ কৰে। এই প'ৰ্টেল মুকলি অনুষ্ঠানটো নতুন দিল্লীৰ অটল উৰ্জা ভৱনত অনুষ্ঠিত হয়। শ্রী শ্বাহে ড° শ্যামাপ্রসাদ মুখাৰ্জীৰ মৃত্যু তিথি উপলক্ষে তেওঁলৈ শ্রদ্ধা জ্ঞাপন কৰে। শ্ৰী শ্বাহে ড° শ্যামাপ্রসাদ মুখার্জীক ৰাষ্ট্ৰীয়তাবাদী, সাংস্কৃতিক জাতীয়তাবাদ আৰু ভাৰতীয় সংস্কৃতিৰ পৃষ্ঠপোষক হিচাপে অভিহিত কৰে। ...

June 21, 2026 11:04 AM

views 23

কেন্দ্রীয় মন্ত্রী অমিত শ্বাহে মহাৰাষ্ট্ৰৰ কোলহাপুৰত ১৪৪৫ কোটিৰো অধিক টকা ব্যয়সাপেক্ষ শ্রীঅম্বাবাই মন্দিৰ উন্নয়ন প্রকল্প শুভাৰম্ভ কৰে

কেন্দ্রীয় গৃহ আৰু সমবায় মন্ত্রী অমিত শ্বাহে কালি মহাৰাষ্ট্ৰৰ কোলহাপুৰত ১৪৪৫ কোটিৰো অধিক টকা ব্যয়সাপেক্ষ শ্রীঅম্বাবাই মন্দিৰ উন্নয়ন প্রকল্প শুভাৰম্ভ কৰে। মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্রী দেবেন্দ্র ফাড়নবীজ আৰু কেইবাগৰাকীও বিশিষ্ট ব্যক্তি এই অনুষ্ঠানত উপস্থিত থাকে। এই উপলক্ষে আয়োজিত সভাত অংশগ্ৰহণ কৰি শ্রীশ্বাহে কয়, যে ঐতিহাসিক কাৰ্বিৰত থকা শ্রীঅম্বাবাই মন্দিৰ সমগ্ৰ দেশৰ ভক্তসকলৰ এটি প্রধান বিশ্বাস আৰু উপাসনাৰ কেন্দ্ৰ। তেওঁ কয় যে প্রকল্পটোৱে মন্দিৰটোৰ ঐতিহাসিক সাংস্কৃতিক আৰু আধ্যাত্মিক ঐতিহ্যক সুৰক্ষিত ৰাখি...

June 20, 2026 10:41 PM

views 18

মহাৰাষ্ট্ৰৰ কোলহাপুৰত ১,৪৪৫ কোটিৰো অধিক টকা ব্যয়সাপেক্ষ শ্রীঅম্বাবাই মন্দিৰ উন্নয়ন প্রকল্পৰ শুভাৰম্ভ কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহৰ

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহে আজি মহাৰাষ্ট্ৰৰ কোলহাপুৰত এহেজাৰ ৪৪৫ কোটিৰো অধিক টকা ব্যয়সাপেক্ষ শ্রীঅম্বাবাই মন্দিৰ উন্নয়ন প্রকল্প শুভাৰম্ভ কৰে। মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেবেন্দ্ৰ ফাড়নাবীজ আৰু কেইবাগৰাকীও বিশিষ্ট ব্যক্তি এই অনুষ্ঠানত উপস্থিত থাকে।  এই উপলক্ষে আয়োজিত সভাত অংশগ্ৰহণ কৰি শ্রীশ্বাহে কয়, যে ঐতিহাসিক কাৰ্বিৰত থকা শ্রীঅম্বাবাই মন্দিৰ সমগ্ৰ দেশৰ ভক্তসকলৰ এটি প্রধান বিশ্বাস আৰু উপাসনাৰ কেন্দ্ৰ। তেওঁ কয় যে প্ৰকল্পটোৱে মন্দিৰটোৰ ঐতিহাসিক সাংস্কৃতিক আৰু আধ্যাত্মিক ঐতিহ্য...

June 12, 2026 4:54 PM

views 29

শ্রী অমৰনাথ যাত্ৰাৰ প্ৰস্তুতি সন্দৰ্ভত গৃহমন্ত্রী অমিত শ্বাহৰ পৰ্যালোচনা বৈঠক

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি নতুন দিল্লীত শ্রী অমৰনাথ যাত্ৰাৰ প্ৰস্তুতি সন্দৰ্ভত এখন উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰে। এই বৈঠকত সেনা বাহিনীৰ মুৰব্বী জেনেৰেল উপেন্দ্ৰ দ্বিবেদী, ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত দোভাল, জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহা, চি আৰ পি এফ, বি এছ এফ, চি আই এছ এফ, আই টি বি পি আৰু এছ এছ বি সঞ্চালক প্রধান সকলো উপস্থিত থাকে। অমৰনাথ যাত্ৰা অহা ৩ জুলাইত আৰম্ভ হ'ব আৰু ২৮ আগষ্টত সামৰণি পৰিব।

June 7, 2026 12:07 PM

views 29

আন্তঃৰাষ্ট্ৰীয় সীমান্তত বিত্তীয় লেনদেন, নির্মাণ কার্যকলাপ আৰু সম্পত্তি ক্রয় বিক্রয়ৰ ক্ষেত্ৰত নিৰীক্ষণ কৰিবলৈ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ আহ্বান

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আন্তঃৰাষ্ট্ৰীয় সীমান্তত বিত্তীয় লেনদেন, নির্মাণ কার্যকলাপ আৰু সম্পত্তি ক্রয় বিক্রয়ৰ ক্ষেত্ৰত নিৰীক্ষণ কৰিবলৈ আহ্বান জনাইছে। বি এছ এফৰ ত্ৰিপুৰা সীমান্তৰ মুখ্য কার্যালয়ত শ্রীশ্বাহৰ অধ্যক্ষতাত অনুষ্ঠিত এখন বৈঠকত উত্তৰ-পূবৰ ৰাজ্যসমূহৰ সীমান্তবর্তী অঞ্চলসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰি এই নির্দেশনা জাৰি কৰা হৈছে। গৃহমন্ত্ৰীগৰাকীয়ে বিগত ৫ বছৰৰ ভূমিৰ তথ্যসমূহৰ পুনৰীক্ষণৰো নির্দেশ দিয়ে। তেওঁ কয়, যে নিচাজাতীয় দ্রব্য আৰু অস্ত্ৰ সৰবৰাহৰ বিৰুদ্ধে সঘনাই অভিযান চলাব লাগিব আৰু নিচাজ...

June 5, 2026 7:42 PM

views 37

কেন্দ্ৰীয় চৰকাৰে স্মাৰ্ট ব’ৰ্ডাৰ পৰিযোজনাৰ অন্তিম পৰ্যায় কাৰ্যকৰী কৰাৰ বাবে কাম কৰি আছেঃ অমিত শ্বাহ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কয়, যে সীমা সুৰক্ষা অধিক শক্তিশালী কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে স্মাৰ্ট ব’ৰ্ডাৰ পৰিযোজনাৰ অন্তিম পৰ্যায় কাৰ্যকৰী কৰাৰ বাবে কাম কৰি আছে। ত্ৰিপুৰাৰ ভাৰত-বাংলাদেশ সীমান্তৰ লংকামুৰা- সীমান্ত আউট প’ষ্টত আজি অনুষ্ঠিত প্ৰহৰী সন্মিলনত অংশগ্রহণ কৰি গৃহমন্ত্ৰীগৰাকীয়ে এইদৰে কয়। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয়, যে এই পৰিযোজনা অন্তিম পৰ্যায়ত উপনীত হৈছে আৰু অহা বৰ্ষত সীমা সুৰক্ষা বল তথা সশস্ত্র সীমাবলৰ আঠটা সংবেদনশীল ক্ষেত্ৰত ইয়াৰ প্ৰয়োগ কৰা হ'ব। গৃহমন্ত্ৰী শ্ৰী শ্বাহ...

January 24, 2026 8:54 PM

views 97

উত্তৰ প্ৰদেশ দেশৰ কেৱল উদ্যমে নহয় ই বিকশিত ভাৰতৰ বিকাশ ইঞ্জিন হিচাপে পৰিগণিত হৈছেঃ অমিত শ্বাহ

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্রী অমিত শ্বাহে আজি কৈছে, যে উত্তৰ প্ৰদেশ দেশৰ কেৱল উদ্যমে নহয় ই বিকশিত ভাৰতৰ বিকাশ ইঞ্জিন হিচাপে পৰিগণিত হৈছে। আজি বিয়লি লক্ষ্ণৌত আয়োজিত উত্তৰ প্ৰদেশ দিৱসৰ কাৰ্যসূচীত তেওঁ মুখ্য অতিথি হিচাপে উপস্থিত থাকি এই কথা প্ৰকাশ কৰে। গৃহমন্ত্ৰীগৰাকীয়ে কয়, যে উত্তৰ প্ৰদেশ বৰ্তমান দেশৰ চতুৰ্থ অৰ্থ ব্যৱস্থাৰ ৰাজ্য হিচাপে পৰিগণিত হৈছে আৰু খাদ্য-সামগ্ৰীৰ উৎপাদনত ২০ শতাংশ অৱদান আগবঢ়াবলৈ সক্ষম হৈছে। তেওঁ নিৰ্ধাৰিত সময় অনুসৰি বৰ্তমান সময়ত ৰূপায়িত আঁচনিসমূহ সম্পূৰ্ণ কৰিবলৈ সম...

January 21, 2026 9:22 PM

views 53

স্বাধীনতা সংগ্ৰামী ৰাছ বিহাৰী বসুক মৃত্যুবার্ষিকীত গৃহমন্ত্ৰী অমিত শ্বাহৰ শ্ৰদ্ধাৰে সোঁৱৰণ

গৃহমন্ত্ৰী অমিত শ্বাহে আজি স্বাধীনতা সংগ্ৰামী ৰাছ বিহাৰী বসুৰ মৃত্যুবার্ষিকী উপলক্ষে তেওঁক শ্ৰদ্ধাৰে সোঁৱৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীশ্বাহে কয় যে স্বাধীনতা যুঁজত গাডাৰ বিপ্লৱৰ পৰা আজদ হিন্দ ফৌজৰ প্ৰতিষ্ঠা হোৱালৈকে ৰাছ বিহাৰী বসুৱে এক নতুন দিশৰ সূচনা কৰিছিল। শ্ৰীশ্বাহে লগতে কয় যে ইণ্ডিয়ান ইণ্ডিপেণ্ডেণ্টছ লীগৰ জৰিয়তে ৰাছ বিহাৰীয়ে বিদেশতো দেশৰ স্বাধীনতা আন্দোলনৰ বাবে সমৰ্থন আৰু সম্পদ সংগ্ৰহ কৰি স্বাধীনতাৰ যুঁজখন শক্তিশালীভাৱে সম্প্ৰসাৰিত কৰিছিল।

January 19, 2026 2:30 PM

views 60

এন ডি আৰ এফৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে বাহিনীটোৰ বিষয়া-কৰ্মচাৰীসকললৈ গৃহমন্ত্ৰী অমিত শ্বাহৰ শুভেচ্ছা

গৃহমন্ত্রী অমিত শ্বাহেও এন ডি আৰ এফৰ প্ৰতিষ্ঠা দিৱস উপলক্ষ্যে বাহিনীটোৰ বিষয়া-কৰ্মচাৰীসকললৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তাত শ্ৰী শ্বাহে এন ডি আৰ এফক বিশ্বাসৰ স্তম্ভ আক্ষা দি কয় যে দুৰ্যোগৰ সময়ত দেশে এন ডি আৰ এফৰ ওপৰত ভৰষা কৰে। দেশখনক দুর্যোগ প্ৰতিৰোধী হিচাপে গঢ়ি তোলাৰ বাবে চৰকাৰে গ্ৰহণ কৰা সংকল্প সফল কৰাৰ ক্ষেত্ৰত এন আৰ এফে ৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা বুলি শ্ৰী শ্বাহে উল্লেখ কৰে। গৃহমন্ত্ৰীগৰাকীয়ে লগতে আনৰ নিৰাপত্তা সুনিশ্চিত কৰা বাবে আত্মাহোতি দিয়া শহিদসকল...