August 11, 2026 12:58 PM

views 27

হৰ ঘৰ তিৰংগা অভিযানে দেশৰ সমূহীয়া শক্তি, নাগৰিকৰ একতা আৰু বিকশিত ভাৰত গঢ়াৰ প্ৰচেষ্টাক প্ৰতিফলিত কৰেঃ গৃহমন্ত্ৰী

হৰ ঘৰ তিৰংগা অভিযানে দেশৰ সমূহীয়া শক্তি, নাগৰিকৰ একতা আৰু বিকশিত ভাৰত গঢ়াৰ প্ৰচেষ্টাক প্ৰতিফলিত কৰে বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কালি প্ৰকাশ কৰিছে। সামাজিক মাধ্যমত এটা পোষ্টযোগে শ্রীশ্বাহে কয়, যে এইবছৰ বন্দে মাতৰমৰ ১৫০ বছৰীয়া জয়ন্তীৰ লগত সংগতি ৰাখি আয়োজন কৰা এই অভিযানে প্ৰতিগৰাকী দেশপ্ৰেমিকৰ হৃদয়ক স্পৰ্শ কৰিছে। ত্ৰিৰংগ যাত্ৰা আৰু বন্দে মাতৰম পৰিবেশনৰে এই অভিযানত সকলোকে অংশগ্রহণ কৰিবলৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আহ্বান জনাইছে। তেওঁ লগতে ত্ৰিৰংগ পতাকা উত্তোলন কৰি হৰ ঘৰ তিৰংগা ডট ক...

August 9, 2026 7:53 PM

views 25

কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহে পুডুচেৰীত হৰ ঘৰ তিৰংগা যাত্ৰা মুকলি কৰে

কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহে আজি পুডুচেৰীৰ মুৰুগা থিয়েটাৰ চিগনেলত হৰ ঘৰ তিৰংগা যাত্ৰা মুকলি কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত পুড়ুচেৰীৰ উপ-ৰাজ্যপাল কে কৈলাশনাথন, গৃহমন্ত্রী এ. নমশিবায়ম, কৃষি আৰু কৃষক কল্যাণ মন্ত্রী জি এন এছ ৰাজাশেখৰম আৰু বিজেপিৰ সভাপতি ভি পি ৰামালিংগম উপস্থিত থাকে। কেইবাহাজাৰ লোকে হাতত তিৰংগা পতাকা লৈ এই সমাবেশত অংশগ্রহণ কৰে। ইয়াৰ পূৰ্বে গৃহমন্ত্রী শ্রীশ্বাহে গ'ৰিমেডুৰ আৰক্ষী প্রশিক্ষণ বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত ৰাষ্ট্ৰপতিৰ পুলিচ কালাৰ প্রদান কার্যসূচীত অংশগ্রহণ কৰে। এই উপ...

July 29, 2026 1:26 PM

views 38

গৃহমন্ত্ৰী অমিত শ্বাহৰ বানৰ শেহতীয়া বান পৰিস্থিতি সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ সৈতে মত-বিনিময়

ৰাজ্যৰ বান পৰিস্থিতি সামান্য সুস্থিৰ হৈছে যদিও ৭ খন জিলাৰ বিস্তীর্ণ অঞ্চল এতিয়াও প্লাৱিত হৈ আছে। শেহতীয়া চৰকাৰী প্ৰতিবেদন অনুসৰি শিৱসাগৰ, গোলাঘাট, চৰাইদেউ, শোণিতপুৰ, যোৰহাট, নগাঁও আৰু কামৰূপ মহানগৰ জিলাৰ বহু অঞ্চল এতিয়াও বান প্ৰভাৱিত হৈ আছে। কালি শিৱসাগৰ জিলাত ৭ জন লোকৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ফলত বানত প্রাণহানি হোৱা লোকৰ সংখ্যা ৭৫ লৈ বৃদ্ধি পাইছে। কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি টেলিফোনযোগে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সৈতে কথা পাতি বান পৰিস্থিতিৰ বুজ লয়। গৃহমন্ত্ৰীগৰাকীয়ে ৰাজ্য শ...

July 27, 2026 11:35 AM

views 24

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰে নতুন প্ৰজন্মৰ ভৱিষ্যৎ সুৰক্ষাৰ বাবে নিৰন্তৰ সংস্কাৰৰ সিদ্ধান্ত গ্রহণ কৰি আহিছে বুলি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ প্রকাশ

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰে নতুন প্ৰজন্মৰ ভৱিষ্যৎ সুৰক্ষাৰ বাবে নিৰন্তৰ সংস্কাৰৰ সিদ্ধান্ত গ্রহণ কৰি আহিছে বুলি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে প্রকাশ কৰিছে। নন্দন নীলেকানিৰ নেতৃত্বত নতুনকৈ উচ্চ ক্ষমতাসম্পন্ন কাৰ্যবাহিনী গঠনৰ কথা উল্লেখ কৰি শ্ৰীশ্বাহে কয়, যে এই কার্যবাহিনীয়ে কোনোৱে যাতে দেশৰ শিক্ষা ব্যৱস্থাৰ শুদ্ধতা ভংগ কৰিব নোৱাৰে সেয়া সুনিশ্চিত কৰিব। তেওঁ লগতে কয়, যে চৰকাৰে প্ৰশ্নকাকত ফাদিল কৰা সকলৰ বিৰুদ্ধে দৃষ্টান্তমূলক শাস্তি প্রদান কৰি কোনোৱে যাতে এনে অপৰাধ কৰিবলৈ চেষ্টা ...

July 17, 2026 2:40 PM

views 29

৩ দিনীয়া ভ্রমণসূচীৰে পশ্চিমবংগলৈ গৃহমন্ত্রী অমিত শ্বাহ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ তিনিদিনীয়া ভ্রমণসূচী লৈ আজি নিশা পশ্চিমবংগলৈ আহিব। তেওঁ শিলিগুড়িৰ বাগদোগ্রা বিমান বন্দৰত নিশা ৯ বজাত অৱতৰণ কৰিব আৰু কদমতলাত থকা সীমান্ত সুৰক্ষা বাহিনীৰ সীমান্ত মুখ্য কাৰ্যালয়ত নিশাটো কটাব। কাইলৈ শ্ৰী শ্বাহ জামাগচৰ সীমাচকীত থকা বি এছ এফৰ অষ্টাদশ বেটেলিয়নলৈ যাব। তাত তেওঁ পাহাৰী সন্মিলনত ভাষণ দিয়াৰ লগতে গছপুলি ৰোপণ, আধাৰশিলা স্থাপন, বিভিন্ন প্ৰকল্পৰ উদ্বোধন কৰিব। শ্ৰী শ্বাহে বি এছ এফৰ জোৱানসকলৰ সৈতেও মত-বিনিময় কৰিব৷ গৃহমন্ত্ৰীগৰাকীয়ে শিলিগুড়িৰ উত্তৰ কন্যাত এ...

July 11, 2026 8:58 PM

views 23

যিকোনো ব্যক্তিৰ ব্যক্তিত্ব গঢ়াৰ ক্ষেত্ৰত গ্ৰন্থাগাৰৰ ভূমিকাত আলোকপাত কৰি নৱ প্ৰজন্মক গ্রন্থাগাৰৰ সৈতে সংযোগ স্থাপনৰ বাবে গৃহমন্ত্রী অমিত শ্বাহৰ আহ্বান

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে যিকোনো ব্যক্তিৰ ব্যক্তিত্ব গঢ়াৰ ক্ষেত্ৰত গ্ৰন্থাগাৰৰ ভূমিকাত আলোকপাত কৰি নৱ প্ৰজন্মক গ্রন্থাগাৰৰ সৈতে সংযোগ স্থাপনৰ বাবে আহ্বান জনাইছে। নতুন দিল্লীত আজি জয়প্ৰকাশ নাৰায়ণ ৰাজহুৱা গ্ৰন্থাগাৰ উদ্বোধন কৰি শ্ৰীশ্বাহে কয় যে লোকনায়ক জয়প্রকাশ নাৰায়ণ হৈছে এগৰাকী মহান স্বাধীনতা সংগ্রামী, চিন্তাবিদ, আৰু জাতীয় নেতা যিয়ে দেশৰ বাবে উল্লেখযোগ্য অৱদান আগবঢ়াই থৈ গৈছে। দেশ আৰু ইয়াৰ জনসাধাৰণক বুজাৰ বাবে অধ্যয়ন অতি প্রয়োজনীয় বুলি তেওঁ উল্লেখ কৰে। ৰাষ্ট্ৰ নিৰ্মাণত পুথিভ...

July 7, 2026 8:18 PM

views 21

এক পেড় মা কে নামৰ অভিযানৰ অধীনত ৭০ লাখ গছপুলি ৰোপনৰ অভিযান মুকলি গৃহমন্ত্রী অমিত শ্বাহৰ

গৃহমন্ত্রী অমিত শ্বাহে আজি দিল্লীত এক পেড় মা কে নামৰ অভিযানৰ অধীনত ৭০ লাখ গছপুলি ৰোপনৰ অভিযান মুকলি কৰে। অনুষ্ঠানত শ্ৰীশ্বাহে কয় যে দিল্লীৰ পৰিবেশ পৰিৱৰ্তন কৰাৰ লক্ষ্যৰে এই উল্লেখযোগ্য পদক্ষেপ লোৱা হৈছে। তেওঁ কয় যে দিল্লী চৰকাৰে ৫ হাজাৰ হেক্টৰ ভূমি বনভূমি হিচাপে ঘোষণা কৰি ইতিবাচক পদক্ষেপ গ্ৰহণ কৰিছে। শ্ৰীশ্বাহে কয় যে কেন্দ্ৰীয় চৰকাৰ আৰু দিল্লী চৰকাৰে পৰৱৰ্তী ৪ বছৰত ৬,৩০০ হেক্টৰ সেউজীয়া উচ্চ ভূমি অঞ্চলক বনভূমি হিচাপে গঢ়ি তুলিব। মন্ত্ৰীগৰাকীয়ে যমুনা নৈৰ পৰিস্কৰণৰ কাম চৰকাৰে অব্যাহত ৰাখিছে ...

July 6, 2026 8:02 PM

views 23

সংস্কাৰ, ডিজিটাইজেছন আৰু পেছাদাৰী ব্যৱস্থাপনাৰ জৰিয়তে সমবায় আন্দোলনে এটা নতুন অধ্যয়ত প্ৰৱেশ কৰিছেঃ অমিত শ্বাহ

গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহে আজি কয়, যে সংস্কাৰ, ডিজিটাইজেছন আৰু পেছাদাৰী ব্যৱস্থাপনাৰ জৰিয়তে সমবায় আন্দোলনে এটা নতুন অধ্যয়ত প্ৰৱেশ কৰিছে। সমবায় মন্ত্ৰালয়ৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী সম্বোধন কৰি শ্ৰীশ্বাহে কয় যে দেশৰ প্ৰতিটো অঞ্চলৰে ৫ খনকৈ শ্রেষ্ঠ সমবায় সমিতিক স্বীকৃতি দিবলৈ এটা ৰেংকিং ব্যৱস্থা গ্ৰহণ কৰা হৈছে। তেওঁ লগতে কয় যে সমবায় বেংকসমূহ সম্প্রতি ২৭ লাখ কোটি টকাৰ অৰ্থনীতিৰ গৰাকী। প্রাথমিক কৃষি ঋণ সমিতিসমূহ সুদৃঢ় কৰিবলৈ প্ৰচেষ্টা অব্যাহত আছে বুলি উল্লেখ কৰি গৃহমন্ত্ৰী তথা সমবায...

June 26, 2026 8:20 PM

views 26

ড্ৰাগছৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে যুঁজাৰ আহ্বান গৃহ মন্ত্রী অমিত শ্বাহৰ

কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহে আজি ড্ৰাগছৰ বিৰুদ্ধে ঐক্যবদ্ধভাবে যুদ্ধৰ আহ্বান জনাই কয় যে ড্ৰাগছৰ আতংকই ৰাষ্ট্ৰৰ নিৰাপত্তা, সামাজিক স্থিতিশীলতা, অর্থনৈতিক বিকাশ তথা যুৱক-যুৱতী আৰু দেশৰ ভৱিষ্যতৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। শ্রীশ্বাহে ড্রাগছ বিৰোধী এই যুঁজত যুৱক-যুৱতী আৰু মাতৃসকলক একগোট হৈ যুঁজ দিবলৈ আহ্বান জনাইছে। ড্ৰাগছৰ সৰবৰাহৰ বিৰুদ্ধে চৰকাৰৰ অবিৰত অভিযান চলি আছে বুলি দিল্লীত অনুষ্ঠিত নার্কো কৰডিনেছন চেণ্টাৰৰ দশম শীর্ষ পৰ্যায়ৰ বৈঠকত শ্রীশ্বাহে জানিবলৈ দিয়ে। ড্ৰাগছ অপৰাধৰ সৈতে জড়িত তথ্য শীঘ্র...

June 23, 2026 2:09 PM

views 28

‘‘ৰাষ্ট্ৰীয় কৃষি সমবায় বিপণন ফেডাৰেচন— নাফেডে দেশৰ প্রায় ৭৪ লাখ কৃষকক সহায় কৰি আহিছে’’—অমিত শ্বাহ

কেন্দ্রীয় সমবায় মন্ত্রী অমিত শ্বাহে কয়, যে ৰাষ্ট্ৰীয় কৃষি সমবায় বিপণন ফেডাৰেচন— নাফেডে দেশৰ প্রায় ৭৪ লাখ কৃষকক সহায় কৰি আহিছে। আজি নতুন দিল্লীত নাফেডৰ এটা নিলাম প'ৰ্টেল মুকলি কৰি শ্ৰীশ্বাহে এইদৰে প্ৰকাশ কৰে। এই প'ৰ্টেল মুকলি অনুষ্ঠানটো নতুন দিল্লীৰ অটল উৰ্জা ভৱনত অনুষ্ঠিত হয়। শ্রী শ্বাহে ড° শ্যামাপ্রসাদ মুখাৰ্জীৰ মৃত্যু তিথি উপলক্ষে তেওঁলৈ শ্রদ্ধা জ্ঞাপন কৰে। শ্ৰী শ্বাহে ড° শ্যামাপ্রসাদ মুখার্জীক ৰাষ্ট্ৰীয়তাবাদী, সাংস্কৃতিক জাতীয়তাবাদ আৰু ভাৰতীয় সংস্কৃতিৰ পৃষ্ঠপোষক হিচাপে অভিহিত কৰে। ...