কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কাইলৈ মুম্বাইত ষষ্ঠ সৰ্বভাৰতীয় চৰকাৰী ভাষা সন্মিলন আৰু হিন্দী দিৱস ২০২৬ৰ আৰম্ভণি সত্ৰত ভাষণ দিব। গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনত চৰকাৰী ভাষা বিভাগে দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা এই সন্মিলনৰ জৰিয়তে হিন্দী ভাষাৰ সংবর্ধনৰ লগতে অন্যান্য ভাৰতীয় ভাষাসমূহৰ লগতে হিন্দীৰ সমন্বয় সন্দৰ্ভত আলোচনা কৰিবলৈ বিশেষজ্ঞ, ভাষাবিদ, শিক্ষাবিদ তথা চৰকাৰী জ্যেষ্ঠ বিষয়াসকলে সুযোগ পাব।
আৰম্ভণিৰ অধিবেশনত শ্রীশ্বাহে হিন্দী ভাষাৰ ব্যৱহাৰ আৰু সংবর্ধনৰ ক্ষেত্ৰত আগবঢ়োৱা বৰঙণিৰ বাবে কেইবাগৰাকীও ব্যক্তি তথা প্রতিষ্ঠানক ২০২৫-২৬ বৰ্ষৰ ৰাজভাষা গৌৰৱ আৰু ৰাজভাষা কীর্তি বঁটা প্ৰদান কৰিব।
এই অধিবেশনৰ সৈতে সংগতি ৰাখি ৰাষ্ট্ৰ গীত বন্দে মাতৰম আৰু এই গীতৰ ঐতিহাসিক, ভাষিক আৰু সাংস্কৃতিক তাৎপর্য সন্দর্ভত বিশেষ আলোচনা অনুষ্ঠিত হ’ব। এই সন্মিলনত বন্দে মাতৰমৰ প্ৰতি উৎসর্গিত ৰাজভাষা ভাৰতীৰ এটা বিশেষ সংস্কৰণকে ধৰি কেইবাখনো গ্রন্থ মুকলি কৰা হ’ব।