January 21, 2026 9:22 PM

views 53

স্বাধীনতা সংগ্ৰামী ৰাছ বিহাৰী বসুক মৃত্যুবার্ষিকীত গৃহমন্ত্ৰী অমিত শ্বাহৰ শ্ৰদ্ধাৰে সোঁৱৰণ

গৃহমন্ত্ৰী অমিত শ্বাহে আজি স্বাধীনতা সংগ্ৰামী ৰাছ বিহাৰী বসুৰ মৃত্যুবার্ষিকী উপলক্ষে তেওঁক শ্ৰদ্ধাৰে সোঁৱৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীশ্বাহে কয় যে স্বাধীনতা যুঁজত গাডাৰ বিপ্লৱৰ পৰা আজদ হিন্দ ফৌজৰ প্ৰতিষ্ঠা হোৱালৈকে ৰাছ বিহাৰী বসুৱে এক নতুন দিশৰ সূচনা কৰিছিল। শ্ৰীশ্বাহে লগতে কয় যে ইণ্ডিয়ান ইণ্ডিপেণ্ডেণ্টছ লীগৰ জৰিয়তে ৰাছ বিহাৰীয়ে বিদেশতো দেশৰ স্বাধীনতা আন্দোলনৰ বাবে সমৰ্থন আৰু সম্পদ সংগ্ৰহ কৰি স্বাধীনতাৰ যুঁজখন শক্তিশালীভাৱে সম্প্ৰসাৰিত কৰিছিল।

January 19, 2026 2:30 PM

views 61

এন ডি আৰ এফৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে বাহিনীটোৰ বিষয়া-কৰ্মচাৰীসকললৈ গৃহমন্ত্ৰী অমিত শ্বাহৰ শুভেচ্ছা

গৃহমন্ত্রী অমিত শ্বাহেও এন ডি আৰ এফৰ প্ৰতিষ্ঠা দিৱস উপলক্ষ্যে বাহিনীটোৰ বিষয়া-কৰ্মচাৰীসকললৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তাত শ্ৰী শ্বাহে এন ডি আৰ এফক বিশ্বাসৰ স্তম্ভ আক্ষা দি কয় যে দুৰ্যোগৰ সময়ত দেশে এন ডি আৰ এফৰ ওপৰত ভৰষা কৰে। দেশখনক দুর্যোগ প্ৰতিৰোধী হিচাপে গঢ়ি তোলাৰ বাবে চৰকাৰে গ্ৰহণ কৰা সংকল্প সফল কৰাৰ ক্ষেত্ৰত এন আৰ এফে ৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা বুলি শ্ৰী শ্বাহে উল্লেখ কৰে। গৃহমন্ত্ৰীগৰাকীয়ে লগতে আনৰ নিৰাপত্তা সুনিশ্চিত কৰা বাবে আত্মাহোতি দিয়া শহিদসকল...

January 14, 2026 1:21 PM

views 55

গুজৰাট বায়’টেকন’লজি ৰিচাৰ্ছ চেণ্টাৰৰ বি এছ এল ৪ বায়’কণ্টেইনমেণ্ট ফেচিলিটী উদ্বোধন

ভাৰতে জৈৱ প্ৰযুক্তিৰ ক্ষেত্ৰত অভূতপূর্ব সফলতা লাভ কৰাৰ বিষয়টোৱে দেশৰ বাবে বিশেষ সুযোগ প্ৰদান কৰিছে বুলি কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্রী অমিত শ্বাহে মন্তব্য কৰিছে। গান্ধীনগৰ জিলাৰ পেঠাপুৰত কালি গুজৰাট বায়’টেকন'লজি ৰিচাৰ্ছ চেণ্টাৰৰ বি এছ এল ৪ বায়’কণ্টেইনমেণ্ট ফেচিলিটী উদ্বোধন কৰি শ্ৰীশ্বাহে এনেদৰে কয়। তেওঁ লগতে কয়, যে ২০১৪ চনত ভাৰতৰ জৈৱ অৰ্থনীতি ১০ বিলিয়ন ডলাৰ থকাৰ বিপৰীতে ২০২৪ চনৰ শেষলৈ এই পৰিমাণ ১৬৬ বিলিয়ন ডলাৰলৈ বৃদ্ধি পায়।

January 13, 2026 9:05 PM

views 57

ভাৰতে জৈৱ প্ৰযুক্তিৰ ক্ষেত্ৰত অভূতপূর্ব বৃদ্ধি লাভ কৰিছে: অমিত শ্বাহ

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহে কয়, যে ভাৰতে জৈৱ প্ৰযুক্তিৰ ক্ষেত্ৰত অভূতপূর্ব বৃদ্ধি লাভ কৰিছে, যিয়ে দেশৰ বাবে বিশেষ সুযোগ প্ৰদান কৰিছে। গান্ধীনগৰ জিলাৰ পেঠাপুৰত গুজৰাট বায়'টেকন'লজি ৰিচাৰ্ছ চেণ্টাৰৰ বি এছ এল ৪ বায়'কণ্টেইনমেণ্ট ফেচিলিটী উদ্বোধন কৰি শ্ৰীশ্বাহে এনেদৰে কয়। শ্ৰীশ্বাহে লগতে কয়, যে ২০১৪ চনত ভাৰতৰ জৈৱ অৰ্থনীতি ১০ বিলিয়ন ডলাৰ থকাৰ বিপৰীতে ২০২৪ চনৰ শেষলৈকে ১৬৬ বিলিয়ন ডলাৰলৈ বৃদ্ধি হয়।

January 11, 2026 7:36 PM

views 49

চৰকাৰে দেশখনক আত্মবিশ্বাসী, উচ্চাকাংক্ষী আৰু আত্মনিৰ্ভৰশীল কৰি গঢ়ি তুলিব বিচাৰিছে বুলি গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰকাশ

গৃহমন্ত্রী অমিত শ্বাহে আজি কয়, যে নৰেন্দ্ৰ মোদী চৰকাৰে দেশখনক আত্মবিশ্বাসী, উচ্চাকাংক্ষী আৰু আত্মনিৰ্ভৰশীল কৰি গঢ়ি তুলিব বিচাৰিছে। প্ৰত্যেকখন ৰাজ্যই নিজৰ সম্ভাৱনা উপলব্ধি কৰি এই লক্ষ্যত উপনীত হ'বলৈ চেষ্টা কৰা উচিত বুলি তেওঁ মত প্ৰকাশ কৰে। থিৰুৱনন্তপুৰমত নতুন ভাৰত, নতুন কেৰালা সন্মিলন উদ্বোধন কৰি তেওঁ আয়ুর্বেদ, তথ্য-প্রযুক্তি, পর্যটন আৰু ক্ৰীড়াৰ দৰে খণ্ডত ৰাজ্যখনৰ প্ৰগতিৰ প্ৰশংসা কৰে। এল ডি এফ আৰু ইউ ডি এফ চৰকাৰে ৰাজ্যখনত ৰাজনৈতিক স্থবিৰতাৰ সৃষ্টি কৰা বুলি উল্লেখ কৰি তেওঁ কয়, যে কেৰালাই বিজে...

January 11, 2026 11:14 AM

views 47

দেশে স্বদেশী আৰু স্ব-ভাষাৰ মন্ত্ৰ আঁকোৱালি লৈ আত্মনিৰ্ভৰ হৈ উঠিব পাৰে বুলি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ মন্তব্য

দেশে স্বদেশী আৰু স্ব-ভাষাৰ মন্ত্ৰ আঁকোৱালি লৈ আত্মনিৰ্ভৰ হৈ উঠিব পাৰে বুলি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে মন্তব্য কৰিছে। ৰাজস্থানৰ যোথপুৰত কালি এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে জনসাধাৰণক স্থানীয় সামগ্ৰী ব্যৱহাৰ কৰিবলৈ আৰু ঘৰত নিজৰ মাতৃভাষাতে কথা পাতিবলৈ আহ্বান জনায়। শ্রীশ্বাহে কয়, যে ভাষা যিকোনো সমাজ, সংস্কৃতি আৰু অঞ্চলৰ সংৰক্ষণৰ মূল চাবি-কাঠি স্বৰূপ। তেওঁ কয়, যে বিশ্বৰ প্ৰগতিৰ বাবে প্রয়োজন অনুসৰি যিকোনো ভাষা শিকিব পাৰি যদিও ঘৰত শিশুৰ সৈতে কথা পতাৰ বাবে স্থানীয় ভাষাহে ব্যৱহাৰ ...

January 4, 2026 7:55 AM

views 73

নতুন ফৌজদাৰী আইনে ২০২৯ চনৰ ভিতৰত চেচন আদালতৰ পৰা উচ্চতম ন্যায়ালয়লৈকে সময় নিৰ্ধাৰিত ন্যায় নিশ্চিত কৰিব বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰকাশ

২০২৯ চনৰ ভিতৰত চেচন আদালতৰ পৰা উচ্চতম ন্যায়ালয়লৈ তিনিখন নতুন ফৌজদাৰী আইনে সময় নির্ধাৰিত ন্যায় সুনিশ্চিত কৰিব। কালি আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ শ্ৰী বিজয়া পুৰমত গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ সংসদীয় পৰামৰ্শদাতা সমিতিৰ বৈঠকৰ অধ্যক্ষতা কৰি কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে এইদৰে কয়। নতুন ফৌজদাৰী আইনকেইখনে তদন্ত ত্বৰান্বিত কৰাৰ লগতে দোষী সাব্যস্ত হোৱাৰ হাৰ বৃদ্ধি কৰিছে বুলিও শ্রী শ্বাহে উল্লেখ কৰে। তেওঁ কয় যে ২০১৯ চনৰ পৰা গৃহ মন্ত্ৰালয়ে সংসদীয় পৰামৰ্শদাতা সমিতিৰ ১২খন বৈঠক অনুষ্ঠিত কৰিছে আৰু ...

December 30, 2025 8:18 PM

views 51

পশ্চিমবংগ চৰকাৰে সীমান্তত কাঁইটীয়া বেৰ নিৰ্মাণৰ বাবে ভূমি আবণ্টন দিয়াৰ পৰিৱৰ্তে অনুপ্ৰৱেশকাৰীক ভূমি প্রদান কৰাত অগ্ৰাধিকাৰ দিয়া বুলি কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহৰ অভিযোগ

  পশ্চিমবংগ চৰকাৰে সীমান্তত কাঁইটীয়া বেৰ নিৰ্মাণৰ বাবে ভূমি আবণ্টন দিয়াৰ পৰিৱৰ্তে অনুপ্ৰৱেশকাৰীক ভূমি প্রদান কৰাত অগ্ৰাধিকাৰ দিয়া বুলি কেন্দ্রীয় গৃহ মন্ত্রী তথা জ্যেষ্ঠ বিজেপি নেতা অমিত শ্বাহে অভিযোগ তুলিছে। তেওঁ লগতে ধন কর্তন বলপূর্বক ধনদাবী আৰু সাম্প্রদায়িক তোষামোদৰ বাবে ৰাজ্যখনত উন্নয়ন প্রক্রিয়া স্থৱিৰ হোৱা বুলি দাবী কৰে। নেতাজী সুভাষ চন্দ্র বসুৰ ৮০ সংখ্যক বার্ষিকী উপলক্ষে ক'লকাতাত আজাদ হিন্দ বাহিনীৰ পতাকা উত্তোলন কৰি শ্ৰীশ্বাহে মহিলাৰ নিৰাপত্তা আৰু পশ্চিমবংগৰ পৰা ঔদ্যোগিক প্রব্রজনক লৈ উ...

December 29, 2025 4:57 PM

views 64

বটদ্ৰৱা সাংস্কৃতিক প্রকল্প উদ্বোধন গৃহমন্ত্রী অমিত শ্বাহ

দিনজোৰা ভ্ৰমণসূচীৰে আজি অসমলৈ অহা কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ আজি কিছুসময়ৰ পূৰ্বে বটদ্ৰৱা সাংস্কৃতিক প্রকল্প উদ্বোধন কৰে। বটদ্ৰৱা প্রকল্পস্থলীত উপস্থিত হোৱাৰ পাছতে গৃহমন্ত্ৰীগৰাকীয়ে আয়তীসকলক দিহা নাম পৰিৱেশনেৰে আদৰণি জনায়। গৃহমন্ত্ৰীগৰাকীক মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই পৱিত্ৰ গুৰু আসনৰ প্ৰতিকৃতি, মুখা শিল্পৰ চানেকি আৰু পাটৰ গামোচাৰে আদৰণি জনায়। শ্ৰী শ্বাহে বটদ্ৰৱাত কেইবাটাও প্রকল্প উদ্বোধন কৰাৰ লগতে ভালেমান কার্যসূচীত অংশ লৈছে। কেন্দ্রীয় গৃহমন্ত্ৰীগৰাকীয়ে বটদ্ৰৱাত ৰাজ্য চৰকাৰে ...

December 29, 2025 11:27 AM

views 74

গুৱাহাটী আৰু বটদ্ৰৱাত কেইবাটাও প্রকল্প উদ্বোধন গৃহমন্ত্রী অমিত শ্বাহৰ

● কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি গুৱাহাটী আৰু বটদ্ৰৱাত কেইবাটাও প্রকল্প উদ্বোধন কৰাৰ লগতে ভালেমান কার্যসূচীত অংশ ল'ব। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী কালি গুৱাহাটীলৈ অহাৰ কথা আছিল যদিও ঘন কুঁৱলীৰ বাবে তেওঁৰ বিমান যাত্রা বাতিল হোৱাত অসম ভ্রমণ এদিন পিছুৱাই দিবলগীয়া হয়। আজি পুৱা গুৱাহাটীত উপস্থিত হৈ শ্ৰীশ্বাহে শ্বহীদ স্মাৰক ক্ষেত্ৰ পৰিদৰ্শন কৰি অসম আন্দোলনৰ বীৰ শ্বহীদসকলৰ প্ৰতি শ্রদ্ধা জনাব। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ইয়াৰ পাছত নগাঁও জিলাৰ বটদ্ৰৱাত ৰাজ্য চৰকাৰে নতুনকৈ নিৰ্মাণ কৰি উলিওৱা ঐতি...