আন্তঃৰাষ্ট্ৰীয় সীমান্তত বিত্তীয় লেনদেন, নির্মাণ কার্যকলাপ আৰু সম্পত্তি ক্রয় বিক্রয়ৰ ক্ষেত্ৰত নিৰীক্ষণ কৰিবলৈ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ আহ্বান

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আন্তঃৰাষ্ট্ৰীয় সীমান্তত বিত্তীয় লেনদেন, নির্মাণ কার্যকলাপ আৰু সম্পত্তি ক্রয় বিক্রয়ৰ ক্ষেত্ৰত নিৰীক্ষণ কৰিবলৈ আহ্বান জনাইছে। বি এছ এফৰ ত্ৰিপুৰা সীমান্তৰ মুখ্য কার্যালয়ত শ্রীশ্বাহৰ অধ্যক্ষতাত অনুষ্ঠিত এখন বৈঠকত উত্তৰ-পূবৰ ৰাজ্যসমূহৰ সীমান্তবর্তী অঞ্চলসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰি এই নির্দেশনা জাৰি কৰা হৈছে। গৃহমন্ত্ৰীগৰাকীয়ে বিগত ৫ বছৰৰ ভূমিৰ তথ্যসমূহৰ পুনৰীক্ষণৰো নির্দেশ দিয়ে। তেওঁ কয়, যে নিচাজাতীয় দ্রব্য আৰু অস্ত্ৰ সৰবৰাহৰ বিৰুদ্ধে সঘনাই অভিযান চলাব লাগিব আৰু নিচাজাতীয় দ্রব্য সৰবৰাহৰ সৈতে জড়িত ব্যক্তিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰিব লাগিব।

সীমান্তবর্তী অঞ্চলৰ লোকসকলক নিচাজাতীয় দ্রব্য আৰু অস্ত্র-শস্ত্ৰৰ সৈতে মোকাবিলা কৰিব পৰাকৈ প্ৰশিক্ষণ শিবিৰৰো আয়োজন কৰা উচিত বুলি গৃহমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। কেন্দ্ৰীয় আৰু ৰাজ্যিক সংস্থাসমূহৰ মাজত সমন্বয়ৰ দ্বাৰা সীমান্ত অঞ্চলৰ সামগ্রিক উন্নয়ন আৰু নিৰাপত্তা সুনিশ্চিত কৰিবলৈ চৰকাৰ প্রতিশ্রুতিবদ্ধ বুলিও শ্রীশ্বাহে উল্লেখ কৰে। এই বৈঠকত ত্ৰিপুৰাৰ মুখ্যমন্ত্রী মানিক সাহা, মুখ্য সচিব জে কে সিনহা, আৰক্ষী সঞ্চালক প্রধান অনুৰাগ ধনখড়, জিলা দণ্ডাধীশসহ উচ্চ পদস্থ বিষয়াসকল উপস্থিত থাকে।