December 28, 2025 10:10 AM
61
কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ আজি দুদিনীয়া ভ্রমণসূচীৰে অসমলৈ আহিব
কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ আজি দুদিনীয়া ভ্রমণসূচীৰে অসমলৈ আহিব। ভ্ৰমণকালত শ্ৰীশ্বাহে গুৱাহাটী আৰু বটদ্ৰবাত কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। তেওঁ কাইলৈ নগাঁও জিলাৰ বটদ্ৰৱাত অসম চৰকাৰে নতুনকৈ নিৰ্মাণ কৰি উলিওৱা ঐতিহাসিক বটদ্ৰৱা প্রকল্প উদ্বোধন কৰিব। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাক কলা-সংস্কৃতি আৰু আধ্যাত্মিকতাৰ অন্যতম প্রাণকেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লগতে পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ কৰি তোলাত এই প্ৰকল্পই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি আশা কৰা হৈছে। গৃহমন্ত্ৰীগৰাক...