January 11, 2026 7:36 PM
52
চৰকাৰে দেশখনক আত্মবিশ্বাসী, উচ্চাকাংক্ষী আৰু আত্মনিৰ্ভৰশীল কৰি গঢ়ি তুলিব বিচাৰিছে বুলি গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰকাশ
গৃহমন্ত্রী অমিত শ্বাহে আজি কয়, যে নৰেন্দ্ৰ মোদী চৰকাৰে দেশখনক আত্মবিশ্বাসী, উচ্চাকাংক্ষী আৰু আত্মনিৰ্ভৰশীল কৰি গঢ়ি তুলিব বিচাৰিছে। প্ৰত্যেকখন ৰাজ্যই নিজৰ সম্ভাৱনা উপলব্ধি কৰি এই লক্ষ্যত উপনীত হ'বলৈ চেষ্টা কৰা উচিত বুলি তেওঁ মত প্ৰকাশ কৰে। থিৰুৱনন্তপুৰমত নতুন ভাৰত, নতুন কেৰালা সন্মিলন উদ্বোধন কৰি তেওঁ আয়ুর্বেদ, তথ্য-প্রযুক্তি, পর্যটন আৰু ক্ৰীড়াৰ দৰে খণ্ডত ৰাজ্যখনৰ প্ৰগতিৰ প্ৰশংসা কৰে। এল ডি এফ আৰু ইউ ডি এফ চৰকাৰে ৰাজ্যখনত ৰাজনৈতিক স্থবিৰতাৰ সৃষ্টি কৰা বুলি উল্লেখ কৰি তেওঁ কয়, যে কেৰালাই বিজে...