দেশে স্বদেশী আৰু স্ব-ভাষাৰ মন্ত্ৰ আঁকোৱালি লৈ আত্মনিৰ্ভৰ হৈ উঠিব পাৰে বুলি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে মন্তব্য কৰিছে। ৰাজস্থানৰ যোথপুৰত কালি এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে জনসাধাৰণক স্থানীয় সামগ্ৰী ব্যৱহাৰ কৰিবলৈ আৰু ঘৰত নিজৰ মাতৃভাষাতে কথা পাতিবলৈ আহ্বান জনায়। শ্রীশ্বাহে কয়, যে ভাষা যিকোনো সমাজ, সংস্কৃতি আৰু অঞ্চলৰ সংৰক্ষণৰ মূল চাবি-কাঠি স্বৰূপ। তেওঁ কয়, যে বিশ্বৰ প্ৰগতিৰ বাবে প্রয়োজন অনুসৰি যিকোনো ভাষা শিকিব পাৰি যদিও ঘৰত শিশুৰ সৈতে কথা পতাৰ বাবে স্থানীয় ভাষাহে ব্যৱহাৰ কৰা উচিত। এনে কৰিলে শিশুসকল শিপাৰ সৈতে সংপৃক্ত হ’ব বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ বাবে কাম কৰাৰ আৱশ্যকতাৰ বিষয়ে গুৰুত্ব আৰোপ কৰি শ্ৰীশ্বাহে কয়, যে স্বদেশীৰ মন্ত্ৰই ২০৪৭ চনৰ ভিতৰতে সকলো ক্ষেত্ৰতে দেশক অগ্ৰণী ৰাষ্ট্ৰৰূপে পৰিণত কৰিব।
Assamese | January 11, 2026 11:14 AM | Amit Shah
দেশে স্বদেশী আৰু স্ব-ভাষাৰ মন্ত্ৰ আঁকোৱালি লৈ আত্মনিৰ্ভৰ হৈ উঠিব পাৰে বুলি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ মন্তব্য