December 6, 2025 8:08 PM

views 56

দুগ্ধ উৎপাদন খণ্ডত অহা ৫ বছৰত পশুপালকসকলৰ আয় ২০ শতাংশ বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণৰ কথা প্ৰকাশ কেন্দ্ৰীয় সমবায় মন্ত্ৰী অমিত শ্বাহৰ

চৰকাৰে দুগ্ধ উৎপাদন খণ্ডত বৃত্তাকাৰ অৰ্থনীতিৰ আৰ্হি ৰূপায়ণ কৰি অহা পাঁচ বছৰত পশুপালকসকলৰ আয় ২০ শতাংশ বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা বুলি কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহে প্ৰকাশ কৰিছে। গুজৰাটৰ ছনাদৰত আজি বনাছ ডেইৰীৰ বায়' চি এন জি আৰু সাৰ প্ৰকল্পৰ উদ্বোধন আৰু অত্যাধুনিক ১৫০ টি ডি পি পাউডাৰ গাখীৰ তথা শিশু আহাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি মন্ত্ৰীগৰাকীয় এইদৰে প্ৰকাশ কৰে। বনাছ ডেইৰীয়ে প্ৰত্যাখাৰ অর্থনীতি সফলভাৱে ৰূপায়ণ কৰা বুল উল্লেখ কৰি শ্ৰী শ্বাহে কয়, যে চৰকাৰে সমগ্ৰ দেশৰ ডেইৰী...

November 29, 2025 12:35 PM

views 49

আৰক্ষী সঞ্চালকপ্ৰধান আৰু আৰক্ষী মহা-পৰিদৰ্শকসকলৰ সৰ্ব ভাৰতীয় সন্মিলনৰ ৬০ সংখ্যক সংস্কৰণ উদ্বোধন

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কালি চত্তিশগড়ৰ ৰায়পুৰত অনুষ্ঠিত আৰক্ষী সঞ্চালকপ্ৰধান আৰু আৰক্ষী মহা-পৰিদৰ্শকসকলৰ সৰ্ব ভাৰতীয় সন্মিলনৰ ৬০ সংখ্যক সংস্কৰণ উদ্বোধন কৰে। শ্ৰীশ্বাহে ভাষণ প্ৰসংগত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গতিশীল নেতৃত্বত দেশৰ আভ্যন্তৰীণ নিৰাপত্তাজনিত প্ৰত্যাহ্বানসমূহৰ মোকাবিলা কৰাৰ লগতে বিভিন্ন সমস্যা চিহ্নিত কৰি তাৰ সমাধানৰ বাবে শক্তিশালী নীতি প্ৰস্তুত কৰাত চৰকাৰ সফল হৈছে বুলি প্ৰকাশ কৰে। নক্সালবাদৰ প্ৰসংগত শ্ৰীশ্বাহে কয়, যে বিগত ৭ বছৰত কেন্দ্ৰীয় চৰকাৰে নিৰাপত্তা ব্যৱস্থা শক...

November 24, 2025 6:25 PM

views 52

লাচিত বৰফুকনলৈ গৃহমন্ত্রী অমিত শ্বাহৰ শ্রদ্ধাঞ্জলি

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আহোম সেনাপতি লাচিত বৰফুকনলৈ তেওঁৰ জয়ন্তী শ্রদ্ধাঞ্জলি জ্ঞাপন কৰিছে। শ্ৰীশ্বাহে কয়, যে লাচিত বৰফুকনৰ অপৰিসীম দেশভক্তি,শৌর্য-বীৰ্য আৰু অদম্য সামৰিক নেতৃত্বই কেৱল অসমকে নহয়, বৰং সমগ্ৰ উত্তৰপূবক মোগলৰ আগ্ৰাসনৰ পৰা ৰক্ষা কৰিবলৈ সমৰ্থ হৈছিল। ইয়াৰ জৰিয়তে অঞ্চলটোৰ প্ৰাচীন সাংস্কৃতিক ঐতিহ্যও সুৰক্ষিত হৈছিল বুলি উল্লেখ কৰি সামাজিক মাধ্যমৰ বাৰ্তাত গৃহমন্ত্ৰী শ্বাহে কয়, যে লাচিত বৰফুকনৰ জীৱন চিৰদিনৰ বাবে দেশভক্তিৰ অনন্য প্ৰেৰণা হৈ ৰব।

November 17, 2025 7:55 PM

views 59

গৃহমন্ত্রী অমিত শ্বাহৰ অধ্যক্ষতাত উত্তৰ মাণ্ডলিক পৰিষদৰ বৈঠক

হাৰিয়ানাৰ ফৰিদাবাদত আজি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ অধ্যক্ষতাত উত্তৰ মাণ্ডলিক পৰিষদৰ এখন বৈঠক অনুষ্ঠিত হয়। উল্লেখযোগ্য যে হাৰিয়ানা, হিমাচল প্ৰদেশ, পাঞ্জাব, ৰাজস্থান, দিল্লী, জম্মু আৰু কাশ্মীৰ, লাডাখ আৰু চণ্ডীগড়ক লৈ উত্তৰ মাণ্ডলিক পৰিষদ গঠিত। ৰাজস্থানৰ মুখ্যমন্ত্ৰী ভজনলাল শৰ্মা, পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱত মন, হাৰিয়ানাৰ মুখ্যমন্ত্রী নয়ব সিং সৈনী, হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং সুখু, জম্মু আৰু কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিন্হা, দিল্লীৰ উপ-ৰাজ্যপাল বিনয় কুমাৰ চাক্সেনা, জম্মু-কা...

November 17, 2025 5:16 PM

views 63

গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত উত্তৰ মাণ্ডলিক পৰিষদৰ বৈঠক অনুষ্ঠিত

হাৰিয়ানাৰ ফৰিদাবাদত আজি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত উত্তৰ মাণ্ডলিক পৰিষদৰ এখন বৈঠক অনুষ্ঠিত হৈছে। উল্লেখযোগ্য যে হাৰিয়ানা, হিমাচল প্ৰদেশ, পাঞ্জাব, ৰাজস্থান, দিল্লী, জম্মু আৰু কাশ্মীৰ, লাডাখ আৰু চণ্ডীগড়ক লৈ উত্তৰ মাণ্ডলিক পৰিষদ গঠিত। ৰাজস্থানৰ মুখ্যমন্ত্ৰী ভজনলাল শৰ্মা, পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱত মন, হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নয়ব সিং সৈনী, হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং সুখু, জম্মু আৰু কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিন্হা, দিল্লীৰ উপ-ৰাজ্যপাল বিনয় কুমাৰ চাক্সেনা, জম্মু-ক...

November 16, 2025 11:07 AM

views 62

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ অধ্যক্ষতাত হাৰিয়ানাৰ ফৰিদাবাদত উত্তৰ মণ্ডলীয় পৰিষদৰ বৈঠক

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কাইলৈ হাৰিয়ানাৰ ফৰিদাবাদত হ'বলগীয়া উত্তৰ মণ্ডলীয় পৰিষদৰ বৈঠকত অধ্যক্ষতা কৰিব। পঞ্জাৱ, হাৰিয়ানা আৰু হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীসকলৰ লগতে দিল্লী, জম্মু-কাশ্মীৰ আৰু লাডাখৰ উপ ৰাজ্যপাল, চণ্ডীগড়ৰ প্ৰশাসক মণ্ডলীৰ লগতে অন্যান্য বিষয়ববীয়াসকলেও এই বৈঠকত অংশগ্ৰহণ কৰিব। চৰকাৰীসূত্ৰত প্ৰকাশ পোৱা মতে, ৰাজ্যসমূহৰ মাজত সহযোগিতা স্থাপন, পানীৰ ভাগ বটোৱাৰা আৰু উন্নয়নমূলক কাম আদি বিষয়সমূহ সন্দৰ্ভত এই ৩২ সংখ্যক উত্তৰ মণ্ডলীয়া পৰিষদৰ বৈঠকত আলোচনা হোৱাৰ সম্ভাৱনা আছে। কেইবাখ...

November 11, 2025 6:34 PM

views 76

দিল্লীৰ বিস্ফোৰণৰ ঘটনাটোৰ পৰিপ্ৰেক্ষিতত গৃহমন্ত্রী অমিত শ্বাহৰ নতুন দিল্লীৰ বাসগৃহত উচ্চ পর্যায়ৰ বৈঠক

দিল্লীৰ লালকিল্লাৰ কাষৰীয়া এলেকাত কালি সন্ধিয়া সংঘটিত গাড়ীৰ বিস্ফোৰণৰ ঘটনাটোৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহৰ নতুন দিল্লীৰ বাসগৃহত আজি এখন উচ্চ পর্যায়ৰ বৈঠক অনুষ্ঠিত হয়। শেহতীয়া নিৰাপত্তা ব্যৱস্থাৰ পৰ্যালোচনাৰ বাবে অনুষ্ঠিত এই বৈঠকত কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে অধ্যক্ষতা কৰে। বৈঠকখনত কেন্দ্ৰীয় গৃহ সচিব, চোৰাংচোৱা ব্যুৰোৰ সঞ্চালক, দিল্লীৰ আৰক্ষী আয়ুক্ত আৰু ৰাষ্ট্ৰীয় তদন্ত সংস্থা এন আই এৰ সঞ্চালকপ্ৰধানগৰাকীয়ে অংশগ্রহণ কৰে। জম্মু আৰু কাশ্মীৰ আৰক্ষীৰ সঞ্চালকপ্ৰধানগৰাকীয়ে...

November 10, 2025 6:13 PM

views 55

সমাজৰ প্ৰান্তীয় শ্ৰেণী তথা অভিলাষী যুৱচামৰ সৱলীকৰণৰ বাবে নগৰীয়া সমবায় বেংকসমূহক আগবাঢ়ি আহিবলৈ গৃহমন্ত্ৰী অমিত শ্বাহৰ আহ্বান

গৃহ তথা সমবায় মন্ত্রী অমিত শ্বাহে সমাজৰ প্ৰান্তীয় শ্ৰেণী তথা অভিলাষী যুৱচামৰ সৱলীকৰণৰ বাবে নগৰীয়া সমবায় বেংকসমূহক আগবাঢ়ি আহিবলৈ আহ্বান জনাইছে। নতুন দিল্লীত আজি নগৰীয়া সমবায় ঋণ খণ্ড সন্দৰ্ভত আয়োজিত আন্তঃৰাষ্ট্ৰীয় সন্মিলন ‘কো-অপ কুম্ভ ২০২৫' মুকলি কৰি তেওঁ কয়, যে ৰাষ্ট্ৰীয় নগৰীয়া সমবায় বেংক আৰু ঋণ সমিতি লিমিটেড ফেডাৰেচন, NAFCUB তথা নগৰীয়া সংস্থাসমূহে নীতি নিৰ্দেশনা জাৰি কৰা উচিত। এই নীতিসমূহৰ ওপৰত ভিত্তি কৰি সকলো নগৰীয়া সমবায় বেংকে বিত্তীয় আন্তঃগাঁথনিৰ শৈলী প্রস্তুত কৰা উচিত বুলি শ...

October 27, 2025 7:57 PM

views 81

ভাৰত সামুদ্রিক সপ্তাহ ২০২৫ উদ্বোধন গৃহমন্ত্রী অমিত শ্বাহৰ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি মুম্বাইত ভাৰত সামুদ্রিক সপ্তাহ ২০২৫ উদ্বোধন কৰে। অনুষ্ঠানত ভাষণ দি শ্ৰী শ্বাহে কয়, যে ভাৰতৰ সামুদ্রিক দৃষ্টিভংগী, নিৰাপত্তা, স্থিৰতা আৰু আত্মনিৰ্ভৰশীলতাৰ ওপৰত প্রতিষ্ঠিত শেহতীয়া কেইটামান বছৰত গ্ৰহণ কৰা ব্যাপক গাঁথনিগত সংস্কাৰৰ জৰিয়তে ভাৰত সম্প্ৰতি এটা গুৰুত্বপূৰ্ণ সামুদ্রিক শক্তিৰূপে উদ্ভাসিত হৈ উঠিছে। বিনিয়োগকাৰীসকলৰ বাবে ভাৰতৰ সামুদ্রিক সম্ভাৱনীয়তাৰ ওপৰত আলোকপাত কৰি মন্ত্ৰীগৰাকীয়ে কয়, যে দেশখনৰ ৭,৫০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ উপকূলীয় অঞ্চল ১৩ খন উপকূলীয় ...

October 27, 2025 6:42 PM

views 68

২১ টা মাওবাদীৰ অস্ত্র-শস্ত্ৰসহ ছট্টিশগড়ৰ কংকাৰ জিলাত আত্মসমৰ্পণ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি জানিবলৈ দিছে যে ২১ টা মাওবাদীয়ে অস্ত্র-শস্ত্ৰসহ ছট্টিশগড়ৰ কংকাৰ জিলাত আত্মসমৰ্পণ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰী শ্বাহে কয়, যে এইসকলৰ ভিতৰত ১৩ গৰাকী জ্যেষ্ঠ মাওবাদী অহা বছৰৰ ৩১ মাৰ্চৰ ভিতৰত দেশৰ পৰা মাওবাদী মুক্ত কৰাৰ সংকল্পৰ কথা উল্লেখ কৰি শ্ৰী শ্বাহে আন মাওবাদীসকলক অস্ত্র-শস্ত্রসহ অতি শীঘ্ৰে আহ্বান জনাইছে।