কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহে অহা ২৯ ডিচেম্বৰত ঐতিহাসিক বটদ্ৰৱা প্ৰকল্প উদ্বোধন কৰিব। কেন্দ্রীয় গৃহমন্ত্ৰীগৰাকীৰ এই কাৰ্যসূচী সুকলমে আয়োজন কৰাৰ লক্ষ্যৰে কালি মন্ত্রী পীযূষ হাজৰিকাই প্রকল্পস্থলী পর্যবেক্ষণ কৰে। মন্ত্রী কেশৱ মহন্ত, বিধায়ক ৰূপক শর্মা, জিতু গোস্বামী আৰু শশীকান্ত দাসৰ সৈতে তেওঁ প্রকল্পস্থলী পৰিদৰ্শন কৰি কাম-কাজসমূহৰ অগ্ৰগতিৰ বুজ লয়। বটদ্ৰৱা থানখনক কলা-সংস্কৃতি আৰু আধ্যাত্মিকতাৰ অন্যতম প্রাণকেন্দ্র হিচাপে গঢ়ি তোলাৰ লগতে পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্রবিন্দুলৈ ৰূপান্তৰ কৰাত এই প্রকল্পই গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।
Assamese | December 14, 2025 11:20 AM | Amit Shah | Batardwa Project
কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহে ২৯ ডিচেম্বৰত ঐতিহাসিক বটদ্ৰৱা প্ৰকল্প উদ্বোধন কৰিব