November 17, 2025 5:16 PM

views 65

গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত উত্তৰ মাণ্ডলিক পৰিষদৰ বৈঠক অনুষ্ঠিত

হাৰিয়ানাৰ ফৰিদাবাদত আজি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত উত্তৰ মাণ্ডলিক পৰিষদৰ এখন বৈঠক অনুষ্ঠিত হৈছে। উল্লেখযোগ্য যে হাৰিয়ানা, হিমাচল প্ৰদেশ, পাঞ্জাব, ৰাজস্থান, দিল্লী, জম্মু আৰু কাশ্মীৰ, লাডাখ আৰু চণ্ডীগড়ক লৈ উত্তৰ মাণ্ডলিক পৰিষদ গঠিত। ৰাজস্থানৰ মুখ্যমন্ত্ৰী ভজনলাল শৰ্মা, পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱত মন, হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নয়ব সিং সৈনী, হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং সুখু, জম্মু আৰু কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিন্হা, দিল্লীৰ উপ-ৰাজ্যপাল বিনয় কুমাৰ চাক্সেনা, জম্মু-ক...

November 16, 2025 11:07 AM

views 64

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ অধ্যক্ষতাত হাৰিয়ানাৰ ফৰিদাবাদত উত্তৰ মণ্ডলীয় পৰিষদৰ বৈঠক

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কাইলৈ হাৰিয়ানাৰ ফৰিদাবাদত হ'বলগীয়া উত্তৰ মণ্ডলীয় পৰিষদৰ বৈঠকত অধ্যক্ষতা কৰিব। পঞ্জাৱ, হাৰিয়ানা আৰু হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীসকলৰ লগতে দিল্লী, জম্মু-কাশ্মীৰ আৰু লাডাখৰ উপ ৰাজ্যপাল, চণ্ডীগড়ৰ প্ৰশাসক মণ্ডলীৰ লগতে অন্যান্য বিষয়ববীয়াসকলেও এই বৈঠকত অংশগ্ৰহণ কৰিব। চৰকাৰীসূত্ৰত প্ৰকাশ পোৱা মতে, ৰাজ্যসমূহৰ মাজত সহযোগিতা স্থাপন, পানীৰ ভাগ বটোৱাৰা আৰু উন্নয়নমূলক কাম আদি বিষয়সমূহ সন্দৰ্ভত এই ৩২ সংখ্যক উত্তৰ মণ্ডলীয়া পৰিষদৰ বৈঠকত আলোচনা হোৱাৰ সম্ভাৱনা আছে। কেইবাখ...

November 11, 2025 6:34 PM

views 81

দিল্লীৰ বিস্ফোৰণৰ ঘটনাটোৰ পৰিপ্ৰেক্ষিতত গৃহমন্ত্রী অমিত শ্বাহৰ নতুন দিল্লীৰ বাসগৃহত উচ্চ পর্যায়ৰ বৈঠক

দিল্লীৰ লালকিল্লাৰ কাষৰীয়া এলেকাত কালি সন্ধিয়া সংঘটিত গাড়ীৰ বিস্ফোৰণৰ ঘটনাটোৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহৰ নতুন দিল্লীৰ বাসগৃহত আজি এখন উচ্চ পর্যায়ৰ বৈঠক অনুষ্ঠিত হয়। শেহতীয়া নিৰাপত্তা ব্যৱস্থাৰ পৰ্যালোচনাৰ বাবে অনুষ্ঠিত এই বৈঠকত কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে অধ্যক্ষতা কৰে। বৈঠকখনত কেন্দ্ৰীয় গৃহ সচিব, চোৰাংচোৱা ব্যুৰোৰ সঞ্চালক, দিল্লীৰ আৰক্ষী আয়ুক্ত আৰু ৰাষ্ট্ৰীয় তদন্ত সংস্থা এন আই এৰ সঞ্চালকপ্ৰধানগৰাকীয়ে অংশগ্রহণ কৰে। জম্মু আৰু কাশ্মীৰ আৰক্ষীৰ সঞ্চালকপ্ৰধানগৰাকীয়ে...

November 10, 2025 6:13 PM

views 56

সমাজৰ প্ৰান্তীয় শ্ৰেণী তথা অভিলাষী যুৱচামৰ সৱলীকৰণৰ বাবে নগৰীয়া সমবায় বেংকসমূহক আগবাঢ়ি আহিবলৈ গৃহমন্ত্ৰী অমিত শ্বাহৰ আহ্বান

গৃহ তথা সমবায় মন্ত্রী অমিত শ্বাহে সমাজৰ প্ৰান্তীয় শ্ৰেণী তথা অভিলাষী যুৱচামৰ সৱলীকৰণৰ বাবে নগৰীয়া সমবায় বেংকসমূহক আগবাঢ়ি আহিবলৈ আহ্বান জনাইছে। নতুন দিল্লীত আজি নগৰীয়া সমবায় ঋণ খণ্ড সন্দৰ্ভত আয়োজিত আন্তঃৰাষ্ট্ৰীয় সন্মিলন ‘কো-অপ কুম্ভ ২০২৫' মুকলি কৰি তেওঁ কয়, যে ৰাষ্ট্ৰীয় নগৰীয়া সমবায় বেংক আৰু ঋণ সমিতি লিমিটেড ফেডাৰেচন, NAFCUB তথা নগৰীয়া সংস্থাসমূহে নীতি নিৰ্দেশনা জাৰি কৰা উচিত। এই নীতিসমূহৰ ওপৰত ভিত্তি কৰি সকলো নগৰীয়া সমবায় বেংকে বিত্তীয় আন্তঃগাঁথনিৰ শৈলী প্রস্তুত কৰা উচিত বুলি শ...

October 27, 2025 7:57 PM

views 83

ভাৰত সামুদ্রিক সপ্তাহ ২০২৫ উদ্বোধন গৃহমন্ত্রী অমিত শ্বাহৰ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি মুম্বাইত ভাৰত সামুদ্রিক সপ্তাহ ২০২৫ উদ্বোধন কৰে। অনুষ্ঠানত ভাষণ দি শ্ৰী শ্বাহে কয়, যে ভাৰতৰ সামুদ্রিক দৃষ্টিভংগী, নিৰাপত্তা, স্থিৰতা আৰু আত্মনিৰ্ভৰশীলতাৰ ওপৰত প্রতিষ্ঠিত শেহতীয়া কেইটামান বছৰত গ্ৰহণ কৰা ব্যাপক গাঁথনিগত সংস্কাৰৰ জৰিয়তে ভাৰত সম্প্ৰতি এটা গুৰুত্বপূৰ্ণ সামুদ্রিক শক্তিৰূপে উদ্ভাসিত হৈ উঠিছে। বিনিয়োগকাৰীসকলৰ বাবে ভাৰতৰ সামুদ্রিক সম্ভাৱনীয়তাৰ ওপৰত আলোকপাত কৰি মন্ত্ৰীগৰাকীয়ে কয়, যে দেশখনৰ ৭,৫০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ উপকূলীয় অঞ্চল ১৩ খন উপকূলীয় ...

October 27, 2025 6:42 PM

views 70

২১ টা মাওবাদীৰ অস্ত্র-শস্ত্ৰসহ ছট্টিশগড়ৰ কংকাৰ জিলাত আত্মসমৰ্পণ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি জানিবলৈ দিছে যে ২১ টা মাওবাদীয়ে অস্ত্র-শস্ত্ৰসহ ছট্টিশগড়ৰ কংকাৰ জিলাত আত্মসমৰ্পণ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰী শ্বাহে কয়, যে এইসকলৰ ভিতৰত ১৩ গৰাকী জ্যেষ্ঠ মাওবাদী অহা বছৰৰ ৩১ মাৰ্চৰ ভিতৰত দেশৰ পৰা মাওবাদী মুক্ত কৰাৰ সংকল্পৰ কথা উল্লেখ কৰি শ্ৰী শ্বাহে আন মাওবাদীসকলক অস্ত্র-শস্ত্রসহ অতি শীঘ্ৰে আহ্বান জনাইছে।

October 13, 2025 8:15 PM

views 67

যোৱা বছৰ কাৰ্যকৰী হোৱা তিনিখন অপৰাধ আইনে ন্যায়িক ব্যৱস্থা দ্রুত, সৰল আৰু অধিক সুলভ কৰি তুলিছেঃ গৃহমন্ত্রী

গৃহমন্ত্রী অমিত শ্বাহে কয় যে যোৱা বছৰ কাৰ্যকৰী হোৱা তিনিখন অপৰাধ আইনে ন্যায়িক ব্যৱস্থা দ্রুত, সৰল আৰু অধিক সুলভ কৰি তুলিছে। তেওঁ এই আইন সমূহ ন্যায়ৰ সহজতা নিশ্চিত কৰাৰ দিশত এই বৃহৎ পদক্ষেপ বুলি কয়। শ্ৰীশ্বাহে আজি জয়পুৰত নতুন অপৰাধ আইন কার্যকৰীকৰণৰ এবছৰ পূৰ্ণ হোৱা উপলক্ষে ৰাজ্যিক পৰ্যায়ৰ এখন প্ৰদৰ্শনী উদ্বোধন কৰাৰ পাছত অনুষ্ঠিত এখন সভাত ভাষণ দি এইদৰে কয়। তেওঁ কয় যে বিস্তৃত আলোচনা আৰু কেইবাশ লোকৰ পৰামৰ্শৰ অন্তত এই আইন প্রনয়ন কৰা হৈছে। এই আইনৰ মূল বৈশিষ্ট্যসমূহৰ ওপৰত আলোকপাত কৰি শ্ৰীশ্বাহে ...

October 8, 2025 7:03 PM

views 77

লোকনায়ক জয় প্রকাশ নাৰায়ণৰ মৃত্যু দিৱস উপলক্ষে গৃহমন্ত্রী অমিত শ্বাহৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

গৃহমন্ত্রী অমিত শ্বাহে আজি স্বাধীনতা সংগ্রামী লোকনায়ক জয় প্রকাশ নাৰায়ণৰ মৃত্যু দিৱস উপলক্ষে তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰীশ্বাহে কয়, যে জয় প্রকাশ নাৰায়ণে সেই সময়ৰ দেশৰ যুৱ প্ৰজন্মক স্বৰাজ সংগ্ৰামৰ সৈতে সংযুক্ত কৰি দেশে স্বাধীনতা লাভ কৰাৰ দিশে আগবঢ়াৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা পালন কৰিছিল। তেওঁ লগতে কয়, যে তেতিয়াৰ গ্ৰামীণ ভাৰতখন সৱল কৰি তোলা তথা গণতন্ত্ৰক ৰক্ষণাবেক্ষণ দিয়াৰ বিষয়ত নাৰায়ণৰ ভূমিকা লেখত ল'বলগীয়া। লোকনায়কজনে নিজৰ সম্পূৰ্ণ ক্ৰান্তিৰ শ্লোগানৰ জৰিয়তে সেই সময়ৰ দেশৰ...

October 7, 2025 12:08 PM

views 62

গৃহমন্ত্ৰী অমিত শ্বাহৰ বিহাৰৰ জনতাক গণতন্ত্ৰৰ বিশেষ উৎসৱৰ বাবে অভিনন্দন জ্ঞাপন

■ বিহাৰ বিধানসভা নিৰ্বাচনৰ দিন ঘোষণাৰ পাছতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৰাজ্যখনৰ জনতাক গণতন্ত্ৰৰ বিশেষ উৎসৱৰ বাবে অভিনন্দন জ্ঞাপন কৰে। সামাজিক মাধ্যমত এটা পোষ্টযোগে তেওঁ কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত এন ডি এ চৰকাৰে জংঘলৰাজ যুগৰ পৰা আঁতৰাই বিহাৰক উন্নয়ন আৰু সুশাসনৰ পথত আগবঢ়াই লৈ যাব। ৰাজ্যখন দৰিদ্ৰ লোকৰ কল্যাণ, আন্তঃগাঁথনি, স্বাস্থ্য সেৱা আৰু শিক্ষাকে ধৰি বহু ক্ষেত্ৰত ঐতিহাসিক পৰিৱৰ্তনৰ সাক্ষী হ'ব বুলি শ্ৰীশ্বাহে আলোকপাত কৰে। তেওঁ কয় যে সমাগত নিৰ্বাচনত বিহাৰৰ জনতাই পুনৰ উন...

October 6, 2025 8:43 PM

views 98

বিহাৰৰ জনতাক গণতন্ত্ৰৰ বিশেষ উৎসৱৰ বাবে গৃহমন্ত্রী অমিত শ্বাহৰ অভিনন্দন জ্ঞাপন

বিহাৰ বিধানসভা নিৰ্বাচনৰ দিন ঘোষণাৰ পাছতে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে ৰাজ্যখনৰ জনতাক গণতন্ত্ৰৰ বিশেষ উৎসৱৰ বাবে অভিনন্দন জ্ঞাপন কৰে। সামাজিক মাধ্যমত এটা পোষ্টযোগে তেওঁ কয় যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত এন ডি এ চৰকাৰে জংঘলৰাজ যুগৰ পৰা আঁতৰাই বিহাৰক উন্নয়ন আৰু সুশাসনৰ পথত আগবঢ়াই লৈ যাব। ৰাজ্যখন দৰিদ্ৰ লোকৰ কল্যাণ, আন্তঃগাঁথনি, স্বাস্থ্য সেৱা আৰু শিক্ষাকে ধৰি বহু ক্ষেত্ৰত ঐতিহাসিক পৰিৱৰ্তনৰ সাক্ষী হ'ব বুলি শ্রীশ্বাহে আলোকপাত কৰে। তেওঁ কয় যে সমাগত নিৰ্বাচনত বিহাৰৰ জনতাই পুনৰ উন্নয়নৰ ...