বিহাৰ বিধানসভা নিৰ্বাচনৰ দিন ঘোষণাৰ পাছতে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে ৰাজ্যখনৰ জনতাক গণতন্ত্ৰৰ বিশেষ উৎসৱৰ বাবে অভিনন্দন জ্ঞাপন কৰে। সামাজিক মাধ্যমত এটা পোষ্টযোগে তেওঁ কয় যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত এন ডি এ চৰকাৰে জংঘলৰাজ যুগৰ পৰা আঁতৰাই বিহাৰক উন্নয়ন আৰু সুশাসনৰ পথত আগবঢ়াই লৈ যাব। ৰাজ্যখন দৰিদ্ৰ লোকৰ কল্যাণ, আন্তঃগাঁথনি, স্বাস্থ্য সেৱা আৰু শিক্ষাকে ধৰি বহু ক্ষেত্ৰত ঐতিহাসিক পৰিৱৰ্তনৰ সাক্ষী হ’ব বুলি শ্রীশ্বাহে আলোকপাত কৰে। তেওঁ কয় যে সমাগত নিৰ্বাচনত বিহাৰৰ জনতাই পুনৰ উন্নয়নৰ ৰাজনীতিক সমৰ্থন কৰিব।
Assamese | October 6, 2025 8:43 PM | Amit Shah
বিহাৰৰ জনতাক গণতন্ত্ৰৰ বিশেষ উৎসৱৰ বাবে গৃহমন্ত্রী অমিত শ্বাহৰ অভিনন্দন জ্ঞাপন