August 2, 2026 11:43 AM | Census 2027

printer

ৰাজ্যত আজি লোকপিয়লৰ প্ৰথম পৰ্যায় আৰম্ভ

ৰাজ্যত আজি লোকপিয়লৰ প্ৰথম পৰ্যায় আৰম্ভ হৈছে। এই স্ব-গণনা প্রক্রিয়া অহা ১৬ আগষ্টত সামৰণি পৰিব। ডিজিটেল পদক্ষেপৰ জৰিয়তে লোকপিয়ল ২০২৭ত জনগণনাৰ তথ্য প্ৰতিগৰাকী নাগৰিকে নিজৰ সুবিধাজনক সময়ত অনলাইন যোগে দাখিল কৰাৰ সুযোগ লাভ কৰিব। এই প্ৰক্ৰিয়াত ৮৫ হাজাৰ গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে।

 জনসাধাৰণে se.census.gov.in প’ৰ্টেলত গৈ নিজৰ ম’বাইল নম্বৰ ব্যৱহাৰ কৰি অ টি পিৰ জৰিয়তে লগ ইন কৰিব লাগিব। প্ৰতিদিনে পুৱা ৬ বজাৰ পৰা মাজনিশা পর্যন্ত খোলা থকা এই প’ৰ্টেলত অসমীয়া, ইংৰাজী, আদিকে ধৰি অন্যান্য ১৪টা ভাষাত নাগৰিকসকলে তথ্যসমূহ পূৰাব পাৰিব। 

উল্লেখযোগ্য যে, নাগৰিকসকলে ডিজিটেল মানচিত্ৰত নিজৰ গৃহৰ অৱস্থান চিহ্নিত কৰিব লাগিব। এই তথ্য দাখিলৰ পাছত লাভ কৰা স্ব-গণনা পৰিচয় সুৰক্ষিতভাৱে ৰখাটো প্ৰয়োজন। পৰৱৰ্তী সময়ত গণনাকাৰী বিষয়াসকলক এই স্ব-গণনা পৰিচয় প্ৰদান কৰিব লাগিব আৰু গণনাকাৰী বিষয়াসকলে তথ্যসমূহ নিশ্চিত কৰিব । ১৭ আগষ্টৰ পৰা গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ জনগণনা কৰিব। এই প্ৰক্ৰিয়া ১৫ ছেপ্তেম্বৰ পৰ্যন্ত চলিব। লোকপিয়লত জনসাধাৰণে ১৬টা ভাষাত তথ্য দিব পাৰিব।

ৰাজ্যৰ অন্যান্য জিলাসমূহৰ লগতে ধেমাজি জিলাতো আজিৰে পৰা লোকপিয়লৰ প্ৰথম পৰ্যায় আৰম্ভ হৈছে। জিলাখনৰ প্ৰধান লোকপিয়ল বিষয়া তথা জিলা আয়ুক্ত ৰাহুল সুৰেশ জাভিৰে প্ৰতিগৰাকী নাগৰিকক এই ডিজিটেল সুবিধাৰ সদব্যৱহাৰ কৰি লোকপিয়ল ২০২৭ সফল কৰি তোলাত সক্রিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।

লখিমপুৰ জিলাতো জিলা আয়ুক্ত তথা মুখ্য লোকপিয়ল বিষয়াৰ কাৰ্যালয়ে জিলাখনৰ সকলো বাসিন্দাক এই লোকপিয়লৰ গৃহ তালিকাভুক্ত কৰণৰ অধীনত আজিৰে পৰা হ’বলগীয়া ডিজিটেল স্ব-গণনা ব্যৱস্থাত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।

একেদৰে শিলচৰ, পশ্চিম কাৰ্বি আংলং জিলাতো এই লোকপিয়লৰ প্ৰথম পৰ্যায় আজিৰ পৰা আৰম্ভ হৈছে।