September 10, 2026 1:47 PM

views 5

লোকপিয়ল ২০২৭-ৰ প্ৰথম পৰ্যায়ত গৃহ গণনাৰ ক্ষেত্ৰত হাইলাকান্দি জিলাৰ প্ৰথম স্থান অধিকাৰ

লোকপিয়ল ২০২৭-ৰ প্ৰথম পৰ্যায়ত গৃহ গণনাৰ ক্ষেত্ৰত হাইলাকান্দি জিলাই ৯৩.৩ শতাংশ কাম সম্পূৰ্ণ কৰি ৰাজ্যৰ ভিতৰতে প্ৰথম স্থান অধিকাৰ কৰিছে। জিলাখনৰ ৬টা অঞ্চলত গৃহ গণনাৰ কাম ১০০ শতাংশ সম্পূৰ্ণ হৈছে। ৰাজ্যৰ লোকপিয়লৰ উপ-মহা পঞ্জীয়ক ভাৰতী চন্দাই এই বিষয়ে প্ৰকাশ কৰিছে। জিলাখনৰ আয়ুক্ত জয় বিকাশৰ নেতৃত্বত সুন্দৰভাৱে এই কাম সম্পন্ন হৈছে বুলি তেওঁ প্ৰকাশ কৰিছে। আনহাতে, ৭৪ শতাংশ কাম সম্পূর্ণ কৰি বিশ্বনাথ জিলা দ্বিতীয় স্থানত আছে বুলিও কোৱা হৈছে। বৰাক উপত্যকাৰ শ্ৰীভূমি আৰু কাছাৰ জিলাত ৩৬ আৰু ১৪ শতাংশ কাম স...

August 21, 2026 8:01 PM

views 12

ৰাজ্যজুৰি ১৬ আগষ্টৰ পৰা নিৰ্ধাৰিত সূচী অনুযায়ী লোকপিয়লৰ বিভিন্ন তথ্য সংগ্ৰহ

ৰাজ্যজুৰি লোকপিয়লৰ কামত নিয়োজিত গণনাকাৰী বিষয়া, পর্যবেক্ষক আৰু ক্ষেত্ৰভিত্তিক প্রশিক্ষকসকলে ১৬ আগষ্টৰ পৰা নিৰ্ধাৰিত সূচী অনুযায়ী ঘৰে ঘৰে গৈ বিভিন্ন তথ্য সংগ্ৰহ কৰিছে। হাইলাকান্দি জিলাতো লোকপিয়ল পূর্ণগতিত চলি আছে। জিলাখনত ঘৰে ঘৰে গৈ তথ্য সংগ্ৰহৰ প্রক্রিয়া প্রায় সম্পূর্ণ হৈছে। আমাৰ হাইলাকান্দিৰ সংবাদদাতাই জনোৱা মতে ইতিমধ্যে প্রায় ৯৫ শতাংশ ঘৰে ঘৰে গৈ তথ্য সংগ্ৰহৰ কাম সম্পূর্ণ হৈছে। জিলাখনত ইয়াৰ বাবে এহেজাৰ ২০০ গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। নগাওঁ জিলাত লোকপিয়লত নিয়োজিত কিছুসংখ্যক বিষয়া কৰ্মচাৰীয়ে ত...

August 21, 2026 6:04 PM

views 23

ৰাজ্যৰ অন্যান্য ঠাইৰ লগতে হাইলাকান্দি জিলাতো লোকপিয়ল পূর্ণগতিত অব্যাহত

ৰাজ্যৰ অন্যান্য ঠাইৰ লগতে হাইলাকান্দি জিলাতো লোকপিয়ল পূর্ণগতিত চলি আছে। জিলাখনত ঘৰে ঘৰে গৈ তথ্য সংগ্ৰহৰ প্ৰক্ৰিয়া প্ৰায় সম্পূৰ্ণ হৈছে। আমাৰ হাইলাকান্দিৰ সংবাদদাতাই জনোৱা মতে ইতিমধ্যে প্রায় ৯৫ শতাংশ ঘৰে ঘৰে গৈ তথ্য সংগ্ৰহৰ কাম সম্পূৰ্ণ হৈছে। জিলাখনত ইয়াৰ বাবে এহেজাৰ ২০০ গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে।

August 2, 2026 11:43 AM

views 35

ৰাজ্যত আজি লোকপিয়লৰ প্ৰথম পৰ্যায় আৰম্ভ

ৰাজ্যত আজি লোকপিয়লৰ প্ৰথম পৰ্যায় আৰম্ভ হৈছে। এই স্ব-গণনা প্রক্রিয়া অহা ১৬ আগষ্টত সামৰণি পৰিব। ডিজিটেল পদক্ষেপৰ জৰিয়তে লোকপিয়ল ২০২৭ত জনগণনাৰ তথ্য প্ৰতিগৰাকী নাগৰিকে নিজৰ সুবিধাজনক সময়ত অনলাইন যোগে দাখিল কৰাৰ সুযোগ লাভ কৰিব। এই প্ৰক্ৰিয়াত ৮৫ হাজাৰ গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে।  জনসাধাৰণে se.census.gov.in প'ৰ্টেলত গৈ নিজৰ ম'বাইল নম্বৰ ব্যৱহাৰ কৰি অ টি পিৰ জৰিয়তে লগ ইন কৰিব লাগিব। প্ৰতিদিনে পুৱা ৬ বজাৰ পৰা মাজনিশা পর্যন্ত খোলা থকা এই প'ৰ্টেলত অসমীয়া, ইংৰাজী, আদিকে ধৰি অন্যান্য ১৪টা ভাষাত...

August 1, 2026 9:48 PM

views 18

ৰাজ্যত কাইলৈৰ পৰা লোকপিয়লৰ প্ৰথম পৰ্যায়

ৰাজ্যত কাইলৈ লোকপিয়লৰ প্ৰথম পৰ্যায় আৰম্ভ হ'ব। ইয়াৰ বাবে ৮৫ হাজাৰ গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। কাইলৈৰ পৰা ১৬ আগষ্টলৈ স্ব-গণনা আৰম্ভ হ'ব। জনসাধাৰণে se.census.gov.in প'ৰ্টেলত গৈ নিজৰ ম'বাইল নম্বৰ ব্যৱহাৰ কৰি অ টি পিৰ জৰিয়তে লগ ইন কৰিব লাগিব। ইয়াৰ পাছত নিজৰ জিলা আৰু স্থানীয় তথ্য বাছনি কৰি গৃহ আৰু পৰিয়াল সম্পৰ্কীয় তথ্য পূৰণ কৰিব পাৰিব।  ডিজিটেল মানচিত্ৰত নিজৰ গৃহৰ অৱস্থান চিহ্নিত কৰিব লাগিব। এই তথ্য দাখিলৰ পাছত লাভ কৰা স্বগণনা পৰিচয় সুৰক্ষিতভাৱে ৰখাটো প্ৰয়োজন। পৰৱৰ্তী সময়ত গণনাকাৰী বিষ...

July 29, 2026 1:24 PM

views 18

লোকপিয়ল ২০২৭ৰ বাবে বিশ্বনাথ জিলাৰ হেলেম আৰু গহপুৰ চাৰ্জ লোকপিয়ল কাৰ্যালয়ৰ অধীনৰ বিষয়া-কৰ্মচাৰীসকলক প্ৰশিক্ষণ

লোকপিয়ল ২০২৭ৰ বাবে বিশ্বনাথ জিলাৰ হেলেম আৰু গহপুৰ চাৰ্জ লোকপিয়ল কাৰ্যালয়ৰ অধীনৰ বিষয়া-কৰ্মচাৰীসকলক প্ৰশিক্ষণ দিয়া হৈছে। ছয়দুৱাৰ মহাবিদ্যালয়ত অনুষ্ঠিত এই প্রশিক্ষণ কাৰ্যসূচীত একাধিক গোটত বিষয়া-কৰ্মচাৰীসকলক বিভিক্ত কৰি ক্ষেত্ৰ প্ৰশিক্ষকে লোকপিয়লৰ যাৱতীয় প্ৰশিক্ষণ প্ৰদান কৰিছে। জিলাখনৰ হেলেম চার্জ কার্যালয়ৰ অধীনত ৩৮৫ গৰাকী গণনাকাৰী আৰু ৬৫ গৰাকী পৰিদৰ্শক নিয়োগ কৰা হৈছে। একেদৰে গহপুৰ চাৰ্জ কাৰ্যালয়ৰ অধীনত ৩৫৪ গণনাকাৰী আৰু ৬১ গৰাকী পৰিদৰ্শকক সমাগত লোকপিয়লৰ বাবে নিয়োগ কৰা হৈছে। গহপুৰৰ ভা...

July 17, 2026 12:23 PM

views 20

লোকপিয়লৰ দায়িত্বত নিয়োজিত কোনো বিষয়া-কৰ্মচাৰীয়ে দায়িত্ব পালন নকৰিলে ৩ বছৰ পৰ্যন্ত কাৰাবাস আৰু জৰিমণা

লোকপিয়লৰ দায়িত্বত নিয়োজিত কোনো বিষয়া-কৰ্মচাৰীয়ে দায়িত্ব পালন নকৰিলে তিনি বছৰ পৰ্যন্ত কাৰাবাস খাটিব আৰু জৰিমণা ভৰিব লাগিব। লোকপিয়ল সঞ্চালকালয়ৰ নিৰ্দেশনাৰ ভিত্তিত জিলা আয়ুক্তসকলে ১৯৪৮ চনৰ লোকপিয়ল আইনৰ ১১ নম্বৰ অনুচ্ছেদৰ অধীনত এই কঠোৰ নিৰ্দেশ জাৰি কৰিছে। নিৰ্দেশনাত জিলা আয়ুক্তসকলৰ অনুমতি অবিহনে লোকপিয়লৰ দায়িত্বত নিয়োজিত কোনো চৰকাৰী বিষয়া-কৰ্মচাৰীয়ে নৈমিত্তিক ছুটী, শিশু পৰিচৰ্যা ছুটী, আর্জিত ছুটী আদি ল'ব নোৱাৰিব। লোকপিয়লৰ দায়িত্ব পালনত ব্যৰ্থ হ’লে বা লোকপিয়ল সন্দৰ্ভত নেতিবাচক প্রশ...

June 23, 2026 9:36 PM

views 34

ৰাজ্যত জনগণনা ২০২৭ৰ পূৰ্ণগতিত প্রস্তুতি বিভিন্ন জিলা প্ৰশাসনৰ

জনগণনা ২০২৭ৰ বাবে বিভিন্ন জিলা প্রশাসনে পূর্ণগতিত প্রস্তুতি চলাইছে। গোৱালপাৰা জিলা প্রশাসনে ইতিমধ্যে নিযুক্তি দিয়া ক্ষেত্ৰ প্ৰশিক্ষকসকলৰ আজিৰে পৰা তিনি-দিনীয়া প্ৰশিক্ষণ আৰম্ভ কৰিছে। এই প্ৰশিক্ষণ গোৱালপাৰা কৃষি বিভাগৰ প্ৰশিক্ষণ কেন্দ্ৰত অনুষ্ঠিত হৈছে। যোৰহাটতো জিলা আয়ুক্তৰ কাৰ্যালযয়ত আজিৰে পৰা ক্ষেত্ৰ প্ৰশিক্ষকসকলৰ প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ হৈছে। এই প্ৰশিক্ষণত লোকপিয়লৰ প্ৰাথমিক ধাৰণাৰ লগতে তথ্য সংগ্ৰহৰ বিভিন্ন পদ্ধতি, গণনাকাৰী আৰু পর্যবেক্ষকসকলৰ কার্যপ্ৰণালীৰ বিষয়ে বিতংকৈ আলোচোনা কৰা হ'ব। শ...

June 2, 2026 12:34 PM

views 42

ৰাজ্যত অহা ২ আগষ্টৰ পৰা আৰম্ভ হ’ব প্ৰথম পৰ্যায়ৰ লোকপিয়ল

■ ৰাজ্যত অহা ২ আগষ্টত আৰম্ভ হ'বলগীয়া প্ৰথম পৰ্যায়ৰ লোকপিয়লৰ বাবে জিলাই জিলাই ইতিমধ্যে গৃহ তালিকা আৰু গৃহ পিয়ল সম্পর্কীয় প্রশিক্ষণ চলি আছে। ডিব্ৰুগড় আৰু চিৰাং জিলাত কালিৰে পৰা আসন্ন লোকপিয়লৰ বাবে তিনিদিনীয়া প্রশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হৈছে। লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ অধীনত গৃহ তালিকা আৰু গৃহ পিয়লৰ ধাৰণা, পদ্ধতি আৰু কাৰ্যকৰী নিৰ্দেশনাৰ সৈতে বিষয়াসকলক পৰিচিত কৰাৰ উদ্দেশ্যে এই প্ৰশিক্ষণৰ আয়োজন কৰা হৈছে। ডিব্ৰুগড় জিলাত কালি অনুষ্ঠিত প্ৰশিক্ষণত জিলাখনৰ সম-জিলা আয়ুক্ত, অতিৰিক্ত জিলা আয়ুক্ত...

December 13, 2025 12:21 PM

views 58

অহা বছৰৰ এপ্ৰিলৰ পৰা দেশজুৰি ২০২৭ৰ লোকপিয়ল আৰম্ভ হ’ব

অহা বছৰৰ এপ্ৰিলৰ পৰা দেশজুৰি ২০২৭ৰ লোকপিয়ল আৰম্ভ হ'ব। কেন্দ্ৰীয় মন্ত্ৰীসভাই ইয়াৰ বাবে ১১ হাজাৰ ৭১৮ কোটি টকাৰ বাজেটত অনুমোদন জনাইছে। ২০২৭ চনৰ ফেব্ৰুৱাৰী পৰ্যন্ত চলিবলগীয়া এই লোকপিয়ল দুটা পৰ্যায়ত হ'ব। এয়া হ'ব দেশৰ ষোড়শ আৰু স্বাধীনোত্তৰ ভাৰতৰ অষ্টম লোকপিয়ল। কেন্দ্রীয় মন্ত্রী অশ্বিনী বৈষ্ণৱে কালি কেন্দ্ৰীয় মন্ত্ৰীসভাৰ বৈঠকৰ পাছত এখন সংবাদমেলত এই কথা প্ৰকাশ কৰি কয়, যে এই লোকপিয়লত সামাজিক অৱস্থা আৰু জাতিগত গণনাকে ধৰি জনসংখ্যা আৰু গৃহ পিয়ল অন্তৰ্ভুক্ত হ'ব। দেশত প্ৰথমবাৰৰ বাবে এইবাৰ সম্পূৰ...