লোকপিয়ল ২০২৭-ৰ প্ৰথম পৰ্যায়ত গৃহ গণনাৰ ক্ষেত্ৰত হাইলাকান্দি জিলাই ৯৩.৩ শতাংশ কাম সম্পূৰ্ণ কৰি ৰাজ্যৰ ভিতৰতে প্ৰথম স্থান অধিকাৰ কৰিছে।
জিলাখনৰ ৬টা অঞ্চলত গৃহ গণনাৰ কাম ১০০ শতাংশ সম্পূৰ্ণ হৈছে। ৰাজ্যৰ লোকপিয়লৰ উপ-মহা পঞ্জীয়ক ভাৰতী চন্দাই এই বিষয়ে প্ৰকাশ কৰিছে।
জিলাখনৰ আয়ুক্ত জয় বিকাশৰ নেতৃত্বত সুন্দৰভাৱে এই কাম সম্পন্ন হৈছে বুলি তেওঁ প্ৰকাশ কৰিছে। আনহাতে, ৭৪ শতাংশ কাম সম্পূর্ণ কৰি বিশ্বনাথ জিলা দ্বিতীয় স্থানত আছে বুলিও কোৱা হৈছে।
বৰাক উপত্যকাৰ শ্ৰীভূমি আৰু কাছাৰ জিলাত ৩৬ আৰু ১৪ শতাংশ কাম সম্পূৰ্ণ হৈছে বুলি উপ- মহা পঞ্জীয়কগৰাকীয়ে প্ৰকাশ কৰিছে।