September 10, 2026 1:47 PM

views 2

লোকপিয়ল ২০২৭-ৰ প্ৰথম পৰ্যায়ত গৃহ গণনাৰ ক্ষেত্ৰত হাইলাকান্দি জিলাৰ প্ৰথম স্থান অধিকাৰ

লোকপিয়ল ২০২৭-ৰ প্ৰথম পৰ্যায়ত গৃহ গণনাৰ ক্ষেত্ৰত হাইলাকান্দি জিলাই ৯৩.৩ শতাংশ কাম সম্পূৰ্ণ কৰি ৰাজ্যৰ ভিতৰতে প্ৰথম স্থান অধিকাৰ কৰিছে। জিলাখনৰ ৬টা অঞ্চলত গৃহ গণনাৰ কাম ১০০ শতাংশ সম্পূৰ্ণ হৈছে। ৰাজ্যৰ লোকপিয়লৰ উপ-মহা পঞ্জীয়ক ভাৰতী চন্দাই এই বিষয়ে প্ৰকাশ কৰিছে। জিলাখনৰ আয়ুক্ত জয় বিকাশৰ নেতৃত্বত সুন্দৰভাৱে এই কাম সম্পন্ন হৈছে বুলি তেওঁ প্ৰকাশ কৰিছে। আনহাতে, ৭৪ শতাংশ কাম সম্পূর্ণ কৰি বিশ্বনাথ জিলা দ্বিতীয় স্থানত আছে বুলিও কোৱা হৈছে। বৰাক উপত্যকাৰ শ্ৰীভূমি আৰু কাছাৰ জিলাত ৩৬ আৰু ১৪ শতাংশ কাম স...

September 7, 2026 12:17 PM

views 1

হাইলাকান্দিৰ ৰামনাথপুৰ আৰক্ষীৰ অভিযানত ৬ কোটি টকা বজাৰ মূল্যৰ য়াবা টেবলেট জব্দ

হাইলাকান্দিৰ ৰামনাথপুৰ আৰক্ষীয়ে মাদকদ্রব্য বিৰোধী অভিযান চলাই কালি প্ৰায় ৬ কোটি টকা বজাৰ মূল্যৰ য়াবা টেবলেট জব্দ কৰে। আৰক্ষীয়ে ঘটনা সংক্ৰান্তত দুজন লোকক আটক কৰে। ধৃত লোকদুজন ৰফিকুল ইছলাম আৰু ৰছিদ ইছলাম বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। আৰক্ষীয়ে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে।

July 18, 2026 7:04 PM

views 12

প্ৰধানমন্ত্ৰী অনুসূচিত জাতি অভ্যুদয় যোজনাৰ অধীনত আজি হাইলাকান্দিত অনুদান বিতৰণ কার্যসূচী অনুষ্ঠিত

কেন্দ্ৰীয় চৰকাৰৰ প্ৰধানমন্ত্ৰী অনুসূচিত জাতি অভ্যুদয় যোজনাৰ অধীনত আজি হাইলাকান্দিত অনুদান বিতৰণ কার্যসূচী অনুষ্ঠিত হয়। অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযান, অনুসূচিত জাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ সঞ্চালকালয় আৰু জিলা অভিযান ব্যৱস্থাপনা গোটৰ উদ্যোগত হাইলাকান্দিৰ ৰবীন্দ্ৰ সদনত এই কাৰ্যসূচীৰ আয়োজন কৰা হয়। অনুষ্ঠানত জিলা আয়ুক্ত জয় বিকাশ, বিধায়ক ডা০ মিলন দাসকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।এই অনুষ্ঠানত জিলাখনৰ ১৮৫টা অনুসূচিত জাতিৰ আত্মসহায়ক গোটলৈ অনুদান আগবঢ়োৱা হয়। তদুপৰি আত্মসহ...

September 11, 2024 12:11 PM

views 64

হাইলাকান্দিত ৰূপায়ণ হৈ থকা বিভিন্ন আঁচনি আৰু প্রকল্প পর্যালোচনা মন্ত্ৰী অতুল বৰাৰ

● তিনিদিনীয়া ভ্রমণসূচীৰে বৰাক উপত্যকাত উপস্থিত হোৱা কৃষি, পশুপালন, সীমান্ত সুৰক্ষা আৰু উন্নয়ন আদি বিভাগৰ মন্ত্ৰী অতুল বৰাই কালি হাইলাকান্দিত জিলা আয়ুক্তৰ কার্যালয়ৰ সভাকক্ষত জিলাখনত ৰূপায়ণ হৈ থকা বিভিন্ন আঁচনি আৰু প্রকল্প পর্যালোচনা কৰে। এই বৈঠকত মন্ত্ৰীগৰাকীয়ে চুবুৰীয়া ৰাজ্য মিজোৰামৰ সৈতে থকা সীমান্তৱৰ্তী অঞ্চলসমূহত শান্তি-শৃংখলা অটুট ৰখাৰ লগতে দুয়োখন ৰাজ্যৰ মাজত সমন্বয়ৰ এনাজৰী শক্তিশালী কৰাত গুৰুত্ব আৰোপ কৰে। সীমান্ত অঞ্চলত যাতে চৰকাৰী ভূমি বেদখল নহয়, সেই বিষয়ে জিলা প্রশাসনক দৃষ্টি ৰ...