কৃষকৰ পঞ্জীয়ন প্ৰক্ৰিয়াত গাফিলতিৰ অভিযোগত হাইলাকান্দিৰ জিলা কৃষি বিষয়াক নিলম্বন কৰা হৈছে। বিষয়াগৰাকীৰ বিৰুদ্ধে বিভাগীয় তদন্তৰো নিৰ্দেশ দিয়া হৈছে। কৃষি মন্ত্ৰী পীযূষ হাজৰিকাৰ হাইলাকান্দি ভ্ৰমণৰ পাছতে এই নিৰ্দেশ জাৰি কৰা হৈছে। অসম চৰকাৰৰ কৃষি বিভাগৰ সচিব ড° পি উদয় প্রবীণে জিলা কৃষি বিষয়াগৰাকীৰ নিলম্বনৰ নিৰ্দেশত স্বাক্ষৰ কৰিছে। উল্লেখযোগ্য যে কৃষকৰ পঞ্জীয়ন প্ৰক্ৰিয়াত হাইলাকান্দি জিলাত প্রদর্শন সন্তোষজনক নোহোৱা বুলি তথ্য প্ৰকাশৰ পাছতে বিভাগটোৰ সংশ্লিষ্ট বিষয়াসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। ইতিমধ্যে জিলাখনৰ ৫ জন সহকাৰী কৃষি উন্নয়ন বিষয়াক নিলম্বন কৰা হৈছে।
Assamese | October 31, 2026 11:51 AM | Hailakandi
কৃষকৰ পঞ্জীয়ন প্ৰক্ৰিয়াত গাফিলতিৰ অভিযোগত হাইলাকান্দিত কৃষি বিষয়াক নিলম্বন