October 31, 2026 11:53 AM | Kokorajhar

printer

কোকৰাঝাৰ জিলাৰ সোণকোষ নৈৰ জলপৃষ্ঠ হ্ৰাস, আকস্মিক বানৰ আশংকা নাই বুলি জিলা প্ৰশাসনৰ প্ৰকাশ

কোকৰাঝাৰ জিলাত সোণকোষ নৈৰ জলপৃষ্ঠ হ্ৰাস পাইছে আৰু সম্প্ৰতি কোনোধৰণৰ আকস্মিক বানৰ আশংকা নাই বুলি জিলা প্রশাসনে প্ৰকাশ কৰিছে। জিলা প্ৰশাসনে লগতে পৰিস্থিতি নিৰন্তৰ নিৰীক্ষণ কৰি থকা হৈছে বুলি আশ্বাস দি জনসাধাৰণক আতংকিত নহ’বলৈ আহ্বান জনাইছে। ভূটানৰ এটা হিমবাহ হ্রদ বিস্ফোৰণৰ পাছতে সোণকোষকে ধৰি নামনি অংশৰ কেইবাখনো নৈৰ জলপৃষ্ঠ হঠাতে বৃদ্ধি পোৱাৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি কোকৰাঝাৰ জিলা প্ৰশাসনে সতর্কতামূলক জাননী জাৰি কৰিছিল। জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে গোসাইগাঁৱৰ উপ-সংমণ্ডল বিষয়া, চক্র বিষয়া, জিলা প্রকল্প বিষয়া, দুর্যোগ ব্যৱস্থাপনা কর্তৃপক্ষ, এছ ডি আৰ এফ আৰু ক্ষেত্ৰ বিষয়াৰ সৈতে কালি বানপ্ৰৱণ অঞ্চলসমূহ পৰিদৰ্শন কৰি পৰিস্থিতি পর্যবেক্ষণ কৰে। আয়ুক্তগৰাকীয়ে কয়, যে জিলা প্রশাসনে ভূটান কৰ্তৃপক্ষৰ সৈতে সঘন যোগাযোগ অব্যাহত ৰাখিছে। তৃণমূল পৰ্যায়ৰ মূল্যায়ন আৰু বিভিন্ন উৎসৰ পৰা লাভ কৰা তথ্যৰ লগতে সোণকোষ নৈৰ পানীৰ স্তৰ হ্ৰাস পোৱাৰ ওপৰত ভিত্তি কৰি জিলা প্ৰশাসনে আকস্মিক বানৰ আশংকা নাই বুলি প্ৰকাশ কৰিছে। অৱশ্যে প্ৰশাসনে বানপ্ৰৱণ অঞ্চলসমূহত বাস কৰা লোকসকলৰ নিৰাপত্তা আৰু সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে সতর্কতা অৱলম্বন কৰিছে বুলি জিলা আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে।