June 8, 2026 12:54 PM

views 23

কোকৰাঝাৰত মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ কার্যনির্বাহক সভা অনুষ্ঠিত

কোকৰাঝাৰ জিলাত মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ এখন কার্যনির্বাহক সভা আজি অনুষ্ঠিত হয়। সভাৰ অন্তত এখন সংবাদমেলত শিক্ষক আৰু কৰ্মচাৰী সন্থাই শিক্ষা বিভাগৰ বিভিন্ন সমস্যা আৰু দাবীসমূহৰ বিষয়ে আলোচনা কৰা হয় বুলি প্ৰকাশ কৰে। সন্থাই মাধ্যমিক বিদ্যালয়ত স্থায়ী প্রধান শিক্ষকৰ নিযুক্তি প্ৰদানৰ বাবে চৰকাৰক ধন্যবাদ জনায়। সন্থাই লগতে এতিয়াও নিযুক্তি সম্পূৰ্ণ নোহোৱা জিলাসমূহত শীঘ্ৰেই ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনায়। তদুপৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহত অধ্যক্ষ নিযুক্তিৰ বাবে প্ৰকাশিত বিজ্ঞাপনত ভাৰ...

December 6, 2025 12:21 PM

views 57

কোকৰাঝাৰত ২৫ সংখ্যক বড়োলেণ্ড ছহিদ গ’ল্ড কাপ ফুটবল চেম্পিয়নশ্বিপ আৰম্ভ

কোকৰাঝাৰ জিলা ক্রীড়া সন্থাৰ খেল পথাৰত কালি সন্ধিয়া ২৫ সংখ্যক বড়োলেণ্ড ছহিদ গ'ল্ড কাপ ফুটবল চেম্পিয়নশ্বিপ আৰম্ভ হয়। বি টি চিৰ কাৰ্যবাহী সদস্য দেবহাছাৎ বসুমতাৰীয়ে প্রতিযোগিতাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। কালিৰ উদ্বোধনী খেলত বিজনীৰ ফেৰেংগা ফুটবল ক্লাৱে কচুগাঁৱৰ বৰদ্বি চিখলা স্পর্টছ ক্লাবক ৩-০ গ'লৰ ব্যৱধানত পৰাস্ত কৰে। ফেৰেংগা এফ চি চিমাং ব্ৰহ্মক প্লেয়াৰ অৱ দা মেচ ঘোষণা কৰা হয়। বড়ো আন্দোলনৰ সময়ত জীৱন উৎসৰ্গা কৰা ছহিদসকলৰ স্মৃতিত প্ৰতিবছৰে এই ফুটবল প্রতিযোগিতাৰ আয়োজন কৰা হয়। প্রতিযোগিতাত বিজয়ী দলটোক...

March 25, 2025 8:15 PM

views 45

৩৮ সংখ্যক শ্রীলংকা ইণ্টাৰনেচনেল অ’পেন মাষ্টাৰ্ছ এথলেটিক্‌ছ চেম্পিয়নশ্বিপলৈ কোকৰাঝাৰৰ ৪ গৰাকী প্ৰবীণ খেলুৱৈৰ যোগ্যতা অৰ্জন

শ্রীলংকাত অহা ৪ৰ পৰা ৬ জুলাইলৈ হ'বলগীয়া ৩৮ সংখ্যক শ্রীলংকা ইণ্টাৰনেচনেল অ'পেন মাষ্টাৰ্ছ এথলেটিক্‌ছ চেম্পিয়নশ্বিপলৈ কোকৰাঝাৰৰ ৪ গৰাকী প্ৰবীণ খেলুৱৈয়ে যোগ্যতা অৰ্জন কৰিছে। অঞ্জলি স্বৰ্গীয়াৰী, সোণেশ্বৰী বসুমতাৰী, সিংখাউৰি বসুমতাৰী আৰু ললিত বসুমতাৰী নামৰ খেলুৱৈ চাৰিগৰাকীয়ে ৪ জুলাইত ভাৰতীয় দলৰ অন্যান্য খেলুৱৈৰ সৈতে দেশখনত উপস্থিত হ'ব।  

January 2, 2025 8:02 PM

views 68

কাইলৈ আনুষ্ঠানিকভাৱে মুকলি আকাশবাণী কোকৰাঝাৰ কেন্দ্ৰৰ নতুন এফ এম ট্রান্সমিটাৰ

আকাশবাণী কোকৰাঝাৰ কেন্দ্ৰৰ ১০ কিলোৱাট শক্তি সম্পন্ন নতুন এফ এম ট্রান্সমিটাৰটো কাইলৈ আনুষ্ঠানিকভাৱে ৰাইজৰ সেৱাত উৎসৰ্গিত কৰা হ'ব। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কাইলৈ গুৱাহাটীত আয়োজিত এটা অনুষ্ঠানত ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে এই ট্রান্সমিটাৰটো আনুষ্ঠানিকভাৱে মুকলি কৰিব। অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্য, মুখ্যমন্ত্রী ডº হিমন্ত বিশ্ব শৰ্মা, আকাশবাণীৰ সঞ্চালক প্ৰধান প্ৰজ্ঞা পালিৱাল গৌড় আৰু আন কেইবাগৰাকীও বিশিষ্ট ব্যক্তি গুৱাহাটীত উপস্থিত থাকিব। এই উপলক্ষে একে সময়তে কোকৰাঝাৰ বি...

December 21, 2024 8:09 PM

views 65

কোকৰাঝাৰত মেলেৰিয়াত আক্রান্তৰ সংখ্যা বৃদ্ধি পোৱা অঞ্চলসমূহ হটস্পট হিচাপে ঘোষণা

কোকৰাঝাৰ জিলাৰ বিভিন্ন অঞ্চলত মেলেৰিয়াত আক্রান্ত লোকৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনে এই অঞ্চলসমূহক হটস্পট হিচাপে ঘোষণা কৰিছে। জিলাখনৰ লুংচুং, সৰলপাৰা আৰু উল্টাপানীকে ধৰি অঞ্চলসমূহক হটস্পট হিচাপে চিনাক্ত কৰা হৈছে। ভাৰতীয় তেল নিগমৰ বঙাইগাঁও শোধনাগাৰে জিলাখনত এই ৰোগৰ প্ৰাদুৰ্ভাবৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনক ২৮ হাজাৰ ৫০০ খন ঔষধযুক্ত আঁঠুৱা যোগান ধৰে। শোধনাগাৰৰ কাৰ্যবাহী সঞ্চালক তথা মুৰববী এন কে বৰুৱাই জিলা আয়ুক্ত মাছান্দা এম মার্টিনক কালি এই আঁঠুৱাসমূহ প্ৰদা...

August 20, 2024 8:07 PM

views 66

ৰাষ্ট্ৰীয় মহাকাশ দিৱসৰ সৈতে সংগতি ৰাখি কোকৰাঝাৰ জিলাৰ তাৰকাগৃহ আৰু বিজ্ঞান কেন্দ্ৰ মুকলি

ৰাষ্ট্ৰীয় মহাকাশ দিৱসৰ সৈতে সংগতি ৰাখি কোকৰাঝাৰ জিলাৰ তাৰকাগৃহ আৰু বিজ্ঞান কেন্দ্ৰটো আজি মুকলি কৰা হয়। ৪ বছৰ ধৰি বিকল হৈ থকা কেন্দ্ৰটো বিধায়ক লৰেন্স ইছলাৰীয়ে উদ্বোধন কৰে। এতিয়াৰে পৰা বড়োলেণ্ডৰ ছাত্ৰ-ছাত্ৰীসকলে সহজে সৌৰজগত তাৰকামণ্ডলসহ জ্যোতির্বিজ্ঞানৰ তথ্যসমূহ লাভ কৰিব। উল্লেখযোগ্য যে ২০২০ চনৰ ১০ ফ্ৰেব্ৰুৱাৰীত তেতিয়াৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কেন্দ্ৰটো উদ্বোধন কৰিছিল। উদ্বোধনৰ কিছুদিন পাছতেই কৰণা মহামাৰীৰ বাবে কেন্দ্ৰটো বন্ধ হৈ পৰিছিল ৷ ইয়াৰ পাছতে প্রধান প্রমোদ বড়ো নেতৃত্বাধীন বি...

May 13, 2024 8:32 PM

views 49

কোকৰাঝাৰ জিলাৰ শক্তি আশ্ৰমত কোচ-ৰাজবংশী জনগোষ্ঠীৰ কৃষিপ্ৰধান বিষুৱা উৎসৱ উদযাপন

 কোকৰাঝাৰ জিলাৰ শক্তি আশ্ৰমত আজি কোচ-ৰাজবংশী জনগোষ্ঠীৰ কৃষিপ্ৰধান বিষুৱা উৎসৱ উদযাপন কৰা হয়। আজি পুৱাৰ ভাগত পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, গছপুলি ৰোপণ আদিৰ লগতে বিভিন্ন খেল- ধেমালি অনুষ্ঠিত হয়। বিয়লিৰ ভাগত নৃত্য-প্ৰতিযোগিতা আৰু সাংস্কৃতিক কাৰ্যসূচী গ্ৰহণ কৰা হয়। কাইলৈ সাংস্কৃতিক সন্ধিয়াত জনপ্রিয় শিল্পীয়ে সংগীতানুষ্ঠান পৰিৱেশন কৰিব।