October 29, 2026 12:21 PM | Kokorajhar

printer

কোকৰাঝাৰত আজি খেলো ইণ্ডিয়া অস্মিতা পূব মণ্ডল হকী লীগৰ ফাইনেল খেল

কোকৰাঝাৰত চলি থকা খেলো ইণ্ডিয়া অস্মিতা পূব মণ্ডল হকী লীগৰ ফাইনেল খেল দুখন আজি অনুষ্ঠিত হ’ব। আজি দুপৰীয়া চাৰে ১২ বজাত হ’বলগীয়া চাব জুনিয়ৰ শাখাৰ ফাইনেলত মিজোৰামে ওড়িশাৰ বিৰুদ্ধে খেলিব। আনহাতে, দিনৰ আঢ়ৈ বজাত হ’বলগীয়া জুনিয়ৰ শাখাৰ ফাইনেলত ওড়িশা, টাটা হকী হাই পাৰফমেন্স চেণ্টাৰৰ মুখামুখি হ’ব। উল্লেখযোগ্য যে ২৫ অক্টোবৰৰ পৰা আৰম্ভ হোৱা এই প্রতিযোগিতাত অসমসহ মুঠ ৮খন ৰাজ্যই অংশগ্ৰহণ কৰিছে।