June 8, 2026 12:54 PM | Kokorajhar

printer

কোকৰাঝাৰত মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ কার্যনির্বাহক সভা অনুষ্ঠিত

কোকৰাঝাৰ জিলাত মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ এখন কার্যনির্বাহক সভা আজি অনুষ্ঠিত হয়। সভাৰ অন্তত এখন সংবাদমেলত শিক্ষক আৰু কৰ্মচাৰী সন্থাই শিক্ষা বিভাগৰ বিভিন্ন সমস্যা আৰু দাবীসমূহৰ বিষয়ে আলোচনা কৰা হয় বুলি প্ৰকাশ কৰে। সন্থাই মাধ্যমিক বিদ্যালয়ত স্থায়ী প্রধান শিক্ষকৰ নিযুক্তি প্ৰদানৰ বাবে চৰকাৰক ধন্যবাদ জনায়। সন্থাই লগতে এতিয়াও নিযুক্তি সম্পূৰ্ণ নোহোৱা জিলাসমূহত শীঘ্ৰেই ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনায়। তদুপৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহত অধ্যক্ষ নিযুক্তিৰ বাবে প্ৰকাশিত বিজ্ঞাপনত ভাৰপ্ৰাপ্ত অধ্যক্ষসকলৰ ক্ষেত্ৰত বয়সৰ উচ্চসীমা শিথিল কৰাৰ দাবী উত্থাপন কৰে।