কোকৰাঝাৰ জিলাৰ বিভিন্ন অঞ্চলত মেলেৰিয়াত আক্রান্ত লোকৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনে এই অঞ্চলসমূহক হটস্পট হিচাপে ঘোষণা কৰিছে। জিলাখনৰ লুংচুং, সৰলপাৰা আৰু উল্টাপানীকে ধৰি অঞ্চলসমূহক হটস্পট হিচাপে চিনাক্ত কৰা হৈছে। ভাৰতীয় তেল নিগমৰ বঙাইগাঁও শোধনাগাৰে জিলাখনত এই ৰোগৰ প্ৰাদুৰ্ভাবৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনক ২৮ হাজাৰ ৫০০ খন ঔষধযুক্ত আঁঠুৱা যোগান ধৰে। শোধনাগাৰৰ কাৰ্যবাহী সঞ্চালক তথা মুৰববী এন কে বৰুৱাই জিলা আয়ুক্ত মাছান্দা এম মার্টিনক কালি এই আঁঠুৱাসমূহ প্ৰদান কৰে। জিলা প্ৰশাসনে তৈল প্রতিষ্ঠানটোক এনে পদক্ষেপৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছে।
Assamese | December 21, 2024 8:09 PM | Kokorajhar
কোকৰাঝাৰত মেলেৰিয়াত আক্রান্তৰ সংখ্যা বৃদ্ধি পোৱা অঞ্চলসমূহ হটস্পট হিচাপে ঘোষণা