October 31, 2026 11:34 AM | sarder ballav bhai patel

printer

লৌহমানৱ চৰ্দাৰ বল্লবভাই পেটেলৰ জয়ন্তী আজি ৰাষ্ট্ৰীয় একতা দিৱস হিচাপে পালন

আধুনিক ভাৰতৰ ৰূপকাৰ তথা স্বাধীনতা সংগ্রামী চৰ্দাৰ বল্লবভাই পেটেলৰ আজি ১৫১ সংখ্যক জয়ন্তী। চৰ্দাৰ বল্লবভাই পেটেলৰ জন্মদিনটো আজি ৰাষ্ট্ৰীয় একতা দিৱস হিচাপে পালন কৰা হৈছে।

লৌহ মানৱৰূপে পৰিচিত চৰ্দাৰ বল্লবভাই পেটেলে দেশৰ প্ৰথমগৰাকী উপ প্রধানমন্ত্ৰীৰূপে আৰু গৃহমন্ত্ৰী হিচাপে উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছিল। তেওঁ ৫৬০ খনতকৈও সৰু সৰু দেশীয় ৰাজ্য একগোট কৰি শক্তিশালী ভাৰত নিৰ্মাণৰ যাত্ৰাত অৰিহণা যোগাইছিল। ৰাষ্ট্ৰীয় একতা আৰু ৰাজনৈতিক সংহতিৰ অৰ্থে চৰ্দাৰ বল্লবভাই পেটেলে আগবঢ়োৱা অৱদানৰ বাবে তেওঁৰ জন্মদিনটো ৰাষ্ট্ৰীয় একতা দিৱস হিচাপে পালন কৰি অহা হৈছে।

চৰ্দাৰ পেটেলৰ আদৰ্শ আৰু ঐতিহ্যক স্মৰণ কৰাৰ উদ্দেশ্যে আজি বিভিন্ন চৰকাৰী প্ৰতিষ্ঠান আৰু শিক্ষানুষ্ঠানত একতাৰ প্ৰতিজ্ঞা, সাংস্কৃতিক অনুষ্ঠান আৰু সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। এই অনুষ্ঠানত ৰাষ্ট্ৰীয় সংহতি, শান্তি আৰু ভাতৃত্ববোধৰ বাৰ্তাৰে আজি একতাৰ দৌৰ কাৰ্যসূচীও অনুষ্ঠিত কৰা হৈছে।

চৰ্দাৰ পেটেলৰ জয়ন্তীৰ সৈতে সংগতি ৰাখি কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে প্ৰদান কৰা চৰ্দাৰ পেটেল স্মাৰক বক্তৃতা আকাশবাণীয়ে আজি নিশা চাৰে ৯ বজাত প্ৰচাৰ কৰিব। ৬৭ সংখ্যক চৰ্দাৰ পেটেল স্মাৰক বক্তৃতা প্ৰদান কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, যে প্রয়াত নেতাগৰাকীৰ লক্ষ্য, ত্যাগ আৰু নেতৃত্বই দেশৰ একতা আৰু অখণ্ডতাৰ ভেটি গঢ়িছিল।

উল্লেখযোগ্য যে স্বাধীন ভাৰতৰ প্ৰথমগৰাকী তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী হিচাপে সেৱা আগবঢ়োৱা পেটেলৰ সন্মানার্থে আকাশবাণীয়ে ১৯৫৫ চনৰে পৰা চৰ্দাৰ পেটেল স্মাৰক বক্তৃতাৰ আয়োজন কৰি আহিছে।