October 31, 2026 11:34 AM

views 3

লৌহমানৱ চৰ্দাৰ বল্লবভাই পেটেলৰ জয়ন্তী আজি ৰাষ্ট্ৰীয় একতা দিৱস হিচাপে পালন

আধুনিক ভাৰতৰ ৰূপকাৰ তথা স্বাধীনতা সংগ্রামী চৰ্দাৰ বল্লবভাই পেটেলৰ আজি ১৫১ সংখ্যক জয়ন্তী। চৰ্দাৰ বল্লবভাই পেটেলৰ জন্মদিনটো আজি ৰাষ্ট্ৰীয় একতা দিৱস হিচাপে পালন কৰা হৈছে। লৌহ মানৱৰূপে পৰিচিত চৰ্দাৰ বল্লবভাই পেটেলে দেশৰ প্ৰথমগৰাকী উপ প্রধানমন্ত্ৰীৰূপে আৰু গৃহমন্ত্ৰী হিচাপে উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছিল। তেওঁ ৫৬০ খনতকৈও সৰু সৰু দেশীয় ৰাজ্য একগোট কৰি শক্তিশালী ভাৰত নিৰ্মাণৰ যাত্ৰাত অৰিহণা যোগাইছিল। ৰাষ্ট্ৰীয় একতা আৰু ৰাজনৈতিক সংহতিৰ অৰ্থে চৰ্দাৰ বল্লবভাই পেটেলে আগবঢ়োৱা অৱদানৰ বাবে তেওঁৰ জন্মদিন...